< १ इतिहास 28 >

1 दाऊदले इस्राएलका सबै अधिकारीलाईः कुलहरूका अधिकारीहरू, राजाको सेवामा आफूलाई तोकिएका समयको काममा लाग्‍ने दलहरूका अधिकारीहरू, हजार र सयका कमाण्‍डरहरू, राजा र तिनका छोराहरूका सबै सम्‍पत्तिमाथिका व्‍यवस्‍थापकहरू, अनि अधिकारीहरू र सबैभन्दा सिपालुहरू वीर योद्धाहरू यरूशलेममा भेला गरे ।
দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।
2 तब दाऊद राजा खडा भए र यसो भने, “ए मेरा दाजुभाइ र मेरा मानिसहरू हो, मेरा कुरा सुन्‍नुहोस् । परमप्रभुको करारका सन्‍दूकको निम्‍ति एउटा मन्‍दिर, हाम्रा परमेश्‍वरको निम्‍ति एउटा पाउदान बनाउने मेरो इच्‍छा थियो, अनि मैले त्‍यो निर्माण गर्नलाई तयारी पनि गरें ।
তাৰ পাছত ৰজা দায়ূদে থিয় হৈ ক’লে, “হে মোৰ ভাইসকল আৰু মোৰ লোক সমূহ, মোৰ কথা শুনা; যিহোৱাৰ নিয়ম-চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰি-পীৰাৰ অৰ্থে এটা মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্ম্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলো।
3 तर परमेश्‍वरले मलाई भन्‍नुभयो, ‘मेरो नाउँको निम्‍ति तैंले मन्‍दिर बनाउनेछैनस्, किनभने तँ लडाइँ गर्ने मानिस होस्, र तैंले रक्तपात गरेको छस्‌ ।’
কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’
4 तापनि परमप्रभु इस्राएलका परमेश्‍वरले मेरा पिताका सबै परिवारबाट सदासर्वदाको निम्‍ति इस्राएलमाथि राज्‍य गर्न मलाई चुन्‍नुभयो । उहाँले यहूदाको कुललाई अगुवाको रूपमा चुन्‍नुभएको छ । यहूदाको कुलमा, र मेरो पिताको परिवारमा, मेरा पिताका छोराहरूमध्‍येबाट सारा इस्राएलमा राजा हुनलाई उहाँले मलाई चुन्‍नुभयो ।
তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে।
5 परमप्रभुले मलाई दिनुभएका धेरै जना छोरामध्‍ये इस्राएलमाथि परमप्रभुको राज्‍यको सिंहासनमा बस्‍न उहाँले मेरो छोरो सोलोमनलाई चुन्‍नुभयो ।
যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।
6 उहाँले मलाई भन्‍नुभयो, ‘तेरो छोरा सोलोमनले नै मेरो मन्‍दिर र मेरा चोकहरू बनाउनेछ, किनकि मैले त्‍यसलाई मेरो छोरा हुनलाई चुनेको छु र म उसका पिता हुनेछु ।
তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।
7 आजको दिनसम्‍म तैंले गरेझैं उसले मेरा आज्ञा र विधानहरू दृढतापूर्वक पालन गर्‍यो भने, म उसको राज्‍य सदासर्वदाको निम्‍ति स्थापित गर्नेछु ।’
আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
8 अब सारा इस्राएलको नजरमा परमप्रभुको निम्ति र हाम्रा परमेश्‍वरको उपस्‍थितीमा भएको यो सभामा तिमीहरू सबैले परमप्रभु आफ्‍ना परमेश्‍वरका आज्ञाहरू पालना गर्नु र निरन्तरता दिनुपर्छ । यसो गर ताकि तिमीहरू यस असल देशलाई अधिकार गर्नेछौ र आफ्‍नो पैतृकअंशझैं तिमीहरूपछिका सन्‍तानहरूलाई दिन सक्‍नेछौ ।
এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
9 ए मेरा छोरा सोलोमन, आफ्‍ना बुबाका परमेश्‍वरको आज्ञा पालन गर, र आफ्‍ना सारा हृदय र राजीखुशीले उहाँको सेवा गर । यसो गर, किनभने परमप्रभुले सबै हृदयलाई खोतल्‍नुहुन्‍छ र हरेक व्‍यक्‍तिको विचारहरूका हरेक उदेश्‍य बुझ्‍नुहुन्‍छ । तिमीले उहाँलाई खोज्‍यौ भने तिमीले उहाँलाई भेट्टाउनेछौ, तर तिमीले उहाँलाई त्‍याग्‍यौ भने, उहाँले तिमीलाई सधैंको निम्‍ति इन्‍कार गर्नुहुनेछ ।
হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
10 यसैले याद राख, यो मन्‍दिरलाई परमप्रभुको पवित्रस्‍थानको रूपमा निर्माण गर्न उहाँले तिमीलाई नै चुन्‍नुभएको छ । बलियो होऊ, र यो काम गर ।”
১০পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
11 तब दाऊदले आफ्‍ना छोरा सोलोमनलाई मन्‍दिरको दलान र त्‍यसका भवन, भण्‍डारहरू, कौसीहरू, भित्री कोठाहरू र प्रायश्‍चित गर्ने कोठाका नक्‍शा दिए ।
১১তাৰ পাছত দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঁঠালিবোৰৰ, ভিতৰৰ কোঁঠালিবোৰৰ, আৰু পাপ-প্রায়শ্চিতৰ আৱৰণৰ নক্সা দিলে।
12 तिनले परमप्रभुको मन्‍दिरका चोकहरू र चारैपट्टिका कोठाहरू, परमेश्‍वरको मन्‍दिरका भण्‍डारहरू र परमप्रभुका अर्पण गरिएका भेटी राख्‍ने भण्‍डारहरूका निम्‍ति नक्‍शाहरू दिए ।
১২যিহোৱাৰ গৃহৰ চোতাল কেইখনৰ, চাৰিওফালে থকা সকলো কোঁঠালিবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ, আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অঙ্কন কৰা নক্সা তেওঁ চলোমনক দিলে।
13 उनले तिनलाई लेवी र पुजारीहरूका दल-दलका निम्‍ति र परमप्रभुको मन्‍दिरका सेवामा गरिने सबै काम र त्‍यसमा प्रयोग गरिने सबै भाँडाहरूका निम्‍ति निर्देशनहरू दिए ।
১৩তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।
14 हरेक सेवामा प्रयोग गरिने सबै सुनका भाँडाहरूका तौल, र सबै चाँदीका भाँडाहरूका तौल तिनले तोकिदिए,
১৪তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
15 सबै सुनका सामानहरूको निम्ति सुनको तौल, सामदान र तिनका दियाहरूका निम्‍ति, हरेक सामदानका निम्ति सुनको तौल, चाँदीका सामदान र तिनका दियाहरूका निम्‍ति सेवामा प्रयोग गरेअनुरूप चाहिंदो तौल तोकिदिए ।
১৫সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়।
16 उपस्‍थितिको रोटीको हरेक टेबलको निम्‍ति सुनको तौल, र चाँदीका टेबलहरूका निम्‍ति चाँदीको तौल तिनले तोकिदिए ।
১৬দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
17 तिनले मासुका काँटाहरू, छर्कने बाटाहरू र कचौराहरूका निम्‍ति निखुर सुनको तौल दिए । तिनले हरेक सुन र चाँदीको भाँडाको निम्‍ति सुनचाँदीको चाहिंदो तौल तोकिदिए ।
১৭তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
18 तिनले धूप-वेदीको निम्‍ति पनि निखुर सुनको तौल तोकिदिए, अर्थात्‌ आफ्‍ना पखेटाहरू फैलाएर परमप्रभुका करारको सन्‍दूकलाई छेक्‍ने सुनका करूबहरूका निम्‍ति पनि तिनले सुनको तौल दिए ।
১৮ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
19 दाऊदले भने, “जसरी परमप्रभुले मलाई निर्देशन दिनुभयो र नक्साको समझ मलाई दिनुभयो त्‍यसरी नै मैले यी सबै कुराहरू लेखेको छु ।”
১৯দায়ূদে ক’লে, “নমুনাৰ বিষয়ে বুজিব পৰাকৈ যিহোৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিত ভাৱে ৰাখিলোঁ।
20 दाऊदले आफ्‍ना छोरा सोलोमनलाई भने, “बलियो र साहसी होऊ । यो काम गर । नडराऊ र निरुत्‍साहित नहोऊ, किनकि परमप्रभु परमेश्‍वर, मेरा परमेश्‍वर तिम्रो साथमा हुनुहुन्छ । परमप्रभुको मन्‍दिरका सेवाको निम्‍ति सबै काम तिमीले पूरा नगरुञ्‍जेल उहाँले न त तिमीलाई छोड्‍नुहुनेछ न तिमीलाई त्‍याग्‍नुहुनेछ ।
২০দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
21 हेर, परमप्रभुको मन्‍दिरका सबै सेवा गर्न पुजारी र लेवीका दलहरू तयार छन्‌ । तिम्रो काममा सहायता गर्न र सेवाको काम गर्नलाई तिनीहरू र खुशीसाथ कुनै पनि काम गर्ने सिपालु मानिसहरू तिम्रो साथमा हुनेछन् । अधिकारीहरू र सबै मानिसहरू तिम्रो हरेक आज्ञा शिरोपर गर्न तयार छन् ।”
২১চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।

< १ इतिहास 28 >