< Amahubo 9 >
1 Ngizakudumisa, Nkosi, ngenhliziyo yami yonke, ngilandise zonke izimangaliso zakho.
১হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
2 Ngizathaba ngithokoze kuwe, ngihlabele indumiso ebizweni lakho, wena oPhezukonke.
২মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
3 Lapho izitha zami zibuyela emuva, zizakuwa, zibhubhe phambi kwakho.
৩মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
4 Ngoba ulimele ilungelo lami lodaba lwami, wahlala esihlalweni sobukhosi, wahlulela ngokulungileyo.
৪তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
5 Uzikhuzile izizwe, wabhubhisa omubi; walesula ibizo labo kuze kube nini lanini.
৫তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
6 Izitha ziphelile, izincithakalo eziphakade; uyidilizile imizi; ukukhunjulwa kwabo kubhubhe kanye labo.
৬শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
7 Kodwa iNkosi izahlala kuze kube phakade, isihlalo sayo sobukhosi isilungisele isahlulelo.
৭কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8 Yona-ke izawahlulela umhlaba ngokulunga, ibagwebe abantu ngokuqonda.
৮তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
9 Njalo iNkosi izakuba yisiphephelo socindezelweyo, isiphephelo ngezikhathi zokuhlupheka.
৯উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
10 Labalaziyo ibizo lakho bazathemba kuwe, ngoba wena Nkosi, kawubatshiyanga abakudingayo.
১০যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
11 Hlabelani indumiso eNkosini ehlezi eZiyoni, limemezele phakathi kwabantu izenzo zayo.
১১যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
12 Nxa idinga igazi, iyabakhumbula, kayikhohlwa ukukhala kwabahlutshwayo.
১২কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
13 Woba lomusa kimi, Nkosi, ubone uhlupho lwami oluvela kwabangizondayo, wena ongiphakamisayo emasangweni okufa,
১৩হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
14 ukuze ngilandise yonke indumiso yakho emasangweni endodakazi yeZiyoni, ngithokoze kusindiso lwakho.
১৪মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
15 Izizwe zitshone emgodini ezawenzayo, embuleni ezalithiyayo unyawo lwazo lubanjiwe.
১৫আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
16 INkosi izazisile, yenza isahlulelo; omubi uthiywe emsebenzini wezandla zakhe. Higayoni. (Sela)
১৬ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, (চেলা)
17 Abakhohlakeleyo bazabuyela esihogweni, zonke izizwe ezimkhohlwayo uNkulunkulu. (Sheol )
১৭যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; (Sheol )
18 Ngoba oswelayo kayikukhohlakala kokuphela; ithemba labayanga kaliyikunyamalala phakade.
১৮অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
19 Vuka, Nkosi, umuntu kanganqobi; izizwe kazigwetshwe phambi kwakho.
১৯হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
20 Zitshayise ngovalo, Nkosi, izizwe kazikwazi ukuthi zingabantu nje. (Sela)
২০হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)