< Apostlenes-gjerninge 12 >
1 På denne tid la kong Herodes hånd på nogen av menigheten og mishandlet dem.
১সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে
2 Jakob, Johannes' bror, avlivet han med sverd,
২আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷
3 og da han så at det var jødene til behag, grep han dessuten også Peter - det var de usyrede brøds dager -
৩এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷
4 og da han hadde grepet ham, kastet han ham i fengsel, og overlot til fire vaktskifter av stridsmenn, hvert på fire mann, å passe på ham, da han efter påsken vilde føre ham frem for folket.
৪পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷
5 Så holdt de da vakt over Peter i fengslet; men det blev gjort inderlig bønn til Gud for ham av menigheten.
৫এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷
6 Da nu Herodes skulde til å føre ham frem, sov Peter den natt mellem to stridsmenn, bundet med to lenker, og vaktmenn utenfor døren passet på fengslet.
৬পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷
7 Og se, en Herrens engel stod der, og et lys skinte i fangerummet, og han støtte Peter i siden og vekket ham op og sa: Skynd dig og stå op! Og lenkene falt av hans hender.
৭সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷
8 Og engelen sa til ham: Bind op om dig og knyt dine sko på dig! Han gjorde så. Og han sier til ham: Kast din kappe om dig, og følg mig!
৮দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷”
9 Han gikk da ut og fulgte ham, og han forstod ikke at det som engelen gjorde, var virkelig, han trodde han så et syn.
৯পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷
10 De gikk da gjennem den første vakt og den annen, og kom til den jernport som førte ut til byen; den åpnet sig for dem av sig selv, og de trådte ut og gikk en gate frem, og straks skiltes engelen fra ham.
১০এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷
11 Da kom Peter til sig selv og sa: Nu vet jeg for visst at Herren har utsendt sin engel og fridd mig ut av Herodes' hånd og av alt det som jødefolket hadde ventet på.
১১তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷”
12 Da han nu hadde sanset sig, gikk han bort til det hus som eides av Maria, mor til Johannes som kaltes med tilnavn Markus; der var mange samlet og holdt bønn.
১২ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷
13 Og da han banket på porten, kom det en tjenestepike ved navn Rode ut for å høre efter,
১৩তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷
14 og da hun kjente Peters røst, blev hun så glad at hun ikke åpnet porten, men løp inn og fortalte at Peter stod utenfor
১৪তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷
15 De sa til henne: Du er fra sans og samling. Men hun forsikret at det var således. Da sa de: Det er hans engel.
১৫তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷”
16 Men Peter blev ved å banke på, de lukket da op og så ham, og de blev forferdet.
১৬কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷
17 Han vinket da til dem med hånden at de skulde tie stille, og han fortalte dem hvorledes Herren hadde ført ham ut av fengslet, og sa: Fortell dette til Jakob og brødrene! Så gikk han bort og drog til et annet sted.
১৭পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷
18 Da det nu blev dag, var det ikke lite opstyr blandt stridsmennene; de undret sig over hvad det vel var blitt av Peter.
১৮পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷
19 Herodes lot lete efter ham, men fant ham ikke; han tok da vaktmennene i forhør og bød at de skulde føres bort; og han drog ned fra Judea til Cesarea og opholdt sig der.
১৯তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷
20 Han var meget forbitret på tyrierne og sidonierne; men de enedes om å trede frem for ham, og efterat de hadde fått Blastus, kongens kammerherre, på sin side, bad de om fred, fordi deres land hadde sin næring fra kongens.
২০তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
21 På en fastsatt dag klædde da Herodes sig i kongelig skrud og satte sig på sin trone og holdt en tale til dem,
২১এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷
22 og folket ropte til ham: Dette er Guds røst, og ikke et menneskes.
২২তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
23 Straks slo en Herrens engel ham, fordi han ikke gav Gud æren, og han blev fortært av ormer og opgav ånden.
২৩কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
24 Men Guds ord hadde fremgang og utbredte sig.
২৪কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল৷
25 Og Barnabas og Saulus vendte tilbake fra Jerusalem efterat de hadde fullført sin tjeneste, og de tok med sig derfra Johannes som kaltes med tilnavn Markus.
২৫এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷