< गन्ती 19 >

1 परमप्रभुले मोशा र हारूनलाई भन्‍नुभयो,
পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
2 “मैले तिमीहरूलाई आज्ञा गरिरहेको नियम, विधि यही होः इस्राएलका मानिसहरूले निष्खोट वा दाखरहित रातो कोरली ल्याउनुपर्छ भनी तिनीहरूलाई भन् जसको काँधमा कहिल्यै जुवा परेको हुनुहुन्‍न ।
“যিহোৱাই আজ্ঞা দিয়া ব্যৱস্থাৰ বিধি এই: ইস্ৰায়েলৰ সন্তান সকলক, নিখুঁত, নিৰ্ঘূণী আৰু যুৱলি নোলোৱা ৰাঙলী চেঁউৰি গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া।
3 त्यो कोरली पुजारी एलाजारलाई दिनू । त्यसले यसलाई छाउनीबाहिर ल्याउनुपर्छ र कसैले यसलाई त्यसको सामु मार्नुपर्छ ।
পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ তাইক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব।
4 पुजारी एलाजारले यसको केही रगत त्यसको औँलाले लिएर भेट हुने पालको अघिल्तिर सात पटक छर्कनू ।
তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব;
5 अर्को पुजारीले उसैको सामु त्यो कोरलीलाई जनाउनुपर्छ । त्यसले यसको छाला, मासु, रगत र गोबरलाई जलाउनुपर्छ ।
তেওঁৰ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব; তাইৰ গোবৰে সৈতে তাইৰ ছাল, মঙহ, তেজ দগ্ধ কৰিব।
6 पुजारीले देवदारुको काठ, हिसप र गाढा रातो रङको ऊन लिनुपर्छ र यी सबैलाई जलिरेहेको कोरलीमाथि फाल्नुपर्छ ।
সেই পুৰোহিতে এডোখৰ এৰচ কাঠ, একোচা এচোব বন আৰু অলপ ৰঙা নোম লৈ, গৰুজনীক পোৰা জুইৰ মাজত পেলাই দিব।
7 त्यसपछि त्यसले आफ्‍नो लुगा धुनुपर्छ र नुहाउनुपर्छ । अनि त्यो छाउनीभित्र आउन सक्छ, जहाँ त्यो साँझसम्म अशुद्ध रहनेछ ।
তাৰ পাছত পুৰোহিতজনে নিজ কাপোৰ আৰু গা ধুব। তাৰ পাছত তেওঁ ছাউনিত সোমাব পাৰিব; কিন্তু পুৰোহিতজনে সন্ধ্যালৈকে অশুচি হৈ থাকিব।
8 कोरली जलाउने व्यक्‍तिले आफ्नो लुगा पानीले धुनुपर्छ र नुहाउनुपर्छ । त्यो साँझसम्म अशुद्ध रहनेछ ।
আৰু যিজনে গৰুজনীক পুৰিব, তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
9 कोही शुद्ध मानिसले त्यो कोरलीको खरानीलाई उठाउनुपर्छ र त्यसलाई छाउनीबाहिर शुद्ध ठाउँमा राख्‍नुपर्छ । यो खरानी इस्राएलका मानिसको सामुदायको निम्ति राख्‍नुपर्छ । तिनीहरूले त्यो खरानीलाई तिनीहरूको पापबाट शुद्धिकरणको निम्ति पानीमा मिसाउनेछन्, किनभने त्यो खरानी पापबलिबाट लिइएको थियो ।
পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।
10 त्यो कोरलीको खरानी बटुल्ने व्यक्‍तिले आफ्नो लुगा धुनुपर्छ । त्यो साँझसम्म अशुद्ध रहनेछ । यो इस्राएलका मानिस र तिनीहरूसँग बसोबास गर्ने परदेशीको निम्ति स्थायी नियम हुने छ ।
১০আৰু যি জন লোকে গৰুজনীৰ ছাঁই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগা চিৰস্থায়ী বিধি।
11 कुनै पनि मृत शरीर छुने व्यक्‍ति सात दिनसम्म अशुद्ध हुने छ ।
১১যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
12 यस्तो व्यक्‍तिले तेस्रो र सातौँ दिनमा आफूलाई शुद्धिकरण गर्नुपर्छ । अनि त्यो शुद्ध हुने छ । तर यदि त्यसले आफैलाई तेस्रो दिनमा शुद्ध पार्दैन भने, त्यो सातौँ दिनमा शुद्ध हुनेछैन ।
১২তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।
13 जसले मरेको व्यक्‍ति छुन्‍छ अर्थात् मरेको मानिसको शरीर छुन्‍छ, र आफूलाई शुद्ध पार्दैन, त्यो व्यक्‍तिले परमप्रभुको पवित्र वासस्थान अवित्र तुल्याउँछ । त्यो व्यक्‍तिलाई इस्राएलबाट बहिष्कार गर्नुपर्छ, किनभने अशुद्धताको पानी त्यसमाथि छर्किएको थिएन । त्यो अशुद्ध रहेनछ; त्यसको अशुद्धता त्यसमाथि रहनेछ ।
১৩যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।
14 यो मानिस पालमा मर्दाको निम्ति नियम हो । पालभित्र पस्‍ने सबै र पहिले नै पालभित्र रहेका सबै सात दिनसम्म अशुद्ध हुने छन् ।
১৪যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।
15 नछोपिएका सबै भाँडा अशुद्ध हुने छन् ।
১৫আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অশুচি হ’ব।
16 त्यसै गरी, पालबाहिर तरवारले मारिएको, कुनै अरू मृत शरीर, मानिसको हड्‍डी वा चिहान छुने मानिस सात दिनसम्म अशुद्ध हुने छ ।
১৬আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।
17 अशुद्ध व्‍यक्‍तिको निम्ति यसो गर्नूः जलाइएको पापबलिबाट केही खरानी लिनू र ताजा पानीसँग भाँडामा मिसाउनू ।
১৭আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাঁইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব।
18 कोही शुद्ध मानिसले हिसप लिनुपर्छ, यसलाई पानीमा डुबाउनुपर्छ र हड्‍डी, मारिएको व्यक्‍ति, मृत व्यक्‍ति वा चिहान छुने व्यक्‍तिहरू, पालभित्र भएका भाँडाहरूमाथि छर्कनुपर्छ ।
১৮আৰু কোনো শুচি লোক এজনে একোচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মাদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব।
19 तेस्रो र सातौँ दिनमा शुद्ध व्यक्‍तिले अशुद्ध व्यक्‍तिमाथि छर्कनुपर्छ । अशुद्ध व्यक्‍तिले सातौँ दिनमा आफैलाई शुद्ध पार्नुपर्छ । त्यसले आफ्नो लुगा धुनुपर्छ र नुहाउनुपर्छ । त्यो साँझमा शुद्ध हुने छ ।
১৯সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।
20 तर आफूलाई शुद्धिकरण गर्न इन्कार गर्ने, अशुद्ध रहने व्यक्‍तिलाई समुदायबाट बहिस्कार गर्नुपर्छ, किनभने त्यसले परमप्रभुको पवित्र स्थानलाई अशुद्ध तुल्यायो । अशुद्धताको निम्ति पानी त्यसमाथि छर्किएको छैन; त्यो अशुद्ध रहनेछ ।
২০কিন্তু যি জন লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ স্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল।
21 यो यी परिस्थितिसम्बन्धी निरन्तरको नियम हुने छ । अशुद्धताको निम्ति पानी छर्कने व्यक्‍तिले आफ्‍नो लुगा धुनुपर्छ । अशुद्धताको निम्ति पानी छुने व्यक्‍ति साँझसम्म अशुद्ध हुने छ ।
২১এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
22 अशुद्ध व्यक्‍तिले छोएको सबै कुरा अशुद्ध हुने छन् । यसलाई छुने व्यक्‍ति पनि साँझसम्म अशुद्ध हुने छ ।
২২আৰু সেই অশুচি লোকে যি কিছু চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।”

< गन्ती 19 >