< यहोशू 22 >
1 त्यस बेला यहोशूले रूबेनीहरू, गादीहरू र मनश्शेको आधा कुललाई बोलाए ।
১সেই কালত যিহোচূৱাই ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক মতাই আনিলে, আৰু
2 तिनले तिनीहरूलाई भने, “तिमीहरूले परमप्रभु परमेश्वरका दास मोशाले आज्ञा गरेका सबै गरेका छौ । तिमीहरूले मैले आज्ञा गरेका सबै कुरामा मेरो आज्ञा पालन गरेका छौ ।
২তেওঁ তেওঁলোকক ক’লে, “যিহোৱাৰ দাস মোচিয়ে তোমালোকক যি যি আজ্ঞা দিছিল, সেই আজ্ঞা তোমালোকে পালন কৰি আহিছা আৰু ময়ো তোমালোকক যি যি আজ্ঞা কৰিলোঁ, মোৰ সেই সকলো বাক্যলৈ কাণ দিলা।
3 तिमीहरूले वर्तमानसम्म यति धेरै दिनसम्म पनि आफ्ना दाजुभाइहरूलाई छाडेका छैनौ, र तिमीहरूले परमप्रभु तिमीहरूका परमेश्वरको आज्ञाअनुसार आवश्यक कर्तव्यहरू पुरा गरेका छौ ।
৩সেই সকলো দিনৰ কোনো দিনেই বা আজিলৈকে তোমালোকে নিজ ভাইসকলক ত্যাগ নকৰিলা, আনকি নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা সজাগতাৰে পালন কৰি আহিছাহঁক।
4 अहिले परमप्रभु तिमीहरूका परमेश्वरले तिमीहरूलाई प्रतिज्ञा गर्नुभएझैँ तिमीहरूका दाजुभाइहरूलाई विश्राम दिनुभएको छ । यसकारण, फर्क र तिमीहरूको आफ्नै भूमिमा जाओ, जुन परमप्रभुका दास मोशाले यर्दन पारिपट्टि तिमीहरूलाई दिएका छन् ।
৪এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।
5 परमप्रभुका दास मोशाले तिनीहरूलाई दिएका आज्ञाहरू र व्यवस्था पालन गर्न, परमप्रभु तिमीहरूका परमेश्वरलाई प्रेम गर्न, उहाँका सबै मार्गमा हिँड्न, उहाँका सबै आज्ञा पालन गर्न, उहाँमा नै रहिरहन र तिमीहरूका सारा ह्रदय र सारा प्राणले उहाँको आराधना गर्नमा होसियार होओ ।”
৫কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
6 त्यसैले यहोशूले तिनीहरूलाई आशिष् दिएर पठाए, र तिनीहरू आफ्ना पालहरूतिर गए ।
৬এইদৰে যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰি বিদায় দিয়াৰ পাছত, তেওঁলোক নিজ নিজ তম্বুলৈ গ’ল।
7 मनश्शेको आधा कुललाई मोशाले बाशानमा नै उत्तराधिकार दिएका थिए, तर बाँकी आधा कुललाई तिनीहरूका दाजुभाइको छेउमा यर्दनको पश्चिमपट्टि दिए । यहोशूले तिनीहरूलाई आ-आफ्ना पालहरूमा पठाए; तिनले तिनीहरूलाई आशिष् दिए
৭মোচিয়ে মনচিৰ আধা ফৈদক বাচানত দিছিল; কিন্তু তাৰ আন আধা ফৈদক যিহোচূৱাই যৰ্দ্দনৰ পশ্চিম পাৰে নিজ ভাইসকলৰ লগত উত্তৰাধিকাৰ দিছিল আৰু নিজ নিজ তম্বুলৈ বিদায় দিয়া সময়ত, যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ দিলে,
8 र तिनीहरूलाई भने, “धेरै रुपियाँ-पैसा र सुन, चाँदी, काँसा र फलामसहित धेरै लत्ताकपडासहित तिमीहरूका पालहरूमा फर्क । तिमीहरूका शत्रुहरूबाट लिएका लूटका मालहरू तिमीहरूका दाजुभाइहरूसँग बाँड ।
৮আৰু তেওঁলোকক ক’লে, “তোমালোকে বহু ধন, জাকে জাকে পশু আৰু সোণ আৰু ৰূপে সৈতে আৰু পিতল আৰু লো আৰু বহুত কাপোৰ আদি সম্পত্তি লগত লৈ, নিজ নিজ তম্বুলৈ উলটি যোৱা৷ শত্ৰুৰ পৰা লুট কৰি অনা বস্তুবোৰ নিজ ভাইসকলেৰে সৈতে ভাগ বাটি লোৱাগৈ।”
9 त्यसैले रूबेनका सन्तानहरू, गादका सन्तानहरू र मनश्शेका आधा कुल इस्राएलका मानिसहरूलाई शीलोमा छोडेर घरतिर फर्के, जुन कनानको भूमि हो । तिनीहरू आफ्नै भू-भाग गिलादको प्रदेशमा जानलाई हिँडे, जुन तिनीहरूले मोशाद्वारा परमप्रभुको आज्ञा पालनमा आफैले स्वामित्वमा लिएका थिए ।
৯তেতিয়া ৰূবেণ ও গাদৰ বংশধৰ আৰু মনচিৰ আধা ফৈদে কনান দেশৰ চীলোত থকা ইস্ৰায়েল লোকসকলৰ পৰা বিদায় লৈ নিজ ঠাইলৈ গ’ল৷ তেওঁলোক মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ আজ্ঞা অনুসাৰে পোৱা নিজৰ আধিপত্য লৈ গিলিয়দ দেশলৈ উভতি যাব ধৰিলে।
10 जब तिनीहरू कनानको भूमि यर्दनमा आए, रूबेनीहरू, गादीहरू र मनश्शेका आधा कुलहरूले यर्दन नजिकै निकै ठुलो र सजिलै देखिने वेदी बनाए ।
১০পাছত তেওঁলোক কনান দেশত থকা যৰ্দ্দন নদীৰ অঞ্চল পাওঁতে ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে সেই ঠাইতে যৰ্দ্দনৰ দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে; সেই বেদী দেখিবলৈ বৰ ডাঙৰ আৰু প্ৰসিদ্ধ আছিল।
11 इस्राएलका मानिसहरूले यो सुने र भने, “हेर, रूबेन, गाद र मनश्शेका आधा कुलका मानिसहरूले इस्राएलका मानिसहरूको अधीनमा पर्ने यर्दन नजिकको प्रदेशको गलिलोथको कनानको भूमिको सामुन्ने वेदी निर्माण गरेका छन् ।”
১১এতিয়া ইস্ৰায়েলৰ সন্তান সকলে এই বিষয়ে শুনি ক’লে যে, “চোৱা! ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে কনান দেশৰ সন্মুখত যৰ্দ্দনৰ অঞ্চলত ইস্ৰায়েলৰ লোকসকলে অধিকাৰ কৰা দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।”
12 जब इस्राएलका मानिसहरूले यो कुरा सुने, इस्राएलका मानिसको सारा भेला तिनीहरू विरुद्ध युद्ध गर्न जान शीलोमा जान सँगै भेला भए ।
১২ইস্ৰায়েলৰ লোকসকলে সেই কথা শুনাৰ পাছত, ইস্ৰায়েলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ বাবে চীলোত গোট খালে।
13 त्यसपछि इस्राएलका मानिसहरूले गिलादको भूमिमा रूबेनीहरू, गादीहरू र मनश्शेका आधा कुलकहाँ समाचारवाहकहरू पठाए । तिनीहरूले एलाजारका छोरा पुजारी पीनहास,
১৩পাছত ইস্ৰায়েলৰ লোকসকলে গিলিয়দ দেশলৈ ৰূবেণ ও গাদৰ সন্তান সকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ বাৰ্তাবাহকসকলক পঠিয়ালে৷ আনকি ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচকো পঠিয়ালে
14 र इस्राएलको हरेक कुलबाट एक-एक जना गरी दस जना अगुवालाई तिनीसँगै पठाए र तिनीहरू सबै इस्राएलको कुलका परिवारको प्रमुख थिए ।
১৪আৰু ইস্ৰায়েলৰ প্ৰত্যেক ফৈদৰ পিতৃ-বংশৰ পৰা এজন এজন অধ্যক্ষ এইদৰে দহ জন অধ্যক্ষ তেওঁৰ লগত পঠাই দিলে আৰু তেওঁলোক প্ৰতিজন ইস্ৰায়েলৰ লোকসকলৰ মাজত, নিজ নিজ পিতৃ-বংশৰ মূল মানুহ আছিল।
15 तिनीहरू गिलादको मुलुकमा रूबेन, गाद र मनश्शेको आधा कुलकहाँ आए र तिनीहरूले तिनीहरूलाई भने,
১৫পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:
16 “परमप्रभुका सारा समुदाय यसो भन्छ, 'परमप्रभुको विरुद्धमा आजको दिन आफ्नो निम्ति वेदी निर्माण गरेर परमप्रभुलाई पछ्याउनबाट तर्किएर इस्राएलका परमेश्वरको विरुद्ध तिमीहरूले कस्तो बेइमानी गरेको?
১৬“যিহোৱাৰ গোটেই সমাজে এই কথা কৈছে, ‘আজি যিহোৱাৰ অহিতে বিদ্ৰোহী হ’বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলা, যিহোৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা, তোমালোকে ইস্ৰায়েলৰ ঈশ্বৰৰ বিৰুদ্ধে যে সত্যলঙ্ঘন কৰিলা, ই কি কথা?
17 के पोरको हाम्रो पाप पर्याप्त थिएन? तैपनि हामीले आफूलाई यसबाट अझै शुद्ध पारेका छैनौँ । त्यो पापको निम्ति परमप्रभुको समुदायमा विपत्ति आइपर्यो ।
১৭চিন পিয়োৰ পৰ্বতত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয় নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা শুচি কৰিব পৰা নাই৷ সেই কাৰণে যিহোৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে৷
18 के तिमीहरू पनि अहिले नै परमप्रभुलाई पछ्याउनबाट तर्किनुपर्छ? यदि तिमीहरूले आज उहाँको विरुद्ध विद्रोह गर्यौ भने, उहाँ भोलि हामी इस्राएलको सबै समुदायसँग रिसाउनुहुने छ ।
১৮তোমালোকে যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছা? তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইস্ৰায়েলৰ গোটেই সমাজলৈ ক্ৰোধ কৰিব।
19 यदि तिमीहरूको अधीनमा भएको भूमि अशुद्ध छ भने, तिमीहरू परमप्रभुको पवित्र वासस्थान खडा भएको भूमिमा नै तरेर आउनुपर्छ र हाम्रो माझमा नै भाग लिन आउनुपर्छ । परमप्रभुको विरुद्ध विद्रोह मात्र नगर, न त परमप्रभुको वेदीबाहेक अन्य वेदी निर्माण गरेर हाम्रो विरुद्धमा विद्रोह गर ।
১৯আৰু কওঁ, তোমালোকৰ আধিপত্যৰ দেশ যদি অশুচি হয়, তেন্তে যিহোৱাৰ নিয়ম-চন্দুক থকা, যিহোৱাই অধিকাৰ কৰা দেশলৈ পাৰহৈ আহি আমাৰ মাজত আধিপত্য গ্ৰহণ কৰা৷ কেৱল আমাৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ বাহিৰে আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ আৰু আমাৰো বিদ্ৰোহী নহ’বাহঁক।
20 के परमेश्वरलाई सुम्पेका थोकहरूको विषयमा जेरहको छोरो आकानले विश्वास तोडेनन्? के सबै इस्राएलका मानिसमाथि क्रोध परेन? त्यसको पापको निम्ति आफू मात्रै मरेन' ।”
২০জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দোষ কৰাত, ইস্ৰায়েলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল? সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ’ল’।”
21 त्यसपछि रूबेन, गाद, र मनश्शेका आधा कुलले इस्राएलका कुलका प्रमुखहरूलाई जवाफ दिए,
২১তেতিয়া ৰূবেণ ও গাদৰ ফৈদ আৰু মনচিৰ আধা ফৈদে ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলক এই উত্তৰ দিলে:
22 “हे सर्वशक्तिमान्, परमप्रभु परमेश्वर सर्वशक्तिमान्, हे परमप्रभु परमेश्वर! उहाँ जान्नुहुन्छ, इस्राएलले जानोस्! यदि यो विद्रोह वा विश्वास तोड्नलाई परमप्रभुको विरुद्धमा थियो भने,
২২“ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সঁচাকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলোঁ, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷
23 परमप्रभुलाई पछ्याउनबाट आफै तर्कन यो वेदी बनाएका हौँ भने आज हामीलाई नछोड्नुहोस् ।
২৩আমি যদি যিহোৱাৰ পাছত চলিবলৈ বিমুখ হ’বৰ অৰ্থে বা হোম কি নৈবেদ্য উৎসৰ্গ কৰিবৰ অৰ্থে বা মঙ্গলাৰ্থক বলিদান কৰিবৰ বাবে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলোঁ, তেন্তে যিহোৱাই নিজে তাৰ প্ৰতিশোধ লওঁক।
24 यदि हामीले यो वेदी होमबलि, अन्नबलि वा मेलबलि चढाउनलाई निर्माण गरेका हौँ भने, परमप्रभुले हामीलाई यसको निम्ति मूल्य चुकाउन लगाउनुभएको होस् । होइन! हामीले आउँदो दिनमा तिमीहरूका सन्तानहरूले हाम्रा सन्तानहरूलाई यसो भन्लान् भन्ने डरले हामीले यसो गर्यौँ, 'परमप्रभु इस्राएलका परमेश्वरसँग तिमीहरूको के सरोकार?
২৪সঁচাকৈ আমি এটা বিশেষ কথাৰ আশঙ্কাতহে ইয়াকে কৰিলোঁ অৰ্থাৎ আগলৈ তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক ক’ব, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰে সৈতে তোমালোকৰ কি সম্পৰ্ক?
25 किनभने परमप्रभुले तिमीहरू र हामीबिच यर्दनलाई सिमान बनाउनुभएको छ । तिमीहरू रूबेन र गादका मानिसहरू, तिमीहरूको परमप्रभुसँग कुनै सरोकार छैन ।'
২৫কিয়নো তোমালোক আৰু আমাৰ মাজত যিহোৱাই যৰ্দ্দনক সীমা কৰি ৰাখিছে৷ হে ৰূবেণৰ সন্তান সকল, হে গাদৰ সন্তান সকল, যিহোৱাৰ বিষয়ে তোমালোকৰ কৰিবলৈ কোনো ভাগ নাই, গতিকে তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক যিহোৱাৰ অভয়ৰ পৰাহে এৰুৱাব।
26 त्यसैले तिमीहरूका सन्तानहरूले हाम्रा सन्तानहरूलाई परमप्रभुको आराधना गर्न छोड्न लगाउन सक्छन् । त्यसैले हामीले भन्यौ, 'एउटा वेदी बनाऔँ, न त कुनै होमबलि न त कुनै बलिदानको निम्ति,
২৬এই হেতুকে আমি কলোঁ, ‘আহাঁ আমি এটা বেদী নিৰ্ম্মাণ কৰিবলৈ ধৰোঁহঁক; সেই বেদী হোম বা আন বলিদানৰ অৰ্থে নহ’ব,
27 तर हामीपछिका हाम्रा पुस्ताहरूका निम्ति हामीहरू र तिमीहरूबिच साक्षी हुनलाई, ताकि हामीले हाम्रा होमबलिहरू र हाम्रा मेलबलिसहित हामीले परमप्रभुको सेवा गर्न सकौँ, ताकि तिमीहरूका सन्तानहरूले हाम्रा सन्तानहरूलाई, “परमप्रभुमा तिमीहरूको कुनै हिस्सा छैन” भनी आउँदो समयमा कहिल्यै नभनून् ।'
২৭কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মঙ্গলাৰ্থক বলিদানৰ দ্বাৰাই, যিহোৱাৰ সাক্ষাতে তেওঁৰ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ’ব; তাতে, ‘যিহোৱাত তোমালোকৰ কোনো ভাগ নাই’, এনে কথা ভবিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক’ব নোৱাৰিব।
28 त्यसैले हामीले भन्यौँ, 'यदि भविष्यमा हामीलाई वा हाम्रा सन्तानहरूलाई यसो भनिएमा, हामीले भन्नेथियौँ, “हेर, यो वेदीको प्रतिरूप, जुन हाम्रा पुर्खाहरूले न त होमबलि, न त बलिदानहरूको निम्ति, तर हामीहरू र तिमीहरू बिच गवाही हुनको निम्ति बनाए ।”
২৮এই হেতুকে আমি ক’লোঁ, ‘তেওঁলোকে যদি আমাক বা আমাৰ ভাবি-বংশক আগলৈ এনে কথা ক’ব, তেন্তে আমি এই উত্তৰ দিম, চোৱা! আমাৰ ওপৰ পিতৃসকলে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ নমুনা; তেওঁলোকে হোম বা আন বলিদানৰ অৰ্থে নিৰ্ম্মাণ কৰা বেদী নহয়, কিন্তু সেয়ে তোমালোকৰ আৰু আমাৰ মাজত সাক্ষ্য মাত্ৰ।”
29 हामी आज परमप्रभुको पवित्र वासस्थान सामु रहेको हाम्रो परमप्रभु परमेश्वरको वेदीभन्दा अर्को वेदी होमबलि वा अन्नबलि वा बलिदानको निम्ति निर्माण गरेर उहाँलाई पछ्याउन छोडेर परमप्रभुको विरुद्धमा विद्रोह गर्ने कुरा हामीबाट दूर होस्' ।”
২৯আমি যে হোম বা নৈবেদ্য বা বলিদানৰ অৰ্থে আমাৰ ঈশ্বৰ যিহোৱাই নিবাস কৰা গৃহৰ আগত থকা তেওঁৰ যজ্ঞবেদিৰ বাহিৰে, আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ বিদ্ৰোহী হ’ব খুজিছোঁ বা যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছোঁ, এনে কথা আমাৰ পৰা দূৰ হওঁক’।”
30 जब पुजारी पीनहास र मानिसहरूका अगुवाहरू अर्थात् तिनीसँग भएका इस्राएलका कुलहरूका प्रमुखहरूले रूबेन, गाद र मनश्शेका मानिसहरूको कुरा सुने । यो तिनीहरूलाई नजरमा असल लाग्यो ।
৩০যেতিয়া পীনহচ পুৰোহিত আৰু লোকসকলৰ অধ্যক্ষসকল অৰ্থাৎ তেওঁৰ লগৰ ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলে ৰূবেণ, গাদৰ আৰু মনচিৰ সন্তান সকলৰ এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে।
31 एलाजारका छोरा पुजारी पीनहासले रूबेन, गाद र मनश्शेका मानिसहरूलाई भने, “आज परमप्रभु हाम्रा माझमा हुनुहुन्छ भनी हामीले थाहा पायौँ, किनभने तिमीहरूले यो उहाँको विरुद्धमा विश्वासलाई तोडेका छैनौ । अहिले तिमीहरूले इस्राएलका मानिसरूलाई परमप्रभुको हातबाट छुटकारा दिएका छौ ।”
৩১আৰু ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে ৰূবেণ, গাদৰ আৰু মনচিৰ লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ বিৰুদ্ধে যে সেই অপৰাধ কৰা নাই, ইয়াতে আমি আজি জানিলোঁ, যে যিহোৱা আমাৰ মাজত আছে; এতিয়া তোমালোকে ইস্ৰায়েলৰ লোকসকলক যিহোৱাৰ হাতৰ পৰা উদ্ধাৰ কৰিলা।”
32 त्यसपछि एलाजारका छोरा पीनहास र अगुवाहरू रूबेनीहरू, गादीहरूको गिलादको मुलुकबाट कनानको भू-भागमा इस्राएलका मानिसहरूकहाँ फर्के र तिनीहरूलाई यो समाचार ल्याए । तिनीहरूको प्रतिवेदन इस्राएलका मानिसहरूको नजरमा असल थियो ।
৩২পাছত ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে আৰু অধ্যক্ষসকলে ৰূবেণ ও গাদৰ সন্তান সকলৰ পৰা বিদায় হৈ গিলিয়দ দেশৰ পৰা কনান দেশত থকা ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ উলটি আহি তেওঁলোকক বাৰ্ত্তা দিলেহি।
33 इस्राएलका मानिसहरूले परमेश्वरको प्रशंसा गरे र रूबेनी र गादीहरूलाई तिनीहरू बसोबास गरेका ठाउँबाट नष्ट पार्नलाई तिनीहरूको विरुद्धमा युद्ध गर्नेबारे कुनै कुरा गरेनन् ।
৩৩ইস্ৰায়েলৰ লোকসকলে এই সুসংবাদ তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে৷ ইস্ৰায়েলৰ লোকসকলে ঈশ্বৰক ধন্যবাদ কৰিলে আৰু ৰূবেণ ও গাদৰ সন্তান সকল থকা দেশৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি বিনষ্ট কৰাৰ কথা পুনৰ নক’লে।
34 रूबेनीहरू र गादीहरूले त्यो वेदीलाई “साक्षी” नाउँ राखे, किनभने तिनीहरूले भने, “यो हामी र परमप्रभु नै परमेश्वर हुनुहन्छ भन्ने बिच साक्षी छ ।”
৩৪পাছত ৰূবেণ ও গাদৰ সন্তান সকলে সেই বেদীৰ নাম “এদ” ৰাখিলে; কিয়নো তেওঁলোকে ক’লে, “যিহোৱা যে ঈশ্বৰ, এয়ে আমাৰ মাজত সাক্ষী।”