< KwabaseRoma 12 >

1 Ngakho, bazalwane, ngiyalincenga ukuthi, ngezihawu zikaNkulunkulu, linikele imizimba yenu ibe ngumhlatshelo ophilileyo, ongcwele, owemukelekayo kuNkulunkulu, kube yinkonzo yenu yokuqedisisa.
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
2 Njalo lingalingisi lumhlaba, kodwa liguqulwe ngokwenziwa zibentsha ingqondo zenu, ukuze lihlolisise okuyintando kaNkulunkulu elungileyo leyemukelekayo lepheleleyo. (aiōn g165)
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ (aiōn g165)
3 Ngoba ngomusa engiwuphiweyo, ngithi kuye wonke ophakathi kwenu ukuthi angacabangi ukuthi mkhulu kulalokho afanele ukukucabanga, kodwa acabange ngokuqonda, njengalokhu uNkulunkulu abele ngulowo lalowo isilinganiso sokholo.
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
4 Ngoba njengoba silezitho ezinengi emzimbeni munye, kodwa izitho zonke kazilamsebenzi ofananayo;
কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,
5 kunjalo thina esibanengi singumzimba munye kuKristu, njalo ngabanye siyizitho omunye komunye.
তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।
6 Njalo silezipho ezehlukeneyo ngokomusa esiwuphiweyo; zingaba yikuprofetha, asiprofethe ngokwesilinganiso sokholo;
কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
7 kumbe yikukhonza, asisebenze enkonzweni; kumbe ofundisayo, ekufundiseni;
যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷
8 kumbe olayayo, ekulayeni; ophanayo, kanike ngobuqotho; obusayo, ngokukhuthala; olesihawu, ngentokozo.
উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।
9 Uthandokalube qotho. Yenyanyani okubi, libambelele kokulungileyo.
প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷
10 Thandanani kakhulu ngothando lobuzalwane; ekuhloniphaneni phathani abanye ngcono kulani;
১০ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷
11 lingabi ngamavila ekukhuthaleni; livuthe emoyeni; likhonza iNkosi;
১১যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
12 lithokoza ethembeni; libekezela ekuhluphekeni; liphikelela emkhulekweni;
১২আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;
13 yabelani kunswelo zabangcwele; likhuthalele ukuphana kuzihambi.
১৩পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
14 Babusiseni abalizingelayo; busisani, lingaqalekisi.
১৪যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।
15 Thokozani labathokozayo, likhale labakhalayo.
১৫যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
16 Kalibe lenhliziyonye komunye lomunye. Lingakhumbuli ngezinto eziphakemeyo, kodwa lihlangane labathobekileyo. Lingazitshayi abahlakaniphileyo.
১৬আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
17 Lingaphindiseli muntu okubi ngokubi. Linakane okudumisekayo phambi kwabantu bonke.
১৭অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷
18 Uba kungenzeka, ngokukini, hlalani ngokuthula labantu bonke.
১৮যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
19 Bathandiweyo, lingaziphindiseli, kodwa nikani ulaka indawo; ngoba kulotshiwe ukuthi: Ngeyami impindiselo, mina ngizabuyisela, kutsho iNkosi.
১৯হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
20 Ngakho nxa isitha sakho silambile, siphe ukudla; nxa somile, sinathise; ngoba ngokwenza lokho, usibekela amalahle avuthayo phezu kwekhanda laso.
২০“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।
21 Unganqotshwa ngokubi, kodwa nqoba okubi ngokuhle.
২১কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।

< KwabaseRoma 12 >