< २ राजाहरू 22 >
1 योशियाहले राज्य गर्न सुरु गर्दा तिनी आठ वर्षका थिए । तिनले यरूशलेममा एकतिस वर्ष राज्य गरे । तिनकी आमाको नाउँ यदीता थियो (उनी बोस्कतकी अदायाहकी छोरी थिइन्) ।
১আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
2 परमप्रभुको दृष्टिमा जे ठिक थियो, तिनले त्यही गरे । तिनी आफ्ना पुर्खा दाऊदका सबै मार्गमा हिंडे, र तिनी दायाँ र बायाँ लागेनन् ।
২যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
3 राजा योशियाहको अठारौँ वर्षमा तिनले मशुल्लामका नाति, असल्याहका छोरा सचिव शापानलाई यसो भनेर परमप्रभुको मन्दिरमा पठाए,
৩যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,
4 “प्रधान पुजारी हिल्कियाहकहाँ जाऊ, र परमप्रभुको मन्दिरमा ल्याइएको रुपियाँ-पैसा जसलाई मन्दिरका पहरादारहरूले मानिसहरूबाट जम्मा गरेका छन्, त्यो गन्न तिनलाई भन ।
৪“আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।
5 परमप्रभुको मन्दिरको रेखदेख गर्ने मानिसहरूका हातमा त्यो दिनू, र तिनीहरूले परमप्रभुको मन्दिर मर्मत गर्ने कारिन्दाहरूलाई मन्दिरको मरम्मत गर्ने कामको निम्ति त्यो देऊन् ।
৫সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
6 मन्दिरको मर्मत गर्ने सिकर्मीहरू, निर्माण गर्नेहरू, र डकर्मीहरूलाई अनि काठपात किन्न र ढुङ्गा काटनलाई तिनीहरूले त्यो रुपियाँ-पैसा देऊन् ।”
৬কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
7 तर तिनीहरूलाई दिइएको रुपियाँ-पैसाको हरहिसाब लिइएन किनकि तिनीहरूले यो कामलाई विश्वासका साथ सम्हालेका थिए ।
৭কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
8 प्रधान पुजारी हिल्कियाहले सचिव शापानलाई भने, “मैले परमप्रभुको मन्दिरमा व्यवस्थाको पुस्तक भेट्टाएको छु ।” त्यसैले हिल्कियाहले त्यो पुस्तक शापानलाई दिए, र तिनले यो पढे ।
৮প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।
9 शापानले त्यो किताब राजाकहाँ लगे, र तिनलाई यसो भनी विवरण दिए, “तपाईंका दासहरूले मन्दिरमा भेट्टाइएका रुपियाँ-पैसा खर्च गरेका छन्, र तिनीहरूले यो परमप्रभुको मन्दिरको रेखदेख गर्ने कारिन्दहरूका हातमा दिएका छन् ।”
৯তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
10 तब सचिव शापानले राजालाई भने, “प्रधान पुजारी हिल्कियाहले मलाई एउटा पुस्तक दिएका छन् ।” तब शापानले त्यो राजाको लागि पढे ।
১০লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
11 जब राजाले व्यवस्थाका वचनहरू सुने तिनले आफ्ना लुगा च्याते ।
১১ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
12 राजाले पुजारी हिल्कियाह, शापानका छोरा अहीकाम, मीकायाका छोरा अक्बोर, सचिव शापान र राजाका आफ्नै सेवक असायाहलाई हुकुम गरे,
১২ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
13 “जाओ, र यस पुस्तकमा पाइएका वचनहरूको कारणले मेरो लागि र सारा यहूदाका लागि परमप्रभुको सल्लाह खोज । किनकि हाम्रा विरुद्धमा भएको परमप्रभुको क्रोध भयानक छ, किनभने यस पुस्तकमा भएका हाम्रा सम्बन्धका वचनलाई हाम्रा पुर्खाहरूले जसरी पालन गर्नुपर्थ्यो त्यसरी तिनीहरूले गरेनन् ।”
১৩“আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
14 त्यसैले पुजारी हिल्कियाह, अहीकाम, अक्बोर, शापान र असायाह अगमवादिनी हुल्दाकहाँ गए । उनी दरबारका लुगाफाटो हेरचाह गर्ने हरहसका नाति, तिक्भाका छोरा शल्लूमकी पत्नी थिइन् । (उनी यरूशलेमको दोस्रो टोलमा बस्थिन्) । तिनीहरूले उनीसित कुरा गरे ।
১৪এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
15 उनले तिनीहरूलाई भनिन्, “इस्राएलका परमप्रभु परमेश्वर यसो भन्नुहुन्छ, 'तिमीहरूलाई मकहाँ पठाउने मानिसलाई भन्,
১৫তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,
16 “परमप्रभु यसो भन्नुहुन्छः हेर्, यहूदाका राजाले यस पुस्तकमा पढेअनुसार यस ठाउँ र यसका बासिन्दाहरूमा म विपत्ति ल्याउनेछु ।
১৬“যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
17 किनकि तिनीहरूले मलाई त्यागे अनि अन्य देवताहरूलाई धूप बाले, यसरी तिनीहरूले गरेका सबै कामले तिनीहरूले मलाई रिस उठाए— यसकारण यस ठाउँको विरुद्धमा मेरो क्रोध दन्केको छ, र यो निभाइने छैन' ।”
১৭কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
18 तर परमप्रभुको इच्छा जान्न तिमीहरूलाई पठाउने यहूदाका राजालाई चाहिं तिमीहरूले यसो भन, 'तपाईंले सुन्नुभएको वचनको विषयमा इस्राएलका परमप्रभु परमेश्वर यसो भन्नुहुन्छः
১৮কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
19 तिनीहरू उजाड र श्रापित हुनेछन् भनी मैले यस ठाउँ र यसका बासिन्दाहरूको विरुद्धमा भनेको सुनेर तैँले आफ्नो ह्रदय कोमल बनाएको र तैँले परमप्रभुको सामु आफैलाई विनम्र तुल्याएको अनि तैँले आफ्ना लुगा च्यातेको र मेरो सामु रोएका हुनाले मैले तेरो कुरा पनि सुनेको छु—यो परमप्रभुको घोषणा हो ।
১৯তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
20 हेर्, म तँलाई तेरा पुर्खाहरूसित जम्मा गर्नेछु, र तँ शान्तिसित तेरो चिहानमा जानेछस् । मैले यस ठाउँमा ल्याउने सबै विपत्तिलाई तेरा आँखाले देख्नेछैनस् । यसरी मानिसहरूले राजाकहाँ यो सन्देश लिएर गए ।
২০‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।