< जकरिया 3 >
1 त्यसपछि परमप्रभुले मलाई प्रधान पुजारी यहोशू परमप्रभुको स्वर्गदूतको अगि उभिएका देखाउनुभयो र शैतान तिनलाई पापको दोष लगाउनको निम्ति तिनको दाहिने हात तिर उभिरहेको थियो ।
১তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে।
2 परमप्रभुका स्वर्गदूतले शैतानलाई भने, “ए शैतान, परमप्रभुले तँलाई हप्काऊन् । यरूशलेमलाई चुन्नुहुने परमप्रभुले तँलाई हप्काऊन्! के यो मानिस आगोबाट निकालिएको अगुल्टो होइन र?”
২তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?”
3 स्वर्गदूतको अगि उभिँदा यहोशूले फोहोर लुगा लगाएका थिए ।
৩সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল,
4 अनि स्वर्गदूतले आफ्नो अगि उभिरहेकाहरूलाई भने, “त्यसबाट ती फोहोर लुगाहरू फुकालिदेओ ।” अनि तिनले यहोशूलाई भने, “हेर! मैले तिम्रा पाप तिमीबाट अलग गराइदिएको छु र म तिमीलाई असल लुगा लगाइदिनेछु ।”
৪সেইবাবে দূতে ক’লে আৰু তেওঁৰ আগত থিয় হৈ থকাসকলক ক’লে, “এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ সোলোকাই পেলোৱা।” তেতিয়া তেওঁ যিহোচূৱাক ক’লে, “চোৱা! মই তোমাৰ অপৰাধ তোমাৰ পৰা আতৰালোঁ, আৰু মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম।”
5 त्यसपछि मैले भनें, “तिनीहरूले तिनको शिरमा एउटा सफा फेटा लगाइदिऊन्!” यसैले परमप्रभुका स्वर्गदूत उभिरहँदा नै तिनीहरूले यहोशूको शिरमा सफा फेटा लगाइदिए र तिनलाई सफा लुगा पहिराइदिए ।
৫মই কলোঁ, “তেওঁৰ মূৰত তোমালোকে এটা পাগুৰি পিন্ধাই দিয়া!” এইদৰে যিহোৱাৰ দূত যেতিয়া তেওঁলোকৰ ওচৰত থিয় হৈ আছিল, তেতিয়া তেওঁলোকে যিহোচূৱাৰ মুৰত এটা শুচি পাগুৰি পিন্ধাই দিলে, আৰু তেওঁক বস্ত্ৰ পিন্ধালে।
6 त्यसपछि परमप्रभुका स्वर्गदूतले यहोशूलाई यस्तो कडा आज्ञा दिए,
৬তাৰ পাছত যিহোৱাৰ দূতজনাই যিহোচূৱাক শ্রদ্ধাৰে আজ্ঞা কৰি ক’লে,
7 “सेनाहरूका परमप्रभु यस्तो भन्नुहुन्छ, तँ मेरा मार्गमा हिँडिस्, र मेरा आज्ञाहरू पालन गरिस् भने, तैंले मेरो भवनको जिम्मा लिनेछस् र मन्दिरको सुरक्षा गर्नेछस्, किनकि यहाँ मेरो सामु उभिएकाहरूमध्ये म तँलाई भित्र आउन र बाहिर जान दिनेछु ।
৭“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা; কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।
8 प्रधान पुजारी यहोशू, र तँसँगै बस्ने तेरा साथीहरू, सुन! किनकि यी मानिसहरू चिन्ह हुन्, तर म आफैँले नै मेरा दास अर्थात् हाँगोलाई ल्याउनेछु ।
৮হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা! কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।
9 अब मैले यहोशूको सामु राखिदिएको ढुङ्गोलाई हेर् । यो एउटा ढुङ्गोमा सात आँखाहरू छन्, र म एउटा शिलालेख खोप्नेछु, परमप्रभु घोषणा गर्नुहुन्छ, अनि म एक दिनमा नै यस भूमिबाट पाप मेटाउनेछु।
৯এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
10 त्यस दिनमा हरेक मानिसले आफ्नो छिमेकीलाई आफ्नो दाखको बोट र अन्जिरको रूखमुनि बस्न निम्तो दिनेछन्, परमप्रभु घोषणा गर्नुहुन्छ ।”
১০বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।