< यहोशू 1 >
1 परमप्रभुका दास मोशाको मृत्युपछि परमप्रभु मोशाका मुख्य सहायक नूनका छोरा यहोशूसँग यसरी बोल्नुभयो,
১যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
2 “मेरो दास मोशाको मत्यु भएको छ । यसकारण, उठ्, तँ र यी मानिसहरू यर्दन नदी तरेर मैले तिनीहरू अर्थात् इस्राएलका मानसिहरूलाई दिएको भूमिमा जाओ । तेरो खुट्टाको पैतालाले टेकेका सबै ठाउँ म तँलाई दिने छु ।
২“মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা।
3 मैले मोशालाई प्रतिज्ञा गरेझैँ यो मैले तँलाई दिएको छु ।
৩যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷
4 त्यो मरुभूमि र लेबनानदेखि महानदी यूफ्रेटिससम्म, हित्तीहरूका सबै भूमि र घाम अस्ताउने भूमध्य सागरसम्म हुने छ ।
৪সেই মৰুপ্ৰান্তৰ পৰা লিবানোন হৈ মহানদী ফৰাৎ নদীলৈকে, সূৰ্য অস্ত যোৱা ফালৰ পৰা মহা-সমুদ্ৰলৈকে হিত্তীয়াসকলৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ’ব।
5 तेरो सारा जीवनभरि तेरो सामु कोही पनि खडा हुन सक्ने छैन । जसरी म मोशासँग थिएँ, त्यसरी नै तँसँग हुने छु । म तँलाई त्याग्ने छैनँ वा छोड्ने छैनँ ।
৫তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
6 बलियो र साहसी हो । तैँले यी मानिसहरूलाई मैले तिनीहरूलाई दिन्छु भनी तिनीहरूका पिता-पुर्खाहरूलाई प्रतिज्ञा गरेको भूमि अधिकार गराउने छस् ।
৬তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা।
7 बलियो हो र खुबै साहसी हो । मेरा दास मोशाले पालन गर्न तँलाई आज्ञा गरेका सबै व्यवस्था सावधानीसाथ पालन गर् । यसबाट दाहिनेतिर वा देब्रेतिर नलाग्, ताकि तँ जहाँ गए तापनि सफल हुन सक्ने छस् ।
৭মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
8 तैँले व्यवस्थाको यो पुस्तकबारे सदैव चर्चा गर्ने छस् । तैँले यसलाई दिनरात मनन गर्ने छस्, ताकि तैँले लेखेका सबै कुरा पालन गर्न सक्ने छस् । अनि तेरो फलिफाप हुने छ र तँ सफल हुने छस् ।
৮এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
9 के मैले तँलाई आज्ञा गरेको होइनँ र? बलियो र साहसी हो । नडरा । निराश नहो । तँ जहाँ गए पनि परमप्रभु परमेश्वर तँसँग हुनुहुन्छ ।
৯মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
10 अनि यहोशूले मानिसहरूका अगुवाहरूलाई आज्ञा गरे,
১০তেতিয়া যিহোচূৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক’লে,
11 “छाउनीभरि जाओ र मानिसहरूलाई आज्ञा गर, 'तिमीहरूका निम्ति खानेकुराहरू तयार पार । तिमीहरू तिन दिनमा यर्दन नदी तरेर पारि जाने छौ र परमप्रभु तिमीहरूका परमेश्वरले तिमीहरूलाई दिनुभएको भूमि अधिकार गर्ने छौ' ।”
১১“তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”
12 यहोशूले रूबेनीहरू, गादीहरू र मनश्शेका आधा कुलहरूलाई भने,
১২তাৰ পাছত যিহোচূৱাই ৰূবেণীয়া আৰু গাদীয়াসকলক আৰু মনচিৰ ফৈদৰ আধাভাগ লোকক ক’লে,
13 “परमप्रभुका दास मोशाले तिमीहरूलाई भनेका वचनहरू सम्झ । तिनले भनेका थिए, 'परमप्रभुले तिमीहरूलाई विश्राम दिइरहनुभएको छ र उहाँले तिमीहरूलाई यो भूमि दिँदै हुनुहुन्छ ।'
১৩“যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’
14 तिमीहरूका पत्नीहरू, तिमीहरूका स-साना बालबच्चाहरू र तिमीहरूका गाईवस्तुहरू मोशाले दिएका यर्दन वारिको भूमिमा नै रहने छन् ।
১৪মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ,
15 तर परमप्रभुले तिनीहरूलाई पनि तिमीहरूलाई झैँ विश्राम नदिनुभएसम्म तिमीहरूका योद्धाहरू तिमीहरूका भाइहरूसँग पारि जाने छन् र तिनीहरूलाई सहायता गर्ने छन् ।
১৫যিহোৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্য্যন্ত, তোমালোকৰ ভাইসকলক সাহাৰ্য আগবঢ়াব লাগিব; আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া দেশ, তেওঁলোকেও অধিকাৰ কৰিব৷ তেতিয়া যৰ্দ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ যিহোৱাৰ দাস মোচিয়ে তোমালোকক দিলে, তোমালোকৰ আধিপত্যৰ দেশলৈ উভটি আহি তাক ভোগ কৰিবা৷”
16 त्यसपछि तिनीहरूले पनि परमप्रभु तिमीहरूका परमेश्वरले तिनीहरूलाई दिनुहुने भूमि अधिकार गर्ने छन् । त्यसपछि तिमीहरू परमप्रभुका दास मोशाले यर्दन वारि घाम झुल्कनेतिर दिएका तिमीहरूका आफ्नै भूमिमा फर्कने छौ र यसलाई अधिकार गर्ने छौ ।”
১৬তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷
17 तिनीहरूले यहोशूलाई जवाफ दिए, “तपाईंले हामीलाई आज्ञा गर्नुभएका सबै कुरा हामी गर्ने छौँ, र तपाईंले हामीलाई जहाँ पठाउनुहुन्छ हामी उतै जाने छौँ । हामीले मोशाको आज्ञा पालन गरेझैँ हामी तपाईंको आज्ञा पनि पालन गर्ने छौँ । परमप्रभु तपाईंका परमेश्वर मोशासँग रहनुभएझैँ तपाईंसँग रहनुभएको होस् ।
১৭আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷
18 तपाईंका आज्ञाहरू विरुद्ध विद्रोह गर्ने र तपाईंका वचनहरूको अवज्ञा गर्ने जोसुकैलाई मार्नुपर्छ । मात्र बलियो र साहसी हुनुहोस् ।”
১৮যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।”