< 1 Kongebok 4 >

1 Kong Salomo var konge over hele Israel.
চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।
2 Og dette var hans fornemste menn: Asarja, sønn av Sadok, var prest;
এওঁলোক তেওঁৰ বিষয়া আছিল: চাদোকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল৷
3 Elihoref og Akia, sønner av Sisa, var statsskrivere; Josafat, Akiluds sønn, var historieskriver;
চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস-লিখক আছিল৷
4 Benaja, Jojadas sønn, var høvding over hæren; Sadok og Abjatar var prester;
যিহোয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল৷ চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল৷
5 Asarja, Natans sønn, var over fogdene; Sabud, Natans sønn, var prest, kongens venn;
নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷
6 Akisar var slottshøvding; Adoniram, Abdas sønn, hadde opsyn med dem som gjorde pliktarbeid.
অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল।
7 Salomo hadde satt tolv fogder over hele Israel; de forsynte kongen og hans hus med fødevarer; en måned om året hadde hver av dem å forsyne ham.
চলোমনে গোটেই ইস্ৰায়েলৰ ওপৰত নিযুক্ত কৰা বাৰ জন বিষয়া আছিল, তেওঁলোকে ৰজাৰ আৰু ৰাজগৃহৰ বাবে খোৱা বস্তুৰ যোগান ধৰিছিল৷ বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল।
8 Dette var deres navn: Hurs sønn på Efra'im-fjellet;
তেওঁলোকৰ নামবোৰ আছিল: ইফ্ৰয়িম পৰ্ব্বতৰ বিন-হূৰ,
9 Dekers sønn i Makas og Sa'albim og Bet-Semes og Elon-Bet-Hanan;
মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;
10 Heseds sønn i Arubbot; han hadde Soko og hele Hefer-bygden;
১০আৰু অৰুব্বোতত বিন-হেচদ, তেওঁৰ অধীনত চোকো আৰু হেফৰ প্ৰদেশ আছিল৷
11 Abinadabs sønn hadde hele Dors høiland; han hadde Tafat, Salomos datter, til hustru;
১১অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল,
12 Ba'ana, Akiluds sønn, hadde Ta'anak og Megiddo og hele Bet-Sean, som ligger ved siden av Sartan nedenfor Jisre'el, fra Bet-Sean til Abel-Mehola og bortenfor Jokmeam;
১২তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷
13 Gebers sønn i Ramot i Gilead; han hadde Ja'irs, Manasses sønns byer i Gilead; han hadde også Argob-bygden i Basan, seksti store byer med murer og kobberbommer;
১৩ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
14 Akinadab, Iddos sønn, hadde Mahana'im;
১৪মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷
15 Akima'as i Naftali; også han hadde tatt en datter av Salomo til hustru; hun hette Basmat;
১৫নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল,
16 Ba'ana, sønn av Husai, i Aser og i Alot;
১৬আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
17 Josafat, sønn av Paruah, Issakar;
১৭ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
18 Sime'i, sønn av Ela, i Benjamin;
১৮বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
19 Geber, sønn av Uri, i Gileads land - det land som amoritterkongen Sihon og Basans konge Og hadde hatt - han var den eneste foged i de bygder.
১৯আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
20 Juda og Israel var så mange som sanden ved havet; de åt og drakk og var glade.
২০যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।
21 Og Salomo rådet over alle kongerikene fra elven til filistrenes land og like til Egyptens landemerke; de kom med gaver og tjente Salomo så lenge han levde.
২১চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
22 Av fødevarer gikk det hos Salomo for hver dag med tretti kor fint mel og seksti kor vanlig mel,
২২চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি,
23 ti gjødde okser og tyve drifteokser og hundre stykker småfe foruten hjorter og rådyr og dådyr og gjødde fugler.
২৩দহোটা পুষ্ট ষাঁড় গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু আৰু পুষ্ট পক্ষী।
24 For han rådet over hele landet vestenfor elven, fra Tifsah like til Gasa, over alle kongene vestenfor elven, og han hadde fred på alle kanter rundt omkring.
২৪কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
25 Og Juda og Israel bodde trygt, hver mann under sitt vintre og under sitt fikentre, fra Dan like til Be'erseba, så lenge Salomo levde.
২৫চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
26 Salomo hadde firti tusen stallrum for sine vognhester og tolv tusen hestfolk.
২৬চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
27 De fogder som er nevnt ovenfor, forsynte hver sin måned kong Salomo og alle som gikk til kong Salomos bord; de lot det ikke fattes på noget.
২৭প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷
28 Og bygget og halmen til vognhestene og traverne førte de til det sted hvor det skulde være, hver efter som det var ham foreskrevet.
২৮তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।
29 Gud gav Salomo visdom og overmåte megen innsikt og en forstand vidt omfattende som sanden på havets bredd.
২৯ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
30 Salomos visdom var større enn alle Østens barns visdom og all egypternes visdom.
৩০তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।
31 Han var visere enn alle mennesker - visere enn esrahitten Etan og Mahols sønner Heman og Kalkol og Darda, og hans navn var kjent blandt alle hedningefolkene rundt omkring.
৩১তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল।
32 Han laget tre tusen ordsprog, og hans sanger var et tusen og fem.
৩২তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল।
33 Han talte om trærne, fra sederen på Libanon til isopen som vokser ut på veggen, og han talte om dyrene og om fuglene og om krypet og om fiskene.
৩৩তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল।
34 Og de kom fra alle folk for å høre Salomos visdom, fra alle jordens konger som hadde hørt om hans visdom.
৩৪সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যি জনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল, তেৱেঁই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল।

< 1 Kongebok 4 >