< 2 Tessalonikerne 3 >

1 For øvrig, brødre, bed for oss at Herrens ord må ha fremgang og bli forherliget likesom hos eder,
শেষতে, হে ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰক। প্ৰার্থনা কৰক যাতে আপোনালোকৰ মাজত প্ৰভুৰ বাক্য যেনেকৈ দ্রুতগতিত প্ৰসাৰিত হৈছিল, তেনেকৈ বিস্তাৰিত আৰু গৌৰৱাম্বিত হওক;
2 og at vi må bli fridd fra de vrange og onde mennesker; for troen er ikke alles sak.
প্ৰার্থনা কৰক যেন দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা আমি ৰক্ষা পাওঁ; কিয়নো, সকলো লোকৰ যে বিশ্বাস আছে, এনে নহয়।
3 Men Herren er trofast; han skal styrke eder og bevare eder fra det onde.
কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
4 Vi har den tillit til eder i Herren at I både gjør og herefter vil gjøre det vi byder eder.
আপোনালোকৰ সম্বন্ধে প্ৰভুত আমাৰ দৃঢ় বিশ্বাস আছে যে, আমি দিয়া সকলো আদেশ আপোনালোকে পালন কৰিছে আৰু আগলৈও কৰি থাকিব।
5 Og Herren styre eders hjerter til å elske Gud og til å vente på Kristus med tålmodighet!
প্ৰভুৱে আপোনালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ সহনশীলতাৰ পথত চলাওঁক।
6 Men vi byder eder, brødre, i vår Herre Jesu Kristi navn at I skal dra eder tilbake fra enhver bror som vandrer utilbørlig og ikke efter den lærdom som de fikk av oss.
ভাইসকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।
7 I vet jo selv hvorledes I bør efterfølge oss; for vi levde ikke utilbørlig iblandt eder,
কিয়নো আমাৰ অনুকাৰী কেনেকৈ হ’ব লাগে, সেই বিষয়ে আপোনালোকে নিজে জানে। আপোনালোকৰ মাজত থকাৰ সময়ত আমি এলেহুৱা হৈ অনিয়মত চলা নাছিলোঁ;
8 heller ikke åt vi brød hos nogen for intet, men med strev og møie arbeidet vi natt og dag, forat vi ikke skulde være nogen av eder til byrde;
মূল্য নিদিয়াকৈ আমি কাৰো আহাৰ গ্ৰহণ কৰা নাছিলোঁ। ইয়াৰ পৰিৱর্তে আমি আপোনালোকৰ ওপৰত বোজা নহবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম আৰু কষ্টেৰে কাম কৰিছিলোঁ৷
9 ikke fordi vi ikke har rett til det, men for å gi eder et forbillede i oss, forat I skulde efterfølge oss;
ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু আপোনালোক যেন আমাৰ অনুকাৰী হয়, তাৰ বাবে আপোনালোকৰ ওচৰত আমি আৰ্হি হবলৈহে ইয়াকে কৰিলোঁ।
10 for da vi var hos eder, bød vi eder jo og dette at hvis nogen ikke vil arbeide, skal han heller ikke ete.
১০কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো গ্ৰহন নকৰক, এই বুলি আপোনালোকৰ মাজত থাকোতেই, আমি আপোনালোকক আদেশ দিছিলোঁ।
11 For vi hører at nogen iblandt eder vandrer utilbørlig og ikke arbeider, men gir sig av med ting som ikke kommer dem ved.
১১কাৰণ, আমি শুনিবলৈ পাওঁ যে, আপোনালোকৰ কোনো কোনোৱে এলেহুৱা হৈ অনিয়মত চলি আছে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চ্চা কৰি ফুৰে।
12 Men sådanne byder og formaner vi i den Herre Jesus Kristus at de skal arbeide i stillhet og ete sitt eget brød.
১২এনে লোক সকলক আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আদেশ আৰু উপদেশ দিওঁ, তেওঁলোকে শান্তভাবে কাম কৰি নিজৰ নিজৰ আহাৰ ভোজন কৰক।
13 Men I, brødre, bli ikke trette av å gjøre det som rett er!
১৩হে ভাইসকল, সৎ কাম কৰিবলৈ যাওতে আপোনালোক কেতিয়াও নিৰুৎসাহ নহ’ব।
14 Men dersom nogen ikke lyder vårt ord her i brevet, da merk eder ham; ha ingen omgang med ham, forat han må gå i sig selv,
১৪এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে আপোনালোকে সেই মানুহক চিনি ৰাখিব আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিব;
15 og hold ham ikke for en fiende, men forman ham som en bror!
১৫কিন্তু তেওঁক শত্ৰুৰদৰে জ্ঞান নকৰিব, বৰং ভাই বুলি চেতনা দিয়ক।
16 Og han, fredens Herre, gi eder fred alltid, i alle måter! Herren være med eder alle!
১৬এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলোভাৱে আপোনালোকক শান্তি দান কৰক। প্ৰভু আপোনালোক সকলোৰে সঙ্গী হওক।
17 Hilsen med min, Paulus' hånd; dette er et merke i hvert brev; således skriver jeg:
১৭মোৰ এই শুভেচ্ছা, মই পৌলে নিজ হাতে লিখিলোঁ; এয়েই মোৰ প্ৰত্যেক পত্ৰৰ চিন; মই এনেকৈয়ে লিখোঁ।
18 Vår Herre Jesu Kristi nåde være med eder alle!
১৮আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।

< 2 Tessalonikerne 3 >