< २ राजाहरू 14 >
1 इस्राएलका राजा यहोआहाजको छोरा यहोआशको दोस्रो वर्षमा यहूदाका राजा योआशका छोरा अमस्याहले राज्य गर्न थाले ।
১ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে।
2 तिनले राज्य गर्न सुरु गर्दा तिनी पच्चिस वर्षका थिए । तिनले यरूशलेममा उनन्तिस वर्ष राज्य गरे । तिनकी आमाको नाउँ यहोअदीन थियो जो यरूशलेमकी थिइन् ।
২তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল।
3 परमप्रभुको दृष्टिमा जे ठिक थियो, तिनले त्यही गरे, तापनि तिनका पुर्खा दाऊदले गरेझैँ भने होइन । आफ्ना पिता योआशले गरेका हरेक काम तिनले गरे ।
৩যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল।
4 तर डाँडाका थानहरू हटाइएनन् । मानिसहरूले अझै पनि डाँडाका थानहरूमा बलि चढाए र धूप बाले ।
৪কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল।
5 तिनको शासन सुदृढ हुनेबित्तिकै आफ्ना पिताको अर्थात् राजाको हत्या गर्ने सेवकहरूलाई तिनले मारे ।
৫ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।
6 तापनि तिनले हत्याराहरूका छोराहरूलाई भने मारेनन् । बरु, तिनले मोशाको व्यवस्थामा लेखिएअनुसार काम गरे, जस्तो परमप्रभुले यसो भनेर आज्ञा दिनुभएको थियो, “बुबाहरूलाई छोराछोरीका कारणले अनि छोराछोरीलाई बुबाहरूका कारणले मार्नुहुँदैन । बरु, हरेक व्यक्तिलाईउसको आफ्नै पापको कारणले मार्नुपर्छ ।”
৬কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।”
7 नुनको उपत्यकामा एदोमका दस हजार सिपाहीलाई तिनले मारे । तिनले युद्धमा सेलालाई जिते त्यसको नाउँ योक्तेल राखे जसको नाउँ आजको दिनसम्म पनि त्यही छ ।
৭অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।
8 तब अमस्याहले इस्राएलका राजा येहूका नाति, यहोआहाजका छोरा यहोआशकहाँ यसो भनी सन्देशवाहकहरू पठाए, “आउनुहोस्, हामी युद्धमा एक-अर्कालाई आमनेसामने भेटौँ ।”
৮তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।”
9 तर इस्राएलका राजा यहोआशले यहूदाका राजा अमस्याहलाई यसो भनी सन्देशवाहकहरू पठाए, “लेबनानको एउटा सिउँडीले लेबनानकै एउटा देवदारुलाई यसो भनेर सन्देश पठायो, 'तिम्री छोरी मेरा छोरासित विवाह गरिदेऊ ।' तर लेबनानमा भएको जङ्गली जनावर त्यताबाट हिंड्यो र सिउँडीलाई कुल्च्यो ।
৯কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে।
10 तिमीले साँच्चै एदोमलाई आक्रमण गर्यौ, र तिम्रो शेखी बढेको छ । आफ्नो विजयमा गर्व गर, तर घरमै बस किनकि तिमीले किन आफैलाई सङ्कष्टमा पार्ने अनि तिमी र यहूदा पनि दुवै किन पतन हुने?”
১০ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধ্বংস মাতি আনিছে?”
11 तर अमस्याहले यो कुरा सुनेनन् । त्यसैले इस्राएलका राजा यहोआशले आक्रमण गरे, अनि तिनी र यहूदाका राजा अमस्याह यहूदाको बेथ-शेमेशमा एक-अर्कासित आमनेसामने भेटे ।
১১কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল।
12 इस्राएलद्वारा यहूदा पराजित भयो, र हरेक मानिस घर भाग्यो ।
১২ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল।
13 बेथ-शेमेशमा इस्राएलका राजा यहोआशले अहज्याहका नाति, योआशका छोरा यहूदाका राजा अमस्याहलाई समाते । तिनी यरूशलेममा आए र तिनले एफ्राइमको ढोकादेखि कुने ढोकासम्म लगभग दुई सय मिटर लामो यरूशलेमको पर्खाल भत्काइदिए ।
১৩ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে।
14 तिनले परमप्रभुको मन्दिरमा भेट्टाइएका सबै सुन र राजदरबारका मुल्यवान् थोकहरूका साथमा केही बन्दीहरूलाई समेत लगे र सामरिया फर्के ।
১৪যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।
15 यहोआश, तिनले गरेका सबै काम, तिनको शक्ति र कसरी तिनले यहूदाका राजा अमस्याहसित लडे भन्ने बारेमा इस्राएलका राजाहरूको इतिहासको पुस्तकमा लेखिएका छैनन् र?
১৫যিহোৱাচে কৰা কাৰ্যৰ অন্যান্য বৃতান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহূদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
16 तब यहोआश आफ्ना पुर्खाहरूसित सुते, र इस्राएलका राजाहरूसँगै सामरियाम गाडिए, अनि तिनको ठाउँमा तिनका छोरा यारोबाम राजा भए ।
১৬পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
17 इस्राएलका राजा यहोआहाजका छोरा येहोआशको मृत्युपछि यहूदाका राजा योआशका छोरा अमस्याह पन्ध्र वर्ष बाँचे ।
১৭ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল।
18 अमस्याहका विषयमाभएका अन्य कुराहरूका बारेमा यहूदाका राजाहरूको इतिहासको पुस्तकमा लेखिएका छैनन् र?
১৮অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই?
19 तिनीहरूले यरूशलेममा अमस्याहको विरुद्धमा षड्यन्त्र रचे र तिनी लाकीशमा भागे । तिनी लाकीशमा भागे तर तिनीहरूले तिनको पिछा गर्न लाकीशमा मानिसहरू पठाए, र तिनलाई त्यहीँ मारे ।
১৯তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।
20 तिनीहरूको तिनको लाशलाई घोडाहरूमा राखेर ल्याए र दाऊदको सहरमा तिनी आफ्ना पुर्खाहरूसितै गाडिए ।
২০তেওঁলোকে তেওঁৰ শৱটো ঘোঁৰাৰ পিঠিত তুলি যিৰূচালেমলৈ লৈ আনিলে আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল।
21 यहूदाका सारा मानिसले सोह्र वर्षका अजर्याहलाई लिए र तिनलाई आफ्ना पिता अमस्याहको ठाउँमा राजा बनाए ।
২১পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ।
22 राजा अमस्याह आफ्ना पुर्खाहरूसित सुतेपछि अजर्याहले नै एलात सहरलाई पुनर्निर्माण गरे र त्यसलाई यहूदामा फिर्ता दिए ।
২২ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।
23 यहूदाका राजा योआशका छोरा अमस्याहको पन्ध्रौँ वर्षमा इस्राएलका राजा येहोआशका छोरा यारोबामले सामरियामा राज्य गर्न थाले । तिनले एकचालिस वर्ष राज्य गरे ।
২৩যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।
24 परमप्रभुको दृष्टिमा जे खराब थियो, तिनले त्यही गरे । इस्राएललाई पाप गर्न लगाउने नबातका छोरा यारोबामको कुनै पनि पापबाट तिनी फर्केनन् ।
২৪তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।
25 इस्राएलका परमप्रभु परमेश्वरले आफ्ना सेवक गात-हेपेरका अमित्तैका छोरा योना अगमवक्ताद्वारा बोल्नुभएको वचनअनुसार लेबोहमातदेखि अराबाको समुद्रसम्म इस्राएलका सिमानालाई तिनले पुनर्स्थापित गरे ।
২৫ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।
26 किनकि फुक्का र स्वतन्त्र हरेक इस्राएलीले कष्ट भोगिरहेको परमप्रभुले देख्नुभयो, र इस्राएलको लागि कुनै उद्धारक थिएन ।
২৬কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
27 त्यसैले आकाशमुनि इस्राएलको नाउँ परमप्रभुले मेट्नुहुनेछैन भनी उहाँले भन्नुभयो । बरु उहाँले तिनीहरूलाई येहोआशका छोरा यारोबामको हातबाट बचाउनुभयो ।
২৭যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।
28 यारोबाम, तिनले गरेका सबै काम, तिनको शक्ति, कसरी तिनले युद्ध गरे र यहूदाको अधीनमा रहेका दमस्कस र हमातलाई इस्राएललाई फिर्ता गराए भन्ने बारेमा इस्राएलका राजाहरूको इतिहासको पुस्तकमा लेखिएका छैनन् र?
২৮যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?
29 यारोबाम आफ्ना पुर्खाहरू इस्राएलका राजाहरूसित सुते, र तिनको ठाउँमा तिनका छोरा जकरिया राजा भए ।
২৯পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।