< Izaga 22 >

1 Ibizo elihle likhethekile kulenotho enengi; isisa esihle kulesiliva njalo kulegolide.
প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
2 Onothileyo lomyanga bayahlangana; iNkosi yabenza bonke.
ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
3 Ohlakaniphileyo ubona ububi acatshe, kodwa abangelalwazi bayaqhubeka babesebejeziswa.
দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
4 Umvuzo wokuthobeka lokwesaba iNkosi kuyinotho lodumo lempilo.
যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
5 Ameva lemijibila kusendleleni yabaphambeneyo; ogcina umphefumulo wakhe uzakuba khatshana labo.
কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
6 Fundisa umntwana endleleni angahamba ngayo; ngitsho esemdala kayikuphambuka kuyo.
সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
7 Onothileyo ubusa abayanga, lomeboleki uyisigqili somebolekisi.
ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
8 Ohlanyela ukonakala uzavuna ukuhlupheka, lentonga yolaka lwakhe izaphela.
যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।
9 Olelihlo elilokuhle yena uzabusiswa, ngoba unikile okwesinkwa sakhe kumyanga.
উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
10 Xotsha isideleli, kuzaphuma lenkani, yebo, ingxabano lehlazo kuzaphela.
১০নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
11 Othanda ukuhlanzeka kwenhliziyo, ngenxa yesisa sendebe zakhe, inkosi ingumgane wakhe.
১১যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
12 Amehlo eNkosi alondoloza ulwazi, kodwa izachitha amazwi abangathembekanga.
১২যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
13 Ivila lithi: Kulesilwane ngaphandle; ngizabulawa phakathi kwezitalada.
১৩এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
14 Umlomo wabesifazana bemzini ungumgodi otshonayo; lowo iNkosi emthukutheleleyo uzawela khona.
১৪ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
15 Ubuthutha bubotshelwe enhliziyweni yomntwana; uswazi lokuqondisa luzabususela khatshana laye.
১৫সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
16 Ocindezela umyanga ukwandisa alakho, opha onothileyo, isibili uzakuba ngoswelayo.
১৬নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
17 Beka indlebe yakho, uzwe amazwi abahlakaniphileyo, umise inhliziyo yakho elwazini lami.
১৭জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
18 Ngoba kumnandi uba uwalondoloza emibilini yakho; azahlala elungile kanyekanye endebeni zakho.
১৮কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
19 Ukuze ithemba lakho libe seNkosini, ngikwazisile wona lamuhla, ngitsho wena.
১৯সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
20 Kangikubhalelanga yini izinto ezinhle kakhulu kuzeluleko lelwazini?
২০পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
21 Ukukwazisa ukuqiniseka kwamazwi eqiniso, ukuze ubuyisele amazwi eqiniso kulabo abakuthumileyo.
২১তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
22 Ungamphangi umyanga ngoba engumyanga, njalo ungamchobozi oswelayo esangweni.
২২দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
23 Ngoba iNkosi izamela udaba lwabo, iphange umphefumulo wababaphangayo.
২৩কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
24 Ungahlanganyeli lomuntu ololaka, ungahambisani lomuntu othukuthelayo,
২৪যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
25 hlezi ufunde indlela zakhe, wemukele umjibila emphefumulweni wakho.
২৫নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
26 Ungabi phakathi kwababambana izandla, phakathi kwabayizibambiso ngezikwelede.
২৬ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
27 Uba ungelakho okokuhlawula, kungani ezathatha umbheda wakho ngaphansi kwakho?
২৭যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
28 Ungatshedisi isikhonkwane esidala somngcele, oyihlo abasenzayo.
২৮তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
29 Uyambona yini umuntu oyingcitshi emsebenzini wakhe? Uzazimisa phambi kwamakhosi; kayikuzimisa phambi kwabantukazana.
২৯নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।

< Izaga 22 >