< २ शमूएल 13 >

1 यसपछि यस्‍तो भयो, दाऊदका छोरा अमनोन आफ्नी सुन्दरी झट्केली बहिनी तामारप्रति धेरै आकर्षित भए, जो दाऊदका अर्को छोरा अबशालोमकी आफ्‍नै बहिनी थिइन् ।
তাৰ পাছত এনেকুৱা ঘটনা হ’ল, যে, দায়ূদৰ পুত্ৰ অবচালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল। আৰু দায়ূদৰ পুত্ৰ অম্নোন তাইলৈ কামাসক্ত হ’ল;
2 अमनोन यति निराश भए कि आफ्‍नी बहिनी तामारको कारणले तिनी बिरामी परे । उनी कन्या थिइन्, र यसैले उनलाई कुनै कुरा गर्न अमनोनलाई असम्भवजस्तै भयो ।
অম্নোনে মনতে এনে দুখ পালে, যে, সি নিজ ভনীয়েক তামাৰৰ কাৰণে নৰিয়া পৰিল৷ তাই কুমাৰী আছিল, আৰু সেই কাৰণে অম্নোনে তাইলৈ কিবা কৰিবলৈ দুসাধ্য বুলি ভাবিলে।
3 तर अमनोनका एक जना मित्र थिए जसको नाम योनादाब थियो। तिनी दाऊदका दाजु शिमाहका छोरा थिए । योनादाब साह्रै धूर्त मानिस थिए ।
দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।
4 योनादाबले अमनोनलाई भने, 'ए राजकुमार, तिमी किन हरेक बिहान निराश हुन्‍छौ? के तिमी मलाई भन्‍दैनौ?” यसैले अमनोनले तिनलाई जवाफ दिए, “मेरो भाइ अबशालोमकी बहिनी तामारलाई म प्रेम गर्छु ।”
সি অম্নোনক সুধিলে, হে ৰাজপুত্ৰ তুমি প্ৰতি দিনে এনেকৈ নিৰুৎসাহ হৈছা কিয়? সেই বিষয়ে মোক নোকোৱানে? তেতিয়া অম্নোনে তাক উত্তৰ দি ক’লে, “মোৰ ককাই অবচালোমৰ ভনীয়েক তামাৰলৈ মই প্ৰেমাসক্ত হৈছোঁ।”
5 तब योनादाबले तिनलाई भने, “आफ्‍नो ओछ्‍यान सुतिराख र बिरामी भएको बहाना गर । जब तिम्रो बुबाले तिमीलाई हेर्न आउँछन्, तब उनलाई भन, 'कृपया मलाई केही खाने कुरा दिन र मेरो सामु ती पकाउन कृपया मेरी बहिनी तामारलाई पठाइदिनुहोस्, ताकि म त्‍यो हेर्न सकूँ र त्‍यो उनको हातबाट खान सकूँ ।”
তেতিয়া যোনাদৰে তাক ক’লে, “তুমি নিজৰ খাটৰ ওপৰত শুই নৰিয়াৰ ভাও ধৰা৷ যেতিয়া তোমাৰ পিতৃয়ে তোমাক চাবলৈ আহিব তেতিয়া তেওঁক ক’বা, ‘অনুগ্ৰহ কৰি মোৰ ভনী তামাৰক মোক আহাৰ দিবৰ বাবে মোৰ আগত পঠিয়াই দিয়ক আৰু মোৰ আগত আহাৰ যুগুত কৰা দেখি যেন তাইৰ হাতে ভোজন কৰোঁ, এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক’।”
6 त्यसैले अमनोन पल्टिबसे र बिरामी भएको बहाना गरे । जब राजा तिनलाई हेर्न आए, तब अमनोनले राजालाई भने, “कृपया, मेरी बहिनी तामारलाई मेरो बिरामीपनको निम्ति मेरो सामु खाना बनाउन पठाइदिनुहोस् ताकि म उनको हातबाट खान सकूँ ।”
তেতিয়া অম্নোনে নৰিয়াৰ ভাও ধৰি পৰি থাকিল৷ তাতে ৰজাই তাক চাবলৈ আহোতে, অম্নোনে ৰজাক ক’লে, “মই বিনয় কৰোঁ, মোৰ ভনী তামাৰক মোৰ অসুস্থতাৰ বাবে মোৰ আগত যেন আহাৰ যোগাৰ কৰে আৰু মই তাইৰ হাতে যেন ভোজন কৰোঁ এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক৷”
7 अनि दाऊदले आफ्नो दरबारमा तमारलाई खबर पठाए, “अहिले तिम्रो दाजु अमनोनको घरमा जाऊ र तिनको निम्ति खाना तयार पारिदेऊ ।”
তেতিয়া দায়ূদে তামাৰৰ ঘৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “এতিয়া তুমি তোমাৰ ককাই অম্নোনৰ ঘৰলৈ গৈ, তাৰ কাৰণে আহাৰ যুগুত কৰি দিয়া।”
8 त्यसैले तामार आफ्‍नो दाजु अमनोनको घरमा गइन् जहाँ तिनी पल्टिरहेका थिए । उनले पिठो लिइन् र तिनले देख्‍ने गरी पिठो मुछिन् र उनले रोटी पकाइन् ।
তাতে তামাৰ নিজ ককাই অম্নোনে শুই থকা সেই ঘৰলৈ গ’ল৷ তামাৰে আটাগুড়ি লৈ খচি, তেওঁৰ আগতে পিঠা বনালে।
9 उनले तावा लिइन् र तिनलाई रोटी दिइन्, तर तिनले खान इन्कार गरे । त्‍यसपछि अमनोनले त्यहाँ भएका अरूलाई भने, “हरेकलाई बाहिर, मबाट टाढा पठाऊ ।” त्यसैले हरेक व्‍यक्‍ति बाहिर गए ।
তাই তাৰ সৈতে লৈ গৈ, সেই পিঠা তেওঁক দিলে কিন্তু তেওঁ খাবলৈ অমান্তি হ’ল৷ তেতিয়া অম্নোনে ক’লে, “মোৰ ওচৰৰ পৰা সকলো লোকক বাহিৰলৈ যাবলৈ দিয়া৷” তাতে সকলোৱে তেওঁৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল।
10 यसैले अमनोनले तामारलाई भने, “खाना मेरो कोठामा ल्याऊ ताकि म तिम्रो हातबाट खान सकूँ ।” यसैले आफूले बनाएको रोटी तामारले लिइन् र त्‍यो तिनका दाजु अमनोनको कोठाभित्र लगिदिइन् ।
১০তেতিয়া অম্মোনে তামাৰক ক’লে, “মই তোমাৰ হাতে ভোজন কৰিবৰ কাৰণে খোৱা বস্তুবোৰ মোৰ কোঁঠালিলৈ আনা৷” তেতিয়া তামাৰে নিজ হাতে বনোৱা সেই পিঠা লৈ ভিতৰ কোঁঠালিলৈ তেওঁৰ ককাই অম্নোনৰ ওচৰলৈ গ’ল।
11 जब उनले तिनकहाँ खाना ल्याएकी थिइन्, तब तिनले उनको हात समाते र उनलाई भने, “मेरी बहिनी, आऊ, मसँग सुत ।”
১১যেতিয়া তাই পিঠা লৈ তেওঁৰ ওচৰলৈ আনিলে, তেতিয়া অম্নোনে তাইক ধৰি ক’লে, “হে মোৰ ভনী, আহা মোৰ লগত শয়ন কৰা।”
12 उनले तिनलाई जवाफ दिइन्, “होइन, मेरो दाजु, मलाई कर नलगाउनुहोस्, किनकि इस्राएलमा यस्तो कुनै कुरा गर्नुहुँदैन । यस्तो घोर दुष्‍ट कुरा नगर्नुहोस् ।
১২তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!
13 मैले आफ्‍नो लाजबाट कसरी मुक्‍त हुन सक्‍छु र? तपाईंको बारेमा नि? तपाईं इस्राएलमा एक जना मूर्खजस्तै हुनुहुने छ । अब कृपया राजासँग कुरा गर्नुहोस्, किनकि उहाँले मलाई तपाईंबाट अलग गर्नुहुन्‍न ।”
১৩মই কলৈ গৈ মোৰ মুখ ঢাকিম? আৰু তুমিও ইস্ৰায়েলৰ মাজত এজন লজ্জাহীন মুৰ্খৰ নিচিনা হ’বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা কিয়নো তেওঁ মোক তোমালৈ বিয়া দিবলৈ অসন্মত নহ’ব।”
14 तापनि अमनोनले उनको कुरा सुनेनन् । तिनी तामारभन्दा बलिया भएका हुनाले, तिनले उनलाई समाते र तिनी उनीसित सुते ।
১৪কিন্তু অম্নোনে তাইৰ কথা শুনিবলৈ অসন্মত হ’ল আৰু নিজে তাইতকৈ বলী হোৱা হেতুকে, তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে।
15 त्‍यसपछि अमनोनले तामारलाई अत्यान्‍तै घृणा गरे । तिनले उनलाई इच्‍छा गरेकोभन्दा पनि धेरै घृणा तिनले उनलाई गरे । अमनोनले उनलाई भने, “उठ् र जा ।”
১৫তাৰ পাছত অম্নোনে তাইক অতিশয় ঘিণ কৰিব ধৰিলে৷ তেওঁ যি পৰিমানে তাইলৈ কামাসক্ত আছিল তাতকৈ অধিক পৰিমাণে তাইক ঘিণ কৰিব ধৰিলে। এই হেতুকে অম্নোনে তাইক ক’লে, “উঠি গুচি যোৱা।”
16 तर उनले तिनलाई जवाफ दिइन्, “होइन! मलाई निकाल्‍ने कुरा त ठुलो दुष्‍टता हो जुन तपाईंले मलाई गर्नुभएको कुराभन्दा पनि झन् खराब कुरा हो ।” तर अमनोनले उनको कुरा सुनेनन् ।
১৬তাতে তাই তেওঁক ক’লে, “এনে নকৰিবা! কিয়নো তুমি মোলৈ কৰা প্ৰথম দোষতকৈ, মোক বাহিৰ কৰি উলিয়াই খেদাতোহে বেচিকৈ বেয়া!” কিন্তু অম্নোনে তাইৰ কথা নুশুনিলে৷
17 बरु, तिनले आफ्नो व्यक्‍तिगत सेवकलाई बोलाए र भने, “यो स्‍त्रीलाई मबाट हटाओ र त्‍यसलाई निकालेपछि ढोका बन्‍द गरिदेओ ।”
১৭তাৰ সলনি তেওঁ নিজৰ দাসক মাতি ক’লে, “এইক মোৰ ওচৰৰ পৰা উলিয়াই নে আৰু তাইৰ পাছত দুৱাৰৰ ডাং লগাই দে।”
18 तब तिनको सेवकले उनलाई बाहिर ल्यायो र उनलाई निकालेपछि ढोका बन्‍द गरिदियो । तामारले धेरै बुट्टादार लुगा लगाइरहेकी थिइन् किनभने राजाका कन्या छोरीहरूले त्यसरी लगाउँछन् ।
১৮তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।
19 तामारले आफ्नो टाउकोमा खरानी हालिन् र आफ्नो लुगा च्यातिन् । उनले आफ्नो हात शिरमाथि राखिन् र उनी ठुलो सोरले रुँदै हिंडेर गइन् ।
১৯তেতিয়া তামাৰে নিজৰ মুৰত ছাঁই ল’লে, আৰু নিজৰ গাত থকা সেই দীঘল অলংকাৰপূর্ণ চোলা ফালি মুৰত হাত দি চিঞৰি কান্দি কান্দি গুচি আহিল।
20 उनका दाजु अब्शालोमले उनलाई भने, “के तिम्रो दाजु अमनोन तिमीसँगै थिए? मेरी बहिनी, अब चूपचाप बस । तिनी तिम्रै दाजु हुन् । यस कुरालाई मनमा नलेऊ ।” त्यसैले तामार आफ्‍नो दाजुको घरमा एक्‍लै बसिन् ।
২০তাৰ পাছত তাইৰ ককায়েক অবচালোমে তাইক সুধিলে, “তোমাৰ ককাই অম্নোন তোমাৰ লগত আছিল নেকি? কিন্তু এতিয়া হে মোৰ ভনী, মনে মনে থাকা, সি তোমাৰ ককাই; এই কথাত বৰকৈ দুখ নকৰিবা।” তেতিয়াৰে পৰা তামাৰ বিষাদ মনেৰে নিজ ককাই অবচালোমৰ ঘৰত থাকিল।
21 तर जब राजा दाऊदले यी सबै कुरा सुने, तब तिनी रिसले चुर भए ।
২১পাছে দায়ুদ ৰজাই এই সকলো কথা শুনি অতিশয় ক্ৰুদ্ধ হ’ল।
22 अब्शालोमले अमनोनलाई केही पनि भनेनन्, किनकि तिनले आफ्नो बहिनीलाई जे गरेका थिए र तिनले जसरी आफ्नो बहिनी तामारलाई अपमान गरेका थिए, त्यसको निम्ति अब्शालोमले तिनलाई घृणा गरे ।
২২আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।
23 पुरा दुई वर्षपछि यस्‍तो भयो, अब्शालोमले एफ्राइम नजिकै रहेको बाल‍हासोरमा भेडको ऊन कत्रिए र अब्शालोमले राजाका सबै छोरालाई निमन्त्रणा दिए ।
২৩সম্পূর্ণ দুবছৰৰ পাছত ইফ্ৰয়িমৰ ওচৰত থকা বালহাচোৰত অবচালোমৰ লোকসকলে মেৰৰ নোম কটা কাম কৰি আছিল৷ তাতে অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক নিমন্ত্ৰণ কৰিলে।
24 अब्शालोम राजाकहाँ गए र भने, “हे्र्नुहोस्, तपाईंको दासले भेडाको ऊन कत्रन लगेको छ । कृपया, राजा र उहाँका सेवकहरू हजुरका दासकहाँ सवारी होस् ।”
২৪অবচালোমে ৰজাৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আপোনাৰ এই দাসৰ লগত মেৰৰ নোম কটা লোকসকল আছে৷ এই কাৰণে মই বিনয় কৰোঁ, মহাৰাজ আৰু মহাৰাজৰ দাসবোৰ আপোনাৰ এই দাসৰ লগত আহক।”
25 राजाले अब्शालोमलाई जवाफ दिए, “होइन, मेरो छोरो, हामी सबै जना जानुहुँदैन किनभने तिम्रो निम्ति हामी बोझ हुन्छौं ।” अब्शालोमले राजालाई बिन्ती गरे, तर तिनी गएनन्। बरु तिनले उनलाई आशिष् दिए ।
২৫তাতে ৰজাই অবচালোমক ক’লে, “সেয়ে নহয় বোপা, আমি সকলোৱে নাযাওঁ; গ’লে তোমাৰ অধিক ভাৰহে হ’ব।” তথাপি তেওঁ বৰকৈ ধৰিলে; কিন্তু ৰজাই যাবলৈ মান্তি নহ’ল যদিও তেওঁক আশীৰ্ব্বাদ কৰিলে।
26 तब अब्शालोमले भने, “होइन भने, मेरो दाजु अमनोनलाई मसँग जान दिनुहोस् ।” राजाले उनलाई भने, “अमनोन तिमीसँग किन जाने नि?”
২৬তেতিয়া অবচালোমে ক’লে, “যদি সেয়ে নহয়, তেন্তে মোৰ ভাই অম্নোনক আমাৰ লগত যাবলৈ অনুমতি দিয়ক।” তেতিয়া ৰজাই তেওঁক ক’লে, “অম্নোন তোমাৰ লগত কিয় যাব লাগে?”
27 अब्शालोमले दाऊदलाई कर गरे, र तिनले अमनोन र सबै राजकुमारलाई उनीसित जान दिए ।
২৭অবচালোমে বৰকৈ ধৰাত ৰজাই অম্নোনক আৰু সকলো ৰাজকোঁৱৰক তেওঁৰ লগত যাবলৈ অনুমতি দিলে।
28 अब्शालोमले उनका सेवकहरूलाई यसो भनेर आदेश दिए, “ध्यानपूर्वक सुन । जब अमनोनलाई मद्यले असर गर्न थाल्छ र जब म तिमीहरूलाई भन्‍छु, ' अमनोनलाई आक्रमण गर,' तब त्यसलाई मार । नडराऊ । के तिमीहरूलाई मैले आज्ञा गरेको होइन र? साहसी र आँटिलो होओ?”
২৮অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
29 त्यसैले अबशालोमका सेवकहरूले उनले आज्ञा गरेबमोजिम नै अमनोनलाई गरे । तब सबै राजकुमार उठे र सबैले आ-आफ्नो कच्‍चर चढे र भागे ।
২৯তেতিয়া অবচালোমৰ দাসবোৰে তেওঁৰ আজ্ঞাৰ দৰে অম্নোনলৈ কৰিলে। তেতিয়া আন আটাই ৰাজকোঁৱৰসকল উঠি, প্ৰতিজনে নিজ নিজ খছৰৰ পিঠিত উঠি পলাল।
30 यसैले यस्‍तो भयो, जब तिनीहरू बाटोमै थिए, तब दाऊदकहाँ यसो भन्‍ने खबर आयो, “अब्शालोमले सबै राजकुमारलाई मरेका छन् र त्‍यहाँ एक जना पनि बाँचेका छैनन् ।”
৩০তেওঁলোক বাটত থাকোঁতেই দায়ূদলৈ এই বাতৰি আহিল, বোলে, “অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক বধ কৰিলে, তেওঁলোকৰ এজনো অৱশিষ্ট নাই।”
31 त्यसपछि राजा उठे र आफ्नो लुगा च्याते र भुईंमा पसारो परे । तिनका सबै सेवकले पनि आआफ्ना लुगा च्याते र छेउमा खडा भए ।
৩১তেতিয়া ৰজাই উঠি নিজৰ কাপোৰ ফালি মাটিত দীঘল হৈ পৰিল; আৰু তেওঁৰ দাসবোৰেও নিজ নিজ কাপোৰ ফালি ৰজাৰ ওচৰত থিয় হৈ ৰ’ল।
32 दाऊदका दाजु शिमाहका छोरा योनादाबले जवाफ दिए र भने, “तिनीहरूले सबै जवानलाई मारेका छन् भनेका कुरामा मेरा मालिकले विश्‍वास नगर्नुहोस्, किनकि अमनोन मात्र मरेका छन् । अमनोनले अब्शालोमकी बहिनी तामारलाई दुर्व्यवहार गरेकै दिनदेखि तिनले यो योजना बनाएका छन् ।
৩২তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ সেই যোনাদবে মাত লগাই ক’লে, “সকলো ৰাজকোঁৱৰ যে হত হ’ল, মোৰ প্ৰভুৱে এনে নাভাবক, কিয়নো কেৱল অম্নোনৰহে মৃত্যু হৈছে। কাৰণ অবচালোমৰ ভনী তামাৰক বলাৎকাৰ কৰা দিনৰে পৰা অবচালোমে ইয়াক থিৰ কৰিছিল।
33 यसकरण मेरो मालिक राजाले यो खबरलाई राजाका सबै छोराहरू मरेका छन् भनी विश्‍वास गर्नको निम्ति मनमा नलिनुहोस्, किनकि अमनोन मात्र मरेका छन् ।”
৩৩এতেকে সকলো ৰাজকোঁৱৰ মৰাৰ কথা মোৰ প্ৰভু ৰজাই যেন নিজ মনত ঠাই নিদিয়ে কিয়নো কেৱল অম্নোনহে মৰিছে।”
34 अब्शालोम भागे । रक्षक भएका एक जना सेवकले हेरे र आफ्‍नो पश्‍चिमतिरको पहाडको बाटोमा धेरै जना मानिस आइरहेको देखे ।
৩৪কিন্তু ইয়াৰ ভিতৰতে অবচালোম পলাল। পাছত ডেকা পৰিয়াই চকু তুলি চাই পৰ্বতৰ কাষৰ পৰা নিজৰ পাছফালে থকা বাটেদি অনেক লোকক অহা দেখিলে।
35 तब योनादाबले राजालाई भने, “हे्र्नुहोस्, राजकुमारहरू आउँदै छन् । यो तपाईंको दासले भनेजस्तै हो ।”
৩৫তাতে যোনাদবে ৰজাক ক’লে, “সৌৱা চাওঁক, ৰাজকোঁৱৰসকল আহিছে; আপোনাৰ দাসৰ কথাৰ দৰে সেয়েই ঘটিল।”
36 अनि यस्‍तो भयो, जब तिनले बोलिसके तब राजकुमारहरू आइपुगे र ठुलो सोर गरे र रोए । राजा र तिनका सेवकहरू पनि धुरुधुरु रोए ।
৩৬এই কথা কোৱা মাত্ৰকে ৰাজকোঁৱৰসকল আহি পাই, চিঞৰি কান্দিবলৈ ধৰিলে৷ তাতে ৰজা আৰু তেওঁৰ আটাই দাসবোৰেও বৰকৈ কান্দিবলৈ ধৰিলে।
37 तर अब्शालोम भागे र गशूरका राजा अम्मीहूदका छोरा तल्मैकहाँ गए । दाऊदले आफ्‍नो छोराको निम्ति हरेक दिन विलाप गरे ।
৩৭কিন্তু অবচালোম পলাই গচুৰৰ ৰজা অম্মীহোৰৰ পুত্ৰ তল্ময়ৰ ওচৰলৈ গ’ল। দায়ূদে প্ৰতিদিনে নিজৰ পুত্ৰৰ কাৰণে শোক কৰিলে।
38 यसैले अब्शालोम भागे र गशूरमा गए, जहाँ तिनी तीन वर्षसम्म बसे ।
৩৮এইদৰে অবচালোম পলাই গচুৰলৈ গৈ, তাত তিনি বছৰ থাকিল।
39 दाऊद राजाको मनले अब्शालोमलाई भेट्न जाने तीव्र इच्‍छा गर्‍यो, किनकि तिनी अमनोन र उनको मृत्युको बारेमा सान्त्वना पाएका थिए ।
৩৯পাছত দায়ুদ ৰজাই অবচালোমৰ ওচৰলৈ যাবলৈ হাবিয়াহ কৰিলে কিয়নো তেওঁ অম্নোনৰ মৃত্যু হোৱাত সেই বিষয়ে শান্ত্বনাপ্ৰাপ্ত হৈছিল।

< २ शमूएल 13 >