< Amahubo 72 >

1 Nkulunkulu, nika inkosi izahlulelo zakho lokulunga kwakho endodaneni yenkosi.
হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।
2 Izakwehlulela abantu bakho ngokulunga, labayanga bakho ngokuqonda.
তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
3 Izintaba zizalethela abantu ukuthula, lamaqaqa, ngokulunga.
পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।
4 Izakwahlulela abahluphekayo babantu, isindise abantwana babaswelayo, ifohloze umcindezeli.
তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
5 Bazakwesaba wena lisekhona ilanga, isekhona lenyanga, kuzizukulwana ngezizukulwana.
তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
6 Izakwehla njengezulu etshanini obugundiweyo, njengezihlambo ezithambisa umhlaba.
ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
7 Ensukwini zayo olungileyo uzahluma; lokwanda kokuthula, ize ingabi khona inyanga.
তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
8 Izabusa-ke kusukela elwandle kusiya elwandle, lakusukela emfuleni kusiya emikhawulweni yomhlaba.
তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
9 Abahlala enkangala bazakhothama phambi kwayo; izitha zayo zizakhotha uthuli.
মৰুভূমিৰনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
10 Amakhosi eTarshishi lawezihlengeni azaletha izipho, amakhosi eShebha leSeba asondeze izipho.
১০তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
11 Amakhosi wonke azayikhothamela, izizwe zonke ziyikhonze.
১১এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
12 Ngoba izamkhulula oswelayo ekhala, longumyanga, longelamsizi.
১২কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
13 Izahawukela ongumyanga loswelayo, isindise imiphefumulo yabaswelayo.
১৩তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
14 Izahlenga umphefumulo wabo ecindezelweni ledlakeleni; legazi labo lizakuba ligugu emehlweni ayo.
১৪অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
15 Izaphila, inikwe okwegolide leShebha, ikhulekelwe njalonjalo, usuku lonke ibusiswe.
১৫ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।
16 Kuzakuba khona inala yamabele elizweni ezingqongeni zezintaba; izithelo zawo zihatshazele njengeLebhanoni; labomuzi bazahluma njengotshani bomhlaba.
১৬পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
17 Ibizo layo lizakuba khona kuze kube phakade, lebizo layo lizakwanda lisekhona ilanga. Njalo bazabusiswa kuyo; izizwe zonke zizakuthi ibusisiwe.
১৭ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।
18 Kayibongwe iNkosi uNkulunkulu, uNkulunkulu kaIsrayeli, onguye yedwa owenza imimangaliso.
১৮ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।
19 Kalibusiswe ibizo lakhe elilodumo kuze kube nininini; umhlaba wonke ugcwaliswe ngodumo lwakhe. Ameni, loAmeni!
১৯তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
20 Imikhuleko kaDavida indodana kaJese isiphelile.
২০যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।

< Amahubo 72 >