< १ शमूएल 27 >
1 दाऊदले आफ्नो मनमा भने, “म कुनै दिन शाऊलको हातबाट नष्ट हुन्छु । मलाई पलिश्तीहरूको देशमा उम्केर जानुभन्दा उत्तम अरू केही हुँदैन । शाऊलले इस्राएलको सबै सिमानाभित्र मलाई खोज्न छोड्नेछ । यसरी म तिनको हातबाट उम्कनेछु ।”
১পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।
2 दाऊद उठे र आफू र आफूसँग भएका छ सय मानिससँगै गातका राजा माओकका छोरा आकीशकहाँ गए ।
২এই কাৰণে দায়ুদ উঠিল আৰু নিজৰ ছশ লোকক লগত লৈ মায়োকৰ পুত্ৰ গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
3 दाऊद र तिनीसँग भएका मानिसहरू, तिनका आफ्नै घरानाका हरेक मानिस, र दाऊदका आफ्नी दई जना पत्नी यिजरेली अहीनोम र नाबालकी पत्नी कार्मेली स्त्री अबीगेल गातमा आकीशसँग बसे ।
৩দায়ূদে গাতত আখীচৰ সৈতে বাস কৰিবলৈ ল’লে, তেওঁ আৰু তেওঁৰ লোকসকলে নিজ নিজ পৰিয়ালে সৈতে তাতে বাস কৰিলে। বিশেষকৈ দায়ুদ আৰু তেওঁৰ ভার্যা যিজ্ৰিয়েলীয়া অহীনোৱম আৰু মৃত নাবলৰ তিৰোতা কৰ্মিলীয়া অবীগল তেওঁৰ সৈতে তাতে প্ৰবাস কৰিলে।
4 दाऊद गातमा भागेर गयो भनी शाऊललाई भनियो, त्यसैले उनले तिनलाई खोज्न छोडे ।
৪পাছত চৌলে দায়ুদ পলাই যোৱাৰ খবৰ শুনিলে আৰু তেওঁক বিচাৰি নুফুৰিলে।
5 दाऊदले आकीशलाई भने, “मैले तपाईंको दृष्टिमा निगाह पाएको छु भने, देशभित्रका सहरमध्ये मलाई एउटा ठाउँ दिनुहोस्, ताकि म त्यहाँ बस्न सकूँ । तपाईंको दास तपाईंसँग राजकीय सहरमा किन बस्नु?”
৫তাৰ পাছত দায়ূদে আখীচক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেনেহলে দেশৰ নগৰবোৰৰ মাজৰ কোনো এখন নগৰত মোক থকিবলৈ ঠাই দিয়ক; কিয়নো আপোনাৰ এই দাসে আপোনাৰ লগত ৰাজধানীত কিয় বসতি কৰিব?”
6 त्यसैले त्यो दिन आकीशले तिनलाई सिक्लग दिए । त्यसैले सिक्लग आजको दिनसम्म पनि यहूदाका राजाहरूको अधीनमा छ ।
৬তাতে আখীচে সেইদিনা চিক্লগ নগৰ তেওঁক দিলে; সেয়ে আজিলৈকে চিক্লগ যিহূদাৰ ৰজাসকলৰ অধিকাৰত আছে।
7 दाऊद पलिश्तीहरूको देशमा पुरा एक वर्ष चार महिनासम्म बसे ।
৭দায়ূদে পলেষ্টীয়াসকলৰ দেশত সম্পূৰ্ণ এবছৰ চাৰি মাহ বাস কৰিলে।
8 दाऊद र तिनका मानिसहरूले विभिन्न ठाउँहरू आक्रमण गरेर गशूरीहरू, गिज्रीहरू र अमालेकीहरूलाई लूटे । किनभने तिनीहरू शूरतिर जाँदा मिश्रदेशसम्म बस्ने त्यस देशका बासिन्दाहरू थिए । तिनीहरू त्यस देशमा प्राचीनकालदेखि बस्दै आएका थिए ।
৮সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।
9 दाऊदले त्यो देशलाई आक्रमण गरे र न पुरुष न त स्त्रीलाई जीवित राखे । तिनले भेडाहरू, गोरुहरू, गधाहरू, ऊँटहरू र लुगाफाटा लगे । तिनी फर्कन्थे र आकीशकहाँ आउँथे ।
৯দায়ূদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ-মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰ-ছাগ, গৰু, গাধ, উট, আৰু কাপোৰ আদি লৈ আখীচৰ ওচৰলৈ উভতি আহিল।
10 आकीशले भन्थे, “आज तिमीले कसलाई लुट्यौ?” दाऊदले जवाफ दन्थे, “यहूदाको दक्षिणतिर” वा “यरहमेलीहरूको दक्षिणतिर” वा “केनीहरूको दक्षिणतिर ।”
১০তাতে আখীচে ক’লে, “আজি তোমালোকে কাৰ বিৰুদ্ধে আক্রমণ কৰিছিলা?” তেতিয়া দায়ূদে উত্তৰ দি ক’লে, “যিহূদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “কেনীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “যিৰহমেলীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে।”
11 दाऊदले, “तिनीहरूले हाम्रोबारे 'दाऊदले यसो-यसो गरे' भन्न नसकून्” भनेर गातमा ल्याउनलाई न पुरुष न त स्त्रीलाई जीवित राख्थे । तिनी पलिश्तीहरूको देशमा बस्दा तिनले गरेका सबै कुरा यही थियो ।
১১কিন্তু ‘দায়ূদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে’ এইদৰে সিহঁতে ক’ব পাৰে বুলি ভাবি, দায়ূদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টীয়াসকলৰ দেশত বাস কৰা গোটেই কালত এইদৰে ব্যৱহাৰ কৰিছিল।
12 आकीशले यसो भन्दै दाऊदलाई विश्वास गरे, “इस्राएलका मानिसले तिनलाई पूर्ण रूपमा घृणा गर्ने तिनले बनाएका छन् । यसकारण तिनी सदाको निम्ति मेरो सेवक हुनेछन् ।”
১২আখীচে দায়ূদক বিশ্বাস কৰিছিল আৰু কৈছিল, “তেওঁ নিজ জাতি ইস্ৰায়েলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।”