< व्यवस्था 34 >

1 मोशा मोआबको मैदानबाट यरीहो सामुन्‍ने नेबो डाँडामा पिसगाको टाकुरामा उक्ले । त्यहाँ परमप्रभुले तिनलाई गिलाददेखि दानसम्म,
পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,
2 र सबै नप्‍ताली, एफ्राइम र मनश्शेका सबै देश अनि यहूदाका सबै देशदेखि पश्‍चिम समुद्रसम्म,
গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে।
3 र नेगेव, र यरीहोको उपत्यकाको मैदान, खजुरको सहरदेखि सोअरसम्म देखाउनुभयो ।
তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
4 परमप्रभुले तिनलाई भन्‍नुभयो, “'म यो देश तेरा सन्तानहरूलाई दिन्छु' भनी मैले अब्राहाम, इसहाक र याकूबसित प्रतिज्ञा गरेको देश यही हो । मैले तँलाई तेरा आँखाले हेर्न अनुमति दिएको छु, तर तँ त्यहाँ जान पाउने छैनस् ।”
তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”
5 त्यसैले परमप्रभुको वचनको प्रतिज्ञाअनुसार परमप्रभुका दास मोशा मोआब देशमा मरे ।
সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
6 परमप्रभुले तिनलाई बेथ-पोरको सामुन्‍ने मोआब देशको उपत्यकाको बेँसीमा गाड्नुभयो, तर तिनको चिहान कहाँ छ भनी आजको दिनसम्म कसैलाई थाहा छैन ।
মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে।
7 मोशाको मृत्यु हुँदा तिनी एक सय बिस वर्षका थिए । तिनका आँखा धमिला भएका थिएनन् न त तिनको स्वाभाविक बल घटेको थियो ।
মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
8 मोआबको मैदानमा इस्राएलीहरूले मोशाको निम्त चालिस दिनसम्म शोक गरेपछि तिनको शोकको समय सकियो ।
ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।
9 नूनका छोरा यहोशू बुद्धिका आत्माले भरिएका थिए किनकि मोशाले तिनीमाथि आफ्नो हात राखेका थिए । इस्राएलीहरूले तिनको कुरा सुन्थे, र तिनले परमप्रभुले मोशालाई आज्ञा गर्नुभएअनुसार गर्थे ।
নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
10 इस्राएलमा मोशाजस्तै अगमवक्ता कोही खडा भएन जसलाई परमप्रभुले आमने-सामने चिन्‍नुहुन्थ्यो ।
১০আজি পর্যন্ত ইস্ৰায়েলীয়াসকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল।
11 मिश्र देश, फारो र तिनका सबै अधिकारीसाथै तिनका समस्त देशमा तिनीद्वारा सबै चिन्ह र आश्‍चर्य गर्न परमप्रभुद्वारा पठाइएका कुनै पनि अगमवक्ता तिनीजस्तो छैन ।
১১যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই।
12 सारा इस्राएलीको दृष्‍टिमा मोशाले गरेजस्तै महान् र भयानक कामहरू कुनै पनि अगमवक्ताले कहिल्यै गरेको छैन ।
১২গোটেই ইস্ৰায়েলীয়াসকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেইদৰে আন কোনো ভাৱবাদীয়ে কৰা নাই।

< व्यवस्था 34 >