< यहोशू 17 >
1 यो मनश्शेको (जो योसेफका जेठा छोरा थिए) कुलको भूमिको भाग थियो, माकीरका निम्ति, जो जेठा छोरा थिए र तिनी गिलादका पिता थिए । माकीरका सन्तानहरूलाई गिलाद र बाशानको भू-भाग दिइयो, किनभने माकीर योद्धा थिए ।
১এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷
2 यो भू-भागलाई मनश्शेका बाँकी कुल अबीएजेर, हेलेक, अस्रीएल, शकेम, हेपेर, शमीदालाई तिनीहरूका कुलअनुसार दिइयो ।
২মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল, সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ’ল- অবীয়াচক, হেলক, অস্ৰীয়েল, চেখম, হেফৰ আৰু চমীদা৷ এওঁলোক মনচিৰ পুত্ৰ আছিল, আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকক নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল৷
3 मनश्शेका छोरा माकीरका छोरा गिलादला छोरा हेपेरका छोरा सलोफादको कुनै छोरा थिएन, तर छोरीहरू मात्र थिए । तिनकी छोरीहरूका नाउँ महला, नोआह, होग्ला, मिल्का र तिर्सा थिए ।
৩চলফাদৰৰ কোনো পুত্ৰ নাছিল। চলফাদৰ হেফৰৰ পুত্ৰ, হেফৰ গিলিয়দৰ পুত্ৰ, গিলিয়দ মাখীৰৰ পুত্ৰ, আৰু মাখীৰ মনচিৰ পুত্ৰ আছিল। এওঁৰ কেইজনীমান জীয়েক আছিল; তেওঁৰ জীয়েকসকলৰ নামবোৰ হ’ল মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা।
4 तिनीहरू पुजारी एलाजार, यहोशू र अगुवाहरूकहाँ आए र भने, “परमप्रभु परमेश्वरले हाम्रा दाजुभाइहरूसँगै उत्तराधिकार दिनू भनी आज्ञा गर्नुभएको थियो ।” त्यसैले, परमप्रभुको आज्ञाअनुसार, तिनले ती महिलाहरूलाई तिनीहरूका बुबाका दाजुभाइहरूमाझ उत्तराधिकार दिए ।
৪তেওঁলোকে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই মোচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল৷” তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃৰ ভাইসকলৰ মাজত উত্তৰাধিকাৰৰ ভাগ দিলে।
5 गिलाद र बाशानमा मनश्शेलाई दस भाग जमिन दिइयो, जुन यर्दन पारिपट्टि छ,
৫তেতিয়া মনচিক যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দ আৰু বাচানত দহ ভাগ দিয়া হ’ল;
6 किनभने मनश्शेका छोरीहरूले आफ्ना दाजुभाइहरूसँगै उत्तराधिकार पाए । गिलादको भू-भाग मनश्शेका बाँकी कुललाई दिइयो ।
৬কিয়নো পুত্ৰ সন্তান সকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল; আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ’ল।
7 मनश्शेको क्षेत्र आसेरबाट मिक्मतातसम्म पुग्यो, जुन शकेमको पूर्वमा छ । त्यसको सिमाना तप्पूहको पानीको मुहान नजिक बसोबास गर्नेहरूकहाँसम्म दक्षिणतिर निस्क्यो ।
৭মনচিৰ সেই সীমা আচেৰৰ পৰা মিকমথতলৈকে, যি চিখিমৰ পূব দিশে আছিল; পাছত সেই সীমা দক্ষিণ দিশ হৈ, অয়িন-তপ্পুহ-নিবাসীসকলৰ ওচৰলৈকে গ’ল।
8 (तप्पूहको भू-भाग मनश्शेको थियो, तर मनश्शेको सिमानामा पर्ने तप्पूहको नगर एफ्राइम कुलको थियो ।)
৮তপ্পুহ অঞ্চল মনচিৰ অধিকাৰত আছিল যদিও মনচিৰ সীমাত থকা তপ্পুহ নগৰ ইফ্ৰয়িমৰ ফৈদৰ অধিকাৰত আছিল৷
9 त्यो सिमाना कनाको खोलासम्मै तल गएर निस्क्यो । मनश्शेका नगरहरू माझका खोलाको दक्षिणतिरका यी सहरहरू एफ्राइमका थिए । मनश्शेको सिमाना खोलाको उत्तरतिर थियो र यो समुद्रमा टुङ्गिएको थियो ।
৯সেই সীমা তললৈ কান্না জুৰিত নামি গ’ল৷ সেই জুৰিৰ দক্ষিণ ফালে মনচিৰ নগৰবোৰৰ মাজত থকা সেই নগৰবোৰ ইফ্ৰয়িমৰ অধিকাৰত আছিল৷ মনচিৰ সীমা জুৰিৰ উত্তৰ ফালে আছিল আৰু সমুদ্ৰত শেষ হৈছিল৷
10 दक्षिणतिरको भू-भाग एफ्राइमको थियो, र उत्तरतिरको भू-भाग मनश्शेको थियो; यसको सिमाना समुद्र थियो । उत्तरतिर आशेरसम्म र पूर्वतिर इस्साखारसम्म पुगेको थियो ।
১০দক্ষিণ ফালে থকা অঞ্চল ইফ্ৰয়িমৰ অধীনত আৰু উত্তৰ ফালৰ অঞ্চলটো মনচিৰ অধীনত আছিল; সমুদ্ৰই তাৰ সীমা আছিল৷ উত্তৰ ফালে আচেৰত আৰু পূব ফালে ইচাখৰত উপনীত হ’ব পৰা ব্যৱস্থা আছিল।
11 इस्साखार र आशेरमा पनि मनश्शेले बेथ-शान र यसका गाउँहरू, योबलाम र यसका गाउँहरू, डोरका बासिन्दाहरू र यसका गाउँहरू, एन्दोर र यसका गाउँहरू, तानाका बासिन्दाहरू र यसका गाउँहरू, मगिद्दोका बासिन्दाहरू र यसका गाउँहरू (र तेस्रो सहरचाहिँ नपेत हो) ।
১১ইচাখৰত আৰু আচেৰত বৈৎ-চান আৰু তাৰ গাওঁবোৰ, যিব্লিয়ামৰ সৈতে তাৰ গাওঁবোৰ, দোৰ-নিবাসীসকল আৰু তাৰ গাওঁবোৰ, অয়িন দোৰ-নিবাসী আৰু তাৰ গাওঁবোৰ, তানক নিবাসী আৰু তাৰ গাওঁবোৰ আৰু মগিদ্দো নিবাসীসকলৰ সৈতে তাৰ গাওঁবোৰ মনচিৰ অধিকাৰত আছিল; আৰু তৃতীয় নগৰ আছিল নাফেথ৷
12 तैपनि मनश्शेको कुलले ती सहरहरू अधिकार गर्न सकेनन्, किनभने यस भू-भागमा कनानीहरू निरन्तर बस्दै रहे ।
১২তথাপিও মনচিৰ ফৈদে সেই নগৰবোৰক অধিকাৰ কৰিব পৰা নাছিল, কিয়নো কনানীয়া লোকসকলে সেই ঠাইত তেতিয়াও বাস কৰি আছিল।
13 जब इस्राएलका मानिसहरू वृद्धि भए, तिनीहरूले कनानीहरूलाई बेगारी काममा लगाए, तर तिनीहरूलाई पूर्ण रूपमा धपाएनन् ।
১৩পাছত ইস্ৰায়েলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানীয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূর্ণৰূপে দূৰ কৰিব নোৱাৰিলে৷
14 त्यसपछि योसेफका सन्तानहरूले यहोशूलाई यसो भने, “तपाईंले हामीलाई किन जमिन एक भाग र उत्तराधिकारको निम्ति एक अंश मात्र दिनुभएको, किनभने हामी धेरै सङ्ख्यामा भएका मानिसहरू हौँ र परमप्रभुले हामीलाई पर्याप्त आशिष् दिनुभएको छ?”
১৪তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”
15 यहोशूले तिनीहरूलाई भने, “यदि तिमीहरू धेरै सङ्ख्यामा छौ भने, तिमीहरू जङ्गलतिर जाओ र परिज्जीहरू र रपाईहरूको भू-भागमा आफ्नो निम्ति फँडानी गर । यसो गर, किनभने एफ्राइमको पहाडी देश तिमीहरूको निम्ति साह्रै सानो छ ।”
১৫তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷”
16 योसेफका सन्तानहरूले भने, “पहाडी देश हामीलाई पर्याप्त हुँदैन । तर बेथ-शान र यसका गाउँहरू अनि यिजरेलको बेँसी दुवैमा बस्ने कनानीहरूसँग फलामका रथहरू छन् ।
১৬তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷”
17 त्यपछि यहोशूले योसेफका घराना एफ्राइम र मनश्शेलाई भने, “तिमीहरू धेरै सङ्ख्यामा भएका मानिसहरू हौ र तिमीहरूसँग धेरै शक्ति छ । तिमीहरूसँग एक भाग मात्र हुनुहुँदैन ।
১৭তেতিয়া যিহোচূৱাই যোচেফৰ বংশক, অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিক ক’লে, “আপোনালোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক৷ আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়৷
18 पहाडी देश पनि तिमीहरूको नै हुने छ । तथापि यो जङ्गल हो, तिमीहरूले यसलाई फँडानी गर र यसलाई र यसका टाढा-टाढाको सिमानासम्म अधीन गर । तिमीहरूले कनानीहरूलाई धपाउने छौ, तथापि तिनीहरूसँग फलामका रथहरू छन् र तिनीहरू बलिया छन् ।”
১৮পৰ্ব্বতীয়া দেশটোও আপোনালোকৰ হ’ব৷ যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওঁক৷ যদিও কনানীয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক খেদি পঠিয়াই আতৰ কৰিব পাৰিব৷”