< ULukha 3 >
1 Kwathi ngomnyaka wetshumi lanhlanu wokubusa kukaTiberiyosi uKesari, uPontiyusi Pilatu engumbusi weJudiya, loHerodi engumtetrarki weGalili, loFiliphu umfowabo engumtetrarki weIturiya lelizweni iTrakoniti, loLisaniya engumtetrarki weAbilene,
১তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।
2 uAnasi loKayafasi bengabapristi abakhulu, ilizwi likaNkulunkulu lafika kuJohane indodana kaZakariya enkangala.
২হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
3 Wasesiza esigabeni sonke seJordani esizingelezeleyo, etshumayela ubhabhathizo lokuphenduka kube yikuthethelelwa kwezono;
৩তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।
4 njengokulotshiweyo egwalweni lwamazwi kaIsaya umprofethi, ukuthi: Ilizwi lomemezayo enkangala lithi: Lungisani indlela yeNkosi; qondisani indledlana zayo.
৪ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
5 Sonke isigodi sizagqitshwa, layo yonke intaba loqaqa kuzakwehliswa; njalo kuzaqondiswa amazombazombe, lamaxhakaxhaka ezindlela azalungiswa;
৫আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।
6 layo yonke inyama izabona usindiso lukaNkulunkulu.
৬সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
7 Ngakho wathi emaxukwini aphumela ukubhabhathizwa nguye: Nzalo yezinyoka, ngubani olixwayise ukubalekela ulaka oluzayo?
৭তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
8 Ngakho thelani izithelo ezifanele ukuphenduka; njalo lingaqali ukuthi phakathi kwenu: SiloAbrahama ongubaba wethu; ngoba ngithi kini: UNkulunkulu ulamandla okumvusela uAbrahama abantwana kulamatshe.
৮আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
9 Lakhathesi lehloka selibekiwe empandeni zezihlahla; ngakho sonke isihlahla esingatheli isithelo esihle siyaganyulwa siphoselwe emlilweni.
৯গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
10 Amaxuku asembuza, athi: Pho thina sizakwenzani?
১০তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”
11 Wasephendula wathi kubo: Olezembatho ezimbili, kamuphe ongelaso; lolokudla kenze njalo.
১১তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
12 Kwasekufika labathelisi ukuze babhabhathizwe, basebesithi kuye: Mfundisi, sizakwenzani?
১২তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
13 Wasesithi kubo: Lingabizi okwedlula elikumiselweyo.
১৩তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।”
14 Lamabutho lawo ambuza, athi: Thina-ke sizakwenzani? Wasesithi kuwo: Lingenzi udlakela emuntwini, njalo lingacali ngamanga; njalo yeneliswani yimivuzo yenu.
১৪কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”
15 Kwathi abantu belindile, futhi bonke bezibuza enhliziyweni zabo ngoJohane, ukuthi kambe yena angaba enguKristu,
১৫লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।
16 uJohane waphendula, esithi kubo bonke: Mina-ke ngilibhabhathiza ngamanzi; kodwa uyeza olamandla kulami, engingafanele ukuthukulula umchilo wamanyathela akhe; yena uzalibhabhathiza ngoMoya oNgcwele langomlilo;
১৬যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
17 okhomane lwakhe lokwela lusesandleni sakhe, njalo uzahlambululisisa isibuya sakhe, abesebuthela amabele esiphaleni sakhe, kodwa amakhoba uzawatshisa ngomlilo ongacitshekiyo.
১৭শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
18 Langokulaya ngezinye izinto ezinengi, watshumayela ivangeli ebantwini.
১৮এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।
19 Kodwa uHerodi umtetrarki, owayesolwe nguye ngoHerodiyasi umkaFiliphu umfowabo, langakho konke okubi ayekwenzile uHerodi,
১৯ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
20 wengezelela lalokhu phezu kwakho konke, ukuthi wamvalela uJohane entolongweni.
২০তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।
21 Kwasekusithi sebebhabhathiziwe bonke abantu, laye uJesu esebhabhathiziwe, ekhuleka, izulu lavulwa,
২১সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।
22 uMoya oyiNgcwele wasesehlela phezu kwakhe elesimo somzimba onjengowejuba, lelizwi lavela ezulwini, lisithi: Wena uyiNdodana yami ethandekayo, ngithokoza ngawe.
২২সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
23 Yena uJesu waseqala ukuba leminyaka engaba ngamatshumi amathathu, yena (njengokwakunakanwa) eyindodana kaJosefa, kaEli,
২৩প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;
24 kaMathati, kaLevi, kaMeliki, kaJanayi, kaJosefa,
২৪এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;
25 kaMatathiya, kaAmosi, kaNahume, kaEseli, kaNagayi,
২৫যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;
26 kaMahati, kaMatathiya, kaSemeyi, kaJosefa, kaJuda,
২৬নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;
27 kaJohana, kaResa, kaZerubhabheli, kaSalatiyeli, kaNeri,
২৭যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;
28 kaMeliki, kaAdi, kaKosamu, kaElimodamu, kaEri,
২৮নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;
29 kaJose, kaEliyezeri, kaJorima, kaMathati, kaLevi,
২৯এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;
30 kaSimeyoni, kaJuda, kaJosefa, kaJonanu, kaEliyakhimi,
৩০লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;
31 kaMeleya, kaMena, kaMathata, kaNathani, kaDavida,
৩১ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;
32 kaJese, kaObedi, kaBowosi, kaSalimoni, kaNashoni,
৩২দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;
33 kaAminadaba, kaAramu, kaEsiromu, kaFaresi, kaJuda,
৩৩নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
34 kaJakobe, kaIsaka, kaAbrahama, kaThara, kaNahori,
৩৪যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;
35 kaSarugi, kaRagawu, kaFaleki, kaEberi, kaSala,
৩৫নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;
36 kaKayinani, kaArpakishadi, kaShemu, kaNowe, kaLameki,
৩৬চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;
37 kaMethusala, kaEnoki, kaJaredi, kaMaleleyeli, kaKayinani,
৩৭লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ;
38 kaEnosi, kaSeti, kaAdamu, kaNkulunkulu.
৩৮কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।