< उत्पत्ति 6 >
1 मानिसहरूको संख्या पृथ्वीमा वृद्धि हुँदैजाँदा र तिनीहरूका छोरीहरू जन्मे,
১এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
2 परमेश्वरका छोराहरूले मानव-जातिका छोरीहरूलाई आकर्षक (राम्री) देखे । तिनीहरूले तिनीहरूमध्ये कसैलाई आफैले चुनेको पत्नी ल्याए ।
২ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
3 परमप्रभुले भन्नुभयो, “मेरो आत्मा मानव-जातिमा सदासर्वदा रहनेछैन, किनभने तिनीहरू शरीर हुन् । तिनीहरू १२० वर्ष बाँच्नेछन् ।”
৩এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
4 ती दिनहरूमा र पछि पनि पृथ्वीमा ठुला कदका मानिसहरू (राक्षस) थिए । जब परमेश्वरका छोराहरूले मानिसका छोरीहरूसँग विवाह गरे, तिनीहरूका छोराछोरीहरू जन्मे । यिनीहरू उहिलेका शक्तिशाली अर्थात् प्रख्यात मानिसहरू थिए ।
৪সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল।
5 पृथ्वीका मानिसहरूको दुष्टता बढी भएको र तिनीहरूका हृदयका विचारको हरेक भावना निरन्तर खराबै मात्र भएको परमप्रभुले देख्नुभयो ।
৫যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
6 पृथ्वीमा मानव-जातिलाई बनाउनुभएकोमा परमप्रभुले पछुतो मान्नुभयो, र यसले उहाँलाई दुःखित तुल्यायो ।
৬পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
7 यसैले परमप्रभुले भन्नुभयो, “मैले सृष्टि गरेका मानव-जातिलाई पृथ्वीको सतहबाट नामेट पार्नेछु; मानव-जाति र ठुला-ठुला जनावरहरू, घस्रने जन्तुहरू र आकाशमा उड्ने पक्षीहरू सबैलाई नमाेट पार्नेछु, किनकि तिनीहरूलाई बनाएकोमा म दुःखित छु ।”
৭সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
8 तर नोआले परमप्रभुको निगाह पाए ।
৮কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
9 यिनीहरू नोआ बारेका घटनाहरू थिए । नोआ तिनका समयमा मानिसहरूमा धर्मी र दोषरहित मानिस थिए । नोआ परमेश्वरसँग हिँडे ।
৯এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
10 नोआ शेम, हाम र येपेत तिन छोराहरूका बुबा भए ।
১০চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল।
11 परमेश्वरको दृष्टिमा पृथ्वी भ्रष्ट भएको र हिंसाले भरिएको थियो ।
১১সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
12 परमेश्वरले पृथ्वीलाई देख्नुभयो; हेर, यो त भ्रष्ट थियो, किनकि पृथ्वीका सबै मानिसहरूका मार्ग भ्रष्ट भएका थिए ।
১২ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।
13 परमेश्वरले नोआलाई भन्नुभयो, “यो सबै प्राणीको अन्त गर्ने समय आएको म देख्न सक्छु, किनभने पृथ्वी तिनीहरूको हिंसाले भरिएको छ । वास्तवमा, मैले तिनीहरूलाई पृथ्वीसँगै नष्ट पार्नेछु ।
১৩ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
14 तैँले आफ्नो निम्ति गोपेर काठको एउटा जहाज बनाउनू । जहाजभित्र कोठाहरू बनाउनू र त्यसलाई भित्र-बाहिर अलकत्र लगाउनू ।
১৪তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা।
15 तैँले यसलाई यसरी बनाउनुः यसको लम्बाइ एक सय चालिस मिटर, चौडाइ तेईस मिटर र यसको उच्चाइ चौध मिटरको होस् ।
১৫জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
16 जहाजको छानो बनाउनू र यसलाई टुप्पोमा एक पट्टी एक हात छोडेर सिद्ध्याउनू । जहाजको एकपट्टी ढोका राख्नू र पहिलो, दोस्रो र तेस्रो तला बनाउनू ।
১৬জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
17 सुन, जीवनको सास हुने आकाशमुनिका सबै प्राणीलाई सर्वनाश पार्न मैले पृथ्वीमा जलप्रलय ल्याउन लागेको छु । पृथ्वीमा भएको सबै प्राणी मर्नेछन् ।
১৭আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
18 तर तँसँग म मेरो करार स्थापित गर्नेछु । तँ, तेरा छोराहरू, तेरी पत्नी र तेरा छोराहरूका पत्नीहरू जहाजभित्र आउनेछौ ।
১৮কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
19 हरेक जीवित प्रणीमध्ये ठुला जनावरहरू र
১৯তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।
20 पृथ्वीमाथि घस्रने जन्तुहरूलाई जीवित राख्न भाले र पोथी गरी दुइ-दुइ वटा जहाजभित्र ल्याउनू ।
২০বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।
21 खानलाई र भण्डरण गर्नलाई सबै किसिमका खानेकुराहरू जम्मा गर्नू, जुन तेरो र तिनीहरूका निम्ति आहारा हुनेछ ।”
২১তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
22 यसैले नोआले यो गरे । तिनले परमेश्वरले आज्ञा गर्नुभएबमोजिम गरे ।
২২তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।