< UDutheronomi 34 >
1 UMozisi wasesenyuka esuka emagcekeni akoMowabi, esiya entabeni yeNebo, engqongeni yePisiga, emaqondana leJeriko. INkosi yasimtshengisa ilizwe lonke, iGileyadi kuze kube koDani,
১পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,
2 layo yonke iNafithali, lelizwe lakoEfrayimi, leManase, lelizwe lonke lakoJuda, kwaze kwaba selwandle lokucina,
২গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে।
3 leningizimu, legceke lesigodi seJeriko, umuzi wamalala, kwaze kwaba seZowari.
৩তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
4 INkosi yasisithi kuye: Leli yilizwe engalifungela uAbrahama, uIsaka, loJakobe ngisithi: Ngizalinika inzalo yakho. Sengikwenze walibona ngamehlo akho, kodwa kawuyikuchaphela kilo.
৪তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”
5 UMozisi inceku yeNkosi wasefela khona elizweni lakoMowabi njengokomlayo weNkosi.
৫সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
6 Yasimngcwaba esigodini elizweni lakoMowabi maqondana leBeti-Peyori; kodwa kakulamuntu olaziyo ingcwaba lakhe kuze kube lamuhla.
৬মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে।
7 Njalo uMozisi wayeleminyaka elikhulu lamatshumi amabili ekufeni kwakhe. Amehlo akhe ayengafiphalanga, lamandla akhe ayenganyamalalanga.
৭মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
8 Abantwana bakoIsrayeli basebemlilela uMozisi emagcekeni akoMowabi insuku ezingamatshumi amathathu; zaphela-ke insuku zokukhala zokumlilela uMozisi.
৮ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।
9 Njalo uJoshuwa indodana kaNuni wayegcwele umoya wokuhlakanipha, ngoba uMozisi wayebekile izandla zakhe phezu kwakhe. Ngakho abantwana bakoIsrayeli bamlalela, benza njengalokhu iNkosi imlayile uMozisi.
৯নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
10 Kakusavelanga-ke umprofethi koIsrayeli onjengoMozisi, iNkosi eyamazi ubuso ngobuso,
১০আজি পর্যন্ত ইস্ৰায়েলীয়াসকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল।
11 ngazo zonke izibonakaliso lezimangaliso iNkosi eyamthuma ukuthi azenze elizweni leGibhithe, kuFaro lakuzo zonke inceku zakhe lelizweni lakhe lonke,
১১যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই।
12 langaso sonke lesosandla esilamandla langakho konke okwesabekayo okukhulu uMozisi akwenzayo phambi kwamehlo kaIsrayeli wonke.
১২গোটেই ইস্ৰায়েলীয়াসকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেইদৰে আন কোনো ভাৱবাদীয়ে কৰা নাই।