< Amahubo 2 >
1 Kungani izizwe zixokozela, labantu besakha amacebo ngeze?
১কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?
2 Amakhosi omhlaba ayahloma ajame lababusi bahlangana ndawonye bemelana loThixo njalo lalowo ogcotshiweyo wakhe besithi;
২যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
3 “Kasiwaqamuleni amaketane abo, silahle izibopho zabo.”
৩তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
4 Yena osesihlalweni ezulwini uyahleka; uThixo uyabahleka.
৪যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।
5 Abesebakhalimela ngolaka, abathuthumelise ngentukuthelo yakhe, esithi,
৫তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।
6 “Sengiyibekile eyami inkosi phezu kweZiyoni, intaba yami engcwele.”
৬যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
7 Ngizasimemezela isimiso sikaThixo: Wathi kimi, “UyiNdodana yami; lamhla sengibe nguyihlo.
৭ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
8 Cela kimi, ngizakwenza izizwe zibe yilifa lakho, imikhawulo yomhlaba kube yinotho yakho.
৮তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
9 Uzazibusa ngentonga yobukhosi eyensimbi, uzazibhidliza zicubuzeke njengebumba.”
৯লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
10 Ngakho-ke lina makhosi, limukani, liyaxwayiswa lina babusi bomhlaba.
১০গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
11 Mkhonzeni uThixo ngokumesaba, lithokozele umbuso wakhe ngokuthuthumela.
১১ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন কৰা।
12 Ikhothameleni iNdodana, funa ithukuthele beselibhujiswa endleleni yenu, ngoba intukuthelo yakhe ingavutha ngesikhatshana. Babusisiwe bonke abaphephela kuye.
১২তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।