< १ शमूएल 29 >
1 अब पलिश्तीहरूले आफ्ना सारा फौजलाई अपेकमा एकसाथ भेला पारे । इस्रएलीहरूले यिजरेलको पानीको मूलनेर छाउनी हाले ।
১পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।
2 पलिश्तीहरूका शासकहरू सय र हजारको पङ्तिमा अघि बढे । दाऊद र तिनका मानिसहरू आकीशका पछिल्तिरका अङ्गरक्षकहरू थिए ।
২যেতিয়া পলেষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ’ল, তেতিয়া সকলোৰে শেষত আখীচৰ লগত দায়ুদ আৰু তেওঁৰ লোকসকলো গ’ল।
3 तब पलिश्तीहरूका शासकहरूले भने, “यी हिब्रूहरूले यहाँ के गरिरहेका छन्?” आकीशले पलिश्तीहरूका अरू शासकहरूलाई भने, “यिनी इस्राएलका राजा शाऊलका सेवक दाऊद होइन् जो मकहाँ आएको दिनदेखि आजसम्म मैले कुनै दोष भेट्टाएको छैन जो यी दिनहरू वा वर्षहरूमा मसँग बसेका छन्?”
৩তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে পলেষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ুদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।”
4 तर पलिश्तीहरूका शासकहरू तिनीसँग रिसाए र भने, “उसलाई फिर्ता पठाउनुहोस्, कि उसलाई दिइएको ठाउँमा फर्कोस् । ऊ हामीसँग युद्ध जानेछैन, किनकि ऊ युद्धको समयमा हाम्रै विरुद्धमा जाइलग्नेछ । किनकि उसले हाम्रा मानिसहरूको शिर काट्नुभन्दा अरू कसरी आफ्नो मालिकप्रति आफूलाई स्वीकारयोग्य बनाउन सक्छ र?
৪কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
5 के यिनै दाऊद होइनन् जसको बारेमा तिनीहरूले यसो भनेर एकआपस नाँच्दै गएका थिए, 'शाऊलले हजारौंलाई मारे र दाऊदले दसौं हजारलाई मारे'?”
৫দায়ুদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক, ই জানো সেই দায়ুদ নহয়?’”
6 त्यसपछि आकीशले दाऊदलाई बलाए र तिनलाई भने, “जस्तो परमप्रभु जीवित हुनुहुन्छ, तिमी असल भएका छौ र तिमी मेरो फौजसँगै बाहिर जाने र भित्र आउने कुरा मेरो दृष्टिमा असल नै छ । किनकि तिमी आएको दिनदेखि आजको दिनसम्म मैले तिमीसँग कुनै खराबी भेट्टाएको छैन । तापनि शासकहरूले तिमीलाई रुचाउँदैनन् ।
৬তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়।
7 त्यसैले अब फर्क र शान्तिसँग जाऊ, ताकि तिमीले पलिश्ती शासकहरूलाई अप्रशन्न तुल्याउनेछैनौ ।
৭এতেকে পলেষ্টীয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে, এতিয়া তুমি কুশলে উভটি যোৱা।”
8 दाऊदले आकीशलाई भने, “तर मैले के गरेको छु? म तपाईंको सामुन्ने आजको दिनसम्म बस्दा तपाईंले आफ्नो दासमा के भेट्टाउनुभएको छ, ताकि म मेरा मालिक राजाका शत्रुहरू विरुद्ध जान र युद्ध गर्न सक्दिन?”
৮তেতিয়া দায়ূদে আখীচক ক’লে, “কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ, তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দোষ পালে যে, মই মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ?”
9 आकीशले दाऊदलाई जवाफ दिए र भने, “तिमी मेरो दृष्टिमा परमेश्वरको दूत जत्तिकै दोषरहित छौ । तापनि पलिश्ती शासकहरूले भनेका छन्, 'यिनी हामीसँग युद्धमा जानुहुँदैन ।'
৯তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি পলেষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’
10 त्यसैले तिमीसँग आएका आफ्नो मालिकका सेवकहरूसँगै बिहान सबेरै उठ । बिहान जति सक्दो सबेरै र उज्यालो हुनुअघि नै गइहाल ।”
১০এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”
11 त्यसैले दाऊद बिहान सबेरै उठे, तिनी र तिनका मानिसहरू पलिश्तीहरूको देशमा फर्कन बिहान सबेरै हिंडे । तर पलिश्तीहरू माथि यिजरेलतिर गए ।
১১তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল।