< Izaga 3 >

1 Ndodana yami, ungakhohlwa umlayo wami, kodwa inhliziyo yakho kayigcine imilayo yami.
হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
2 Ngoba yengezelela kuwe ubude bezinsuku leminyaka yempilo lokuthula.
কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
3 Umusa lothembeko kakungakutshiyi, kubophele entanyeni yakho, ukubhale esibhebheni senhliziyo yakho.
বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
4 Ngalokho uzathola umusa lokuqedisisa okuhle emehlweni kaNkulunkulu labantu.
তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
5 Themba eNkosini ngenhliziyo yakho yonke, ungeyami ekuqedisiseni kwakho.
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
6 Ivume endleleni zakho zonke, yona-ke izaqondisa imikhondo yakho.
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
7 Ungabi ngohlakaniphileyo emehlweni akho; yesabe iNkosi, usuke ebubini.
তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
8 Kuzakuba yikwelatshwa kwenkaba yakho, lokunathwayo kwamathambo akho.
ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
9 Hlonipha iNkosi ngemfuyo yakho, langezithelo zakho zokuqala zesivuno sakho sonke.
আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
10 Khona iziphala zakho zizagcwaliswa ngenala, lezikhamelo zakho zewayini ziphuphume iwayini elitsha.
১০সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।
11 Ndodana yami, ungadeleli ukulaya kweNkosi, unganengwa yikukhuza kwayo.
১১হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা।
12 Ngoba iNkosi iyamlaya emthandayo, yebo, njengoyise indodana athokoza ngayo.
১২পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
13 Ubusisiwe umuntu othola inhlakanipho, lomuntu ozuza ukuqedisisa.
১৩যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
14 Ngoba inzuzo yakho ingcono kulenzuzo yesiliva, lokutholakalayo kwakho kulegolide.
১৪ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
15 Kuligugu elidlula amatshe aligugu, lakho konke ongakufisa kakulinganiswa lakho.
১৫প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
16 Ubude bezinsuku busesandleni sakho sokunene, kwesokhohlo sakho inotho lodumo.
১৬তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
17 Izindlela zakho zizindlela zentokozo, lemikhondo yakho yonke iyikuthula.
১৭তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়।
18 Kuyisihlahla sempilo kwabakubambayo, lobambelela kukho ubusisiwe.
১৮যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
19 Ngenhlakanipho iNkosi yasekela umhlaba; yamisa amazulu ngokuqedisisa.
১৯যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
20 Ngolwazi lwayo izinziki zaqhekezwa, lamayezi athonta amazolo.
২০তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।
21 Ndodana yami, kakungasuki emehlweni akho; gcina inhlakanipho eqotho lengqondo.
২১হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
22 Njalo kuzakuba yimpilo yomphefumulo wakho, lesisa entanyeni yakho.
২২তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
23 Khona uzahamba indlela yakho uvikelekile, lonyawo lwakho kaluyikukhubeka.
২৩তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
24 Nxa ulala phansi, kawuyikwesaba, yebo, uzalala, lobuthongo bakho buzakuba mnandi.
২৪তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
25 Ungesabi uvalo olujumayo, kumbe ukuchitheka kwababi nxa kufika.
২৫তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
26 Ngoba iNkosi izakuba sethembeni lakho, igcine unyawo lwakho ukuze lungabanjwa.
২৬কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
27 Ungagodleli umninikho okuhle nxa kusemandleni esandla sakho ukukwenza.
২৭তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
28 Ungathi kumakhelwane wakho: Hamba, ubuye, kusasa ngizakunika; nxa ulakho.
২৮যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
29 Ungacebi okubi ngomakhelwane wakho, ngoba yena uhlala lawe evikelekile.
২৯যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
30 Ungaphikisani lomuntu kungelasizatho, nxa engakonanga.
৩০তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।
31 Ungahawukeli umuntu olobudlwangudlwangu; ungakhethi leyodwa yezindlela zakhe.
৩১উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
32 Ngoba ophambeneyo uyisinengiso eNkosini, kodwa imfihlo yayo ikwabaqotho.
৩২কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
33 Isiqalekiso seNkosi sisendlini yomubi, kodwa iyawubusisa umuzi wabalungileyo.
৩৩দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।
34 Isibili, yona iyabeyisa abeyisayo, kodwa inika umusa kwabathobekileyo.
৩৪তেওঁ নিন্দকসকলক নিন্দা কৰে; কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে।
35 Abahlakaniphileyo bazakudla ilifa lodumo, kodwa abayizithutha, isabelo sabo silihlazo.
৩৫জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।

< Izaga 3 >