< २ इतिहास 12 >
1 यस्तो भयो, जब रहबामको राज्य स्थापित भयो र तिनी शक्तिशाली भए, तब तिनले परमप्रभुको व्यवस्था त्यागे— र तिनीसँगै जम्मै इस्राएलले पनि त्यागे ।
১যেতিয়া ৰহবিয়ামৰ ৰাজ্য প্ৰতিস্থিত আৰু তেওঁ শক্তিশালী হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ বিধি ত্যাগ কৰিলে।
2 रहबाम राजाको शासनकालको पाँचौं वर्षमा मिश्रदेशका राजा शीशक यरूशलेमको विरुद्ध आए, किनभने मानिसहरू परमप्रभुप्रति अविश्वासी भएका थिए।
২তেতিয়া এই ঘটনা ঘটিছিল, সেয়া আছিল ৰজা ৰহবিয়ামৰ ৰাজত্ৱৰ পঞ্চম বছৰ; মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰোদ্ধ কৰিলে৷ কাৰণ তেওঁলোকে যিহোৱাৰ প্ৰতি অবিশ্ৱাসী আছিল৷
3 तिनी बाह्र सय रथ र साठी हजार घोडचढी लिएर आए । तिनीसँग मिश्रदेशबाट आएका असंख्य फौज हरूः लिबियाली, सुक्किया र कूशीहरू आए ।
৩তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল।
4 तिनले यहूदाका किल्लाबन्दी गरिएका सहरहरू जिते र यरूशलेममा आइपुगे ।
৪তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল।
5 शीशकको कारणले यरूशलेममा भेला भएका रहबाम र यहूदाका अगुवाहरू भएको ठाउँमा शमयाह अगमवक्ता आए । शमायाहले तिनीहरूलाई भने, “परमप्रभु यसो भन्नुहुन्छ: ‘तिमीहरूले मलाई त्यागेका छौ, यसैले मैले पनि तिमीहरूलाई शीशकको हातमा सुम्पिदिएको छु’ ।”
৫সেই সময়ত চময়িয়া ভাববাদীয়ে ৰহবিয়ামৰ ওচৰলৈ আৰু চীচকৰ ভয়ত যিৰূচালেমত গোট খোৱা যিহূদাৰ অধ্যক্ষসকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘তোমালোকে মোক ত্যাগ কৰিলা, এই কাৰণে ময়ো তোমালোকক ত্যাগ কৰি চীচকৰ হাতত দিলোঁ’৷”
6 तब इस्राएलका शासकहरू र राजाले आफूलाई विनम्र बनाए र भने, “परमप्रभु धर्मी हुनुहुन्छ ।”
৬তেতিয়া ইস্ৰায়েলৰ ৰাজকুমাৰ আৰু ৰজাই নিজকে নম্ৰ কৰি ক’লে, “যিহোৱা ন্যায়বান।”
7 जब तिनीहरूले आफूलाई विनम्र तुल्याएका छन् भनी जब परमप्रभुले देख्नुभयो, तब परमप्रभुको वचन शमायाहकहाँ यसो भनेर आयो, “तिनीहरूले आफूलाई विनम्र तुल्याएका छन् । म तिनीहरूलाई विनाश गर्नेछैनँ । म तिनीहरूलाई केही हदसम्म उद्धार गर्नेछु, र शीशकको हातद्वारा यरूशलेममा म आफ्नो क्रोध खन्याउनेछैनँ ।
৭তেতিয়া যিহোৱাই তেওঁলোকক নম্ৰ হোৱা দেখি চময়িয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে, “তেওঁলোক নম্ৰ হ’ল৷ মই তেওঁলোকক বিনষ্ট নকৰোঁ; কিন্তু অলপ সময়ৰ কাৰণেহে তেওঁলোকক উদ্ধাৰ কৰিম আৰু চীচকৰ হাতৰ দ্বাৰাই যিৰূচালেমৰ ওপৰত মোৰ ক্ৰোধ ঢলা নাযাব।
8 तापनि तिनीहरू त्यसका सेवकहरू हुनेछन् ताकि मेरो सेवा गर्नु र अरू देशका शासकहरूका सेवा गर्नमा के भिन्नता रहेछ सो तिनीहरूले थाहा पाउनेछन् ।”
৮তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”
9 यसैले मिश्रदेशका राजा शीशक यरूशलेमको विरुद्ध आए र परमप्रभुको मन्दिर कोषहरू र राजाको महलका भण्डारका धन-सम्पत्ति लुटेर लगे । तिनले हरेक कुरा लगे । सोलोमनले बनाएका सुनका ढालहरू पनि तिनले लगे ।
৯পাছত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে আহিল আৰু যিহোৱাৰ গৃহৰ লগতে ৰাজ গৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল৷ তেওঁ সকলোকে নিলে আৰু চলোমনে সজোৱা সোণৰ ঢালবোৰো লৈ গ’ল।
10 रहबाम राजाले तिनको सट्टामा काँसाका ढालहरू बनाए र राजाका महलको ढोकाहरूका रक्षा गर्ने रक्षकहरूका कमाण्डरहरूका जिम्मामा दिए ।
১০তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল সাজিলে আৰু ৰাজ গৃহৰ দুৱাৰ ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
11 जब राजा परमप्रभुको मन्दिरभित्र पस्थे, तब रक्षकहरू ती बोक्थे । अनि तिनीहरूले रक्षक बस्ने कोठामा फेरि ती फर्काउँथे ।
১১এইদৰে ৰজা যেতিয়া যিহোৱাৰ গৃহলৈ আহে, তেতিয়া প্ৰহৰীবোৰে সেই ঢালবোৰ উলিয়াই আনে; পাছত পুনৰ প্ৰহৰীৰ কোঁঠাত সেইবোৰ থৈ দিয়ে৷
12 जब रहबामले आफूलाई विनम्र तुल्याए, तब तिनलाइ पुरै नष्ट नगर्नलाई परमप्रभुको क्रोध तिनीबाट हट्यो । यसका अतिरिक्त, यहूदामा केही असल कुरा अझै बाँकी थियो ।
১২ৰহবিয়াম নম্ৰ হোৱাৰ পাছত যিহোৱাৰ ক্ৰোধ ক্ষান্ত হ’ল৷ তেওঁ ৰহবিয়ামক সম্পূৰ্ণৰূপে বিনষ্ট নকৰিলে; আনহাতে যিহূদাৰ মাজতো লোকৰ সদ্ভাৱ আছিল।
13 यसरी रहबाम राजाले यरूशलेममा आफ्नो राजकाज बलियो बनाए, र यसरी तिनले राज्य गरे । रहबामले राज्य गर्न सुरु गर्दा तिनी एकचालीस वर्षका थिए, र परमप्रभुले इस्राएलका सारा कुलबाट आफ्नो नाउँ राख्नका निम्ति चुन्नुभएको सहर यरूशलेममा तिनले सत्र वर्ष राज्य गरे । तिनकी आमाको नाउँ अम्मोनी स्त्री नामा थियो ।
১৩ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।
14 तिनले जे खराब थियो त्यही गरे, किनभने तिनले आफ्नो हृदय परमप्रभुको खोजी गर्न लगाएनन् ।
১৪কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।
15 रहबामको राजकालका घटनाहरू सुरुदेखि अन्त्यसम्म शमायाह अगमवक्ता र दर्शी इद्दोका इतिहासका पुस्तकहरूमा समेत लेखिएका छैनन् र, जसमा वंशक्रमहरू र रहबाम र यारोबामका बीचमा निरन्तर भएको युद्धका अभिलेख पनि राखिएको छन्?
১৫ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল।
16 रहबाम आफ्ना पुर्खाहरूसित सुते, र दाऊदको सहरमा गाडिए । तिनका छोरा अबिया तिनका ठाउँमा राजा भए ।
১৬পাছত ৰহবিয়ামে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ অবিয়া তেওঁৰ পদত ৰজা হ’ল।