< Izaga 4 >
1 Zwanini, bantwana, umlayo kayihlo, linanzelele ukuze lazi ukuqedisisa.
১হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা, আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা।
2 Ngoba ngilinika imfundiso enhle, lingawutshiyi umlayo wami.
২মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ। মোৰ শিক্ষা প্রণালী পৰিত্যাগ নকৰিবা।
3 Ngoba bengiyindodana kababa, ngithambile, ngingedwa phambi kukamama.
৩মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ, মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ।
4 Wasengifundisa wathi kimi: Inhliziyo yakho kayibambelele emazwini ami; gcina imilayo yami, uphile.
৪তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, “তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।”
5 Zuza inhlakanipho, uzuze ukuqedisisa, ungakhohlwa; ungaphambuki emazwini omlomo wami.
৫প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
6 Ungakutshiyi, njalo kuzakulondoloza; ukuthande, njalo kuzakulinda.
৬প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব; তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব।
7 Okokuqala yinhlakanipho; zuza inhlakanipho; langenzuzo yakho yonke uzuze ukuqedisisa.
৭প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
8 Kukhulise, njalo kuzakuphakamisa; kuzakunika udumo nxa ukugona.
৮প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
9 Kuzanika ikhanda lakho umqhele womusa; kuzakulethela umqhele wodumo.
৯তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।”
10 Zwana, ndodana yami, wemukele amazwi ami, leminyaka yempilo izakuba minengi kuwe.
১০হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।
11 Ngikufundisile endleleni yenhlakanipho; ngikwenze wanyathela emikhondweni yobuqotho.
১১মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ।
12 Ekuhambeni kwakho inyathelo lakho kaliyikufinyezwa, njalo nxa ugijima kawuyikukhubeka.
১২তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা।
13 Bambelela ekulayweni, ungakuyekeli; kugcine, ngoba kuyimpilo yakho.
১৩নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।
14 Ungangeni emkhondweni wabakhohlakeleyo, ungahambi endleleni yababi.
১৪পাপীবোৰৰ পথ অনুসৰণ নকৰিবা, আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা।
15 Iyekele, ungedluli ngayo, phambuka kuyo, wedlule.
১৫তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা, সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা;
16 Ngoba kabalali uba bengenzanga okubi; lobuthongo babo buyasuswa uba bengakhubekisanga muntu.
১৬কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
17 Ngoba badla isinkwa senkohlakalo, banathe iwayini lobudlwangudlwangu.
১৭কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে।
18 Kodwa indlela yabalungileyo injengokukhanya okukhanyayo, kuqhubeka kukhanya kuze kube semini enkulu.
১৮ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।
19 Indlela yababi injengomnyama; kabazi ukuthi bazakhutshwa yini.
১৯দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।
20 Ndodana yami, lalela amazwi ami, ubeke indlebe yakho ekukhulumeni kwami.
২০হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা।
21 Kakungaphunyuki emehlweni akho; ukugcine phakathi kwenhliziyo yakho.
২১সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।
22 Ngoba kuyimpilo kwabakutholayo, lempilo enhle yenyama yabo yonke.
২২কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ।
23 Gcina inhliziyo yakho phezu kwakho konke okungagcinwa, ngoba kuvela kikho ukuphuma kwempilo.
২৩সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
24 Susa kuwe ukuphambana komlomo, lokuphambeka kwendebe kususele khatshana lawe.
২৪তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা, আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা।
25 Amehlo akho kawakhangele phambili, lenkophe zakho ziqonde phambi kwakho.
২৫তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।
26 Linganisa umkhondo wonyawo lwakho, ukuze zonke indlela zakho ziqine.
২৬তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।
27 Ungaphambukeli ngakwesokunene kumbe ngakwesokhohlo; uphambule unyawo lwakho ebubini.
২৭সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”