< KwabaseRoma 2 >

1 Ngakho kawulakuzilandulela, wena muntu, loba ungubani owahlulelayo; ngoba ngalokho owahlulela ngakho omunye, uyazilahla wena, ngoba wena owahlulelayo wenza izinto ezifananayo.
হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।
2 Njalo siyazi ukuthi ukwahlulela kukaNkulunkulu kungokweqiniso phezu kwalabo abenza izinto ezinjalo.
আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।
3 Njalo ucabanga lokho yini, O muntu owahlulela abenza izinto ezinjalo, lawe uzenza lezozinto, ukuthi wena uzaphepha ukwahlulela kukaNkulunkulu?
কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে?
4 Kumbe uyayeyisa yini inotho yomusa wakhe leyokubekezela lesineke, ungazi ukuthi umusa kaNkulunkulu ukukhokhelela ekuphendukeni?
নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
5 Kodwa ngobulukhuni bakho lenhliziyo yakho engaphendukiyo uzibekela ulaka ngosuku lolaka lolwesambulo sokwahlulelwa okulungileyo kukaNkulunkulu,
কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
6 ozavuza lowo lalowo ngokwemisebenzi yakhe;
তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
7 impilo elaphakade kubo abalesineke ngokwenza imisebenzi elungileyo bedinga inkazimulo lodumo lokungabhubhi; (aiōnios g166)
যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷ (aiōnios g166)
8 kodwa intukuthelo lolaka kulabo abalenkani, njalo bengalaleli iqiniso kodwa belalela ukungalungi,
কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
9 usizi lokubandezeleka, phezu kwawo wonke umphefumulo womuntu owenza ububi, owomJuda kuqala lowomGriki;
তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷
10 kodwa inkazimulo lodumo lokuthula kuye wonke owenza okuhle, kumJuda kuqala lakumGriki;
১০কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব;
11 ngoba kakukho ukubandlulula umuntu kuNkulunkulu.
১১কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷
12 Ngoba bonke abonileyo bengelamlayo, ngokunjalo bazabhubha bengelamlayo; njalo bonke abonileyo emlayweni, bazagwetshwa ngomlayo;
১২সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।
13 ngoba kakusibo abezwayo umlayo abalungileyo phambi kukaNkulunkulu, kodwa abenzayo umlayo bazalungisiswa.
১৩কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব;
14 Ngoba nxa abezizwe abangelawo umlayo besenza ngokwemvelo okungokomlayo, bona, bengelawo umlayo, bangumlayo kubo ngokwabo;
১৪কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়।
15 ababonakalisa ukuthi umsebenzi womlayo ulotshiwe enhliziyweni zabo; isazela sabo laso siyafakaza, lemicabango yabo ibasole omunye komunye kumbe njalo ibavikele omunye komunye,
১৫এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে,
16 ngosuku uNkulunkulu azakwahlulela ngalo imfihlo zabantu, ngoJesu Kristu, ngokwevangeli lami.
১৬আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷
17 Khangela wena ubizwa ngokuthi ungumJuda, weyeme emlayweni, uzincoma ngoNkulunkulu,
১৭আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক,
18 usazi intando yakhe, usemukela izinto ezingcono, ufundiswe emlayweni,
১৮আৰু বিধানৰ পৰা শিক্ষা পোৱাত, তেওঁৰ ইচ্ছা জানক আৰু সেই বিষয়ে পৃথক হ’লে সেইবোৰক পৰীক্ষা কৰক;
19 njalo uzithembile wena ukuthi ungumholi weziphofu, ukukhanya kwabasemnyameni,
১৯নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হওক,
20 umeluleki wezithutha, umfundisi wensane, ulesimo solwazi lolweqiniso emlayweni.
২০অজ্ঞানক জ্ঞান দিওঁতা, শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক৷
21 Ngakho wena ofundisa omunye, kawuzifundisi yini? Wena otshumayela ukuthi ungebi, uyeba yini?
২১তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে?
22 Wena othi ungafebi, uyafeba yini? Wena onengwa yizithombe, uphanga amathempeli yini?
২২হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, আপুনি ব্যভিচাৰ নকৰে নে? হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন, মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে?
23 Wena ozincoma ngomlayo, udumaza uNkulunkulu ngokweqa umlayo yini?
২৩হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে?
24 Ngoba ibizo likaNkulunkulu liyahlanjazwa phakathi kwabezizwe ngenxa yenu, njengoba kulotshiwe.
২৪কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷
25 Ngoba isibili ukusoka kuyasiza, uba usenza umlayo; kodwa uba ungumeqi womlayo, ukusoka kwakho sekuyikungasoki.
২৫কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল।
26 Ngakho uba ukungasoki kugcina izimiso zomlayo, ukungasoki kwakhe kakuyikubalwa yini ukuthi kuyikusoka?
২৬এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে?
27 Lokungasoki ngemvelo, uba kugcwalisa umlayo, kungekugwebe yini wena ongumeqi womlayo ngombhalo langokusoka?
২৭আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
28 Ngoba kayisuye umJuda onguye ngokusobala, njalo kakusikho ukusoka okusobala enyameni;
২৮কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়;
29 kodwa yena ungumJuda onguye ngasese, lokusoka kungokwenhliziyo, emoyeni, kungeyisikho ngombhalo; ondumiso yakhe kayiveli ebantwini kodwa kuNkulunkulu.
২৯কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।

< KwabaseRoma 2 >