< यशैया 17 >
1 दमस्कसको बारेमा एउटा घोषणा ।
১দম্মেচক বিষয়ক ভাৰবাক্য। চোৱা, দম্মেচক আৰু নগৰ হৈ নাথাকিব; ই ধ্বংসৰ স্তূপ হ’ব।
2 अरोएरका सहरहरूलाई त्यागिनेछ । तिनीहरू बथानहरू बस्ने ठाउँहरू हुनेछन् र तिनीहरूलाई कसैले पनि तर्साउनेछैन ।
২অৰোয়েৰৰ নগৰবোৰ পৰিত্যক্ত হ’ব; সেইবোৰ মেৰ-ছাগৰ জাকৰ বাবে শোৱা ঠাই হ’ব; আৰু কোনোৱে সিহঁতক ভয় নকৰিব।
3 किल्लाबन्दी गरिएका सहरहरू एफ्राइमबाट, दमस्कसको राज्यबाट लोप हुनेछन्, र अरामका बाँकी रहेकाहरू—तिनीहरू इस्राएलका मानिसहरूको गौरवझैं हुनेछन्— यो सर्वशक्तिमान् परमप्रभुको घोषणा हो ।
৩ইফ্ৰয়িমৰ পৰা শক্তিশালী নগৰবোৰ, দম্মেচকৰ পৰা ৰাজ্য, আৰু বাহিনীসকলৰ যিহোৱাই কৈছে, অৰামৰ অৱশিষ্ট ভাগ ইস্ৰায়েলৰ সন্তান সকলৰ গৌৰৱৰ সদৃশ হ’ব।
4 त्यो दिनमा यस्तो हुनेछ, याकूबको गौरव दुब्लो हुनेछ र त्यसको शरीरको मोटाइ पातलो हुनेछ ।
৪সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
5 यो अन्न जम्मा गर्नेले अन्न थुपारेजस्तो हुनेछ, र त्यसका हातहरूले अन्न कटानी गर्छ । यो रपाईको बेसीमा शिला-बाला बटुलेजस्तो हुनेछ ।
৫যি দৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁৰ হাতেৰে থোকবোৰ কাটে, বা কোনোৱে ৰফায়ীম উপত্যকাত শস্যৰ থোকবোৰ সংগ্রহ কৰাৰ দৰে হ’ব।
6 जैतूनको रुखलाई हल्लाए जसरी पनि शिलाहरू छोडिनेछन्: माथिल्लो हाँगामा दुइ-तिन वटा वा फलको सबभन्दा अग्लो हाँगाहरूमा चार-पाँच वटा जैतून छोडिन्छन्— यो परमप्रभु इस्राएलका परमेश्वरको घोषणा हो ।
৬তথাপি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “যেতিয়া জিত গছ জোকৰা হয়, তেতিয়া অতি ওখ ডালত দুটা বা তিনিটা জলফাই ফল থাকে, বা এজোপা ফলৱতী গছৰ অতি ওখ ডালবোৰত চাৰিটা বা পাঁচটা ফল থাকে,” সেই দৰে তাত অৱশিষ্ট থাকিব।
7 त्यस दिन मानिसहरूले आफ्ना सृष्टिकर्तालाई हेर्नेछन् र तिनीहरूका आँखाले इस्राएलका पवित्रलाई हेर्नेछन् ।
৭সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব।
8 तिनीहरूले आफ्नो हातका कामहरू अर्थात् वेदीहरूतिर हेर्नेछैनन्, न त तिनीहरूले आफ्नै औंलाले बनाएका अशेराका खम्बाहरू न सूर्यका प्रतिमाहरूलाई नै हेर्नेछन् ।
৮তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা যজ্ঞ-বেদীলৈ চকু নিদিব, নাইবা তেওঁলোকৰ আঙুলিৰে সজা আচেৰা মুৰ্ত্তিবোৰ বা সূৰ্য প্ৰতিমাবোৰলৈ দৃষ্টি নকৰিব।
9 त्यस दिन तिनीहरूका बलिया सहरहरू डाँडाका टाकुराहरूका भिरहरूमा त्यगिएका जङ्गलजस्तै हुनेछन्, जसलाई इस्राएलका मानिसहरूका कारणले त्यागिएका थिए र त्यो उजाड हुनेछ ।
৯সেই দিনা তেওঁলোকৰ দৃঢ় নগৰবোৰ, পৰ্ব্বতৰ টিঙত থকা এঢলীয়া পৰিত্যক্ত কাঠনিৰ দৰে হ’ব, আৰু ইস্রায়েলী লোকসকলকৰ বাবে সেইবোৰ পৰিত্যাগ কৰা হৈছে, আৰু সেইবোৰ জনশূন্যতালৈ পৰিণত হ’ব।
10 किनकि तैंले आफ्नो मुक्तिको परमेश्वरलाई बिर्सेको छस् र तेरो सामर्थ्यको चट्टानलाई बेवास्ता गरेको छस् । त्यसैले तैंले सुन्दर बिरुवाहरू रोपिस् र विदेशीबाट पाएको दाखका हाँगाहरू रोपिस्,
১০কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
11 तैंले रोपेको, बार लगाएको र खेती गरेको दिनमा । तेरा बीउहरू चाँडै वृद्धि हुनेछन्, तर कष्ट र घोर दुखको दिनमा फल दिनेछैन ।
১১সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
12 धिक्कार! धेरै मानिसहरूको गर्जन, जुन समुद्रहरूको गर्जन, र जातिहरूका हल्लाझैं गर्जन्छ, जुन शक्तिशाली पानी बगेझैं बग्छ!
১২সমুদ্ৰৰ গৰ্জ্জনৰ দৰে গৰ্জ্জন কৰা অনেক লোক সমূহৰ কোলাহল! আৰু তীব্রবেগেৰে যোৱা প্রৱল পানীৰ শব্দৰ দৰে দেশবাসীৰ বেগেৰে যোৱা শব্দ!
13 जातिहरू धेरै पानी बगेझैं गर्जन्छन्, तर उहाँले तिनीहरूलाई हप्काउनुहुनेछ र तिनीहरू टाढा भाग्नेछन्, डाँडाहरूमाथि भुसझैं तिनीहरू हावाको सामु उड्नेछन् र आँधीको सामु मडारिएको झारझैं हुनेछन् ।
১৩অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
14 हेर, साँझमा त्रास! बिहान हुनअगि ती बितिजानेछन्! हामीलाई लूट्नेहरू, हामीलाई डकैती गर्नेहरूको भाग यस्तै हुनेछ ।
১৪চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।