< UGenesisi 42 >
1 UJakobe esebonile ukuthi kukhona amabele eGibhithe, uJakobe wathi emadodaneni akhe: Kungani likhangelana?
১যেতিয়া যাকোবে মিচৰত শস্য আছে বুলি শুনা পালে, তেতিয়া তেওঁৰ পুত্ৰসকলক ক’লে, “তোমালোকে ইজনে সিজনৰ মুখলৈ কিয় চোৱাচুই কৰি আছা?”
2 Wathi futhi: Khangelani, sengizwile ukuthi kukhona amabele eGibhithe; yehlani liye khona, lisithengele khona, ukuze siphile, singafi.
২তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।”
3 Abafowabo bakaJosefa abalitshumi basebesehla ukuthenga amabele eGibhithe.
৩যোচেফৰ ককায়েক দহ জনে মিচৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ’ল।
4 Kodwa uBhenjamini, umfowabo kaJosefa, uJakobe kamthumanga labafowabo, ngoba wathi: Hlezi ehlelwe yingozi.
৪কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”
5 Amadodana kaIsrayeli asefika ukuthenga phakathi kwababesiza, ngoba indlala yayikhona elizweni leKhanani.
৫এইদৰে শস্য কিনিবলৈ যোৱা মানুহবোৰৰ লগত ইস্ৰায়েলৰ পুত্ৰসকল গ’ল; কিয়নো কনান দেশত আকাল হৈছিল।
6 Njalo uJosefa wayengumbusi phezu kwelizwe; wathengisela abantu bonke belizwe; bafika-ke abafowabo bakaJosefa, bamkhothamela ngobuso emhlabathini.
৬সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
7 UJosefa esebabonile abafowabo, wabazi, kodwa wazitshaya owemzini kubo, wakhuluma labo izinto ezilukhuni wathi kubo: Livela ngaphi? Bathi: Elizweni leKhanani, ukuthenga ukudla.
৭তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।”
8 UJosefa wasebazi abafowabo, kodwa bona kabamazanga.
৮এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।
9 UJosefa wasekhumbula amaphupho awaphupha ngabo, wathi kibo: Lizinhloli, ukuzabona ubunqunu belizwe lizile.
৯যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”
10 Basebesithi kuye: Hatshi, nkosi yami; kodwa inceku zakho zize ukuthenga ukudla.
১০তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ।
11 Thina sonke singamadodana andodanye; singabaqotho, inceku zakho kazisizo inhloli.
১১আমি সকলো এজন লোকৰে পুত্র; আমি সৎ মানুহ। আপোনাৰ দাসবোৰ গুপ্তচৰ নহয়।”
12 Wasesithi kubo: Hatshi, kodwa ukuzabona ubunqunu belizwe lizile.
১২তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”
13 Basebesithi: Thina, izinceku zakho, siyizelamani ezilitshumi lambili, amadodana andodanye elizweni leKhanani; khangela-ke, icinathunjana likubaba lamuhla, enye kayisekho.
১৩কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
14 UJosefa wasesithi kubo: Yikho lokho engikutsho kini, ukuthi: Lizinhloli.
১৪যোচেফে তেওঁলোকক ক’লে, “মই তোমালোকৰ বিষয়ে যি কৈছোঁ, সেয়াই ঠিক; তোমালোক গুপ্তচৰ।
15 Kulokhu lizahlolwa; ngempilo kaFaro! kalisoze liphume lapha, ngaphandle kokuthi kufike umfowenu olicinathunjana lapha.
১৫ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
16 Thumani omunye wenu, amlande umfowenu; kodwa lina lizabotshwa, ukuze kuhlolwe amazwi enu, ukuthi iqiniso likini yini; kodwa uba hatshi, impilo kaFaro! lizinhloli.
১৬সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”
17 Wasebafaka esitokisini insuku ezintathu.
১৭এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
18 UJosefa wasesithi kubo ngosuku lwesithathu: Yenzani lokhu ukuze liphile. Ngiyamesaba uNkulunkulu.
১৮তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
19 Uba lingabaqotho, kabotshwe omunye wabafowenu endlini yokulondolozwa kwenu, kodwa lina hambani, libuyele lamabele endlala ezindlu zenu,
১৯তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
20 lilethe umnawenu olicinathunjana kimi; khona amazwi enu ezaqiniswa, ukuze lingafi. Basebesenza njalo.
২০তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
21 Basebekhulumisana besithi: Isibili silecala ngomfowethu, ngoba sabona usizi lomphefumulo wakhe, nxa wasincenga, kodwa kasilalelanga; ngenxa yalokho sehlelwe yikuhlupheka lokhu.
২১তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”
22 URubeni wasebaphendula wathi: Kangitshongo yini ukuthi: Lingoni kumfana? Kodwa kalilalelanga. Ngakho legazi lakhe, khangelani, liyabizwa.
২২তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
23 Njalo bona babengazi ukuthi uJosefa uyezwa, ngoba kwakulomtoliki phakathi kwabo.
২৩যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
24 Njalo wabafulathela, wakhala inyembezi; wasetshibilikela kubo, wakhuluma kubo; wasethatha uSimeyoni kubo, wambopha phambi kwamehlo abo.
২৪পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
25 UJosefa waselaya ukuthi bagcwalise amasaka abo ngamabele, lokuthi babuyisele imali yabo, ngulowo lalowo esakeni lakhe, lokuthi babanike umphako wendlela; basebesenza njalo kubo.
২৫তাৰ পাছত যোচেফে নিজৰ দাসবোৰক আদেশ দিলে যেন তেওঁলোকৰ বস্তাবোৰত শস্য ভৰাই দিয়া হয় আৰু প্ৰতিজনে দিয়া ধন তাৰ বস্তাত ওভটাই দিয়া হয়; তাৰ উপৰিও যাত্রাৰ কাৰণে তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰো দিবলৈ আদেশ দিলে। তাতে তেওঁলোকৰ কাৰণে যোচেফে কোৱাৰ দৰেই সকলো কৰা হ’ল।
26 Basebesethwesa obabhemi babo amabele abo, basuka lapho.
২৬তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
27 Kwathi omunye evula isaka lakhe ukuze anike ubabhemi wakhe ukudla endlini yezihambi, wabona imali yakhe, ngoba khangela, yayisemlonyeni wesaka lakhe.
২৭পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
28 Wasesithi kubafowabo: Imali yami ibuyiselwe; futhi khangelani, isesakeni lami. Inhliziyo yabo yasisehluleka, bathuthumela, omunye komunye besithi: Kuyini lokhu uNkulunkulu akwenze kithi?
২৮তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
29 Basebesiza kuJakobe uyise elizweni leKhanani, bamazisa konke abahlangene lakho, besithi:
২৯কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
30 Indoda, umbusi walelolizwe, wasihalada, wasithatha njengenhloli zelizwe.
৩০“যি জন লোক সেই দেশৰ প্ৰভু, তেওঁ আমাৰ লগত অতি কর্কশভাৱে কথা পাতিছিল। তেওঁ ভাৱিছিল যে আমি সেই দেশত গুপ্তচৰ।
31 Kodwa sathi kuye: Singabaqotho; kasisizo izinhloli;
৩১কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;
32 sasiyizelamani ezilitshumi lambili, amadodana kababa; enye kayisekho, lecinathunjana lamuhla likubaba elizweni leKhanani.
৩২আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’
33 Lendoda, umbusi welizwe, wathi kithi: Ngalokhu ngizakwazi ukuthi lingabaqotho; tshiyani omunye wabafowenu kimi, lithathele indlala yezindlu zenu, lihambe,
৩৩তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
34 lilethe umnawenu olicinathunjana kimi; khona ngizabona ukuthi kalisizo izinhloli kodwa lingabaqotho, ngilinike umfowenu, lithengiselane elizweni.
৩৪তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
35 Kwasekusithi sebethulula amasaka abo, khangela-ke, isikhwama semali salowo lalowo sisesakeni lakhe. Lapho bebona izikhwama zemali yabo, bona loyise, besaba.
৩৫তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়ে ভয় খালে।
36 UJakobe uyise wasesithi kubo: Liyangemuka abantwana; uJosefa kasekho loSimeyoni kakho, loBhenjamini lizamthatha; zonke lezizinto zimelane lami.
৩৬তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
37 URubeni wasekhuluma kuyise esithi: Bulala ababili kumadodana ami, uba ngingambuyisi kuwe; mnikele esandleni sami, futhi mina ngizambuyisela kuwe.
৩৭ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”
38 Kodwa wathi: Indodana yami kayiyikwehla lani, ngoba umfowabo ufile, futhi yena usele yedwa; uba esehlelwa yingozi endleleni elihamba kuyo, lizakwehlisela engcwabeni izimvu zami ngosizi. (Sheol )
৩৮তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।” (Sheol )