< ယေရမိ 35 >
1 ၁ ယုဒရှင်ဘုရင် ယောရှိသား ယောယကိမ်မင်း လက်ထက်၊ ထာဝရဘုရား၏ နှုတ်ကပတ်တော်သည် ယေရမိသို့ ရောက်လာသည်ကား၊
১যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে,
2 ၂ သင်သည်ရေခပ်အမျိုးသားတို့အိမ်သို့သွား၍၊ သူတို့နှင့်နှုတ်ဆက် ပြီးမှ၊ ဗိမာန်တော် အခန်းတခန်းထဲသို့ ခေါ်သွင်း၍ စပျစ်ရည်ကိုတိုက်ပေးလော့ဟု မိန့်တော်မူ သည်အတိုင်း၊
২“তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
3 ၃ ငါသည် ဟာဗဇိညာသားဖြစ်သော ယေရမိ၏ သား ယာဇညာမှစ၍၊ သူ၏ညီအစ်ကိုတို့နှင့် သားများ အပေါင်း၊ ရေခပ်အမျိုးသားအပေါင်းတို့ကို ခေါ်၍၊
৩তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ ককায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো।
4 ၄ ဗိမာန်တော်အတွင်း၊ တံခါးစောင့်ရှလ္လုံသား မာသေယ၏ အခန်းအပေါ်၊ မှူးတော်မတ်တော် စည်းဝေး ရာအခန်းနားမှာ ဘုရားသခင်၏လူ ဣဂဒါလိသား ဟာနန်၏သားတို့ နေသောအခန်းထဲသို့ ဆောင်သွား ပြီးလျှင်၊
৪মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল।
5 ၅ ထိုရေခပ် အမျိုးသားတို့ရှေ့၌ စပျစ်ရည်နှင့် ပြည့်သောအိုးများနှင့် ခွက်ဖလားတို့ကိုထည့်၍၊ စပျစ်ရည် ကို သောက်ကြပါဟု သူတို့အား ဆို၏။
৫তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।”
6 ၆ သူတို့ကလည်း၊ အကျွန်ုပ်တို့သည် စပျစ်ရည်ကို မသောက်ပါ။ အကြောင်းမူကား၊ အကျွန်ုပ်တို့အမျိုး၏ အဘရေခပ်၏ သားယောနဒပ်က၊ သင်တို့မှစ၍ သားစဉ် မြေးဆက်တို့သည် စပျစ်ရည်ကို မသောက်ရကြ။
৬কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তান সকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।
7 ၇ အိမ်ကိုလည်း မဆောက်ရ၊ မျိုးစေ့ကိုလည်း မကြဲရ၊ စပျစ်ဥယျာဉ်ကိုလည်းမစိုက်ရ၊ မရှိစေရကြ။ သင်တို့သည် ဧည့်သည်ဖြစ်လျက်နေသော ပြည်၌ အသက်တာရှည်မည်အကြောင်း၊ တသက်လုံး တဲနှင့်သာ နေရကြမည်ဟု အကျွန်ုပ်တို့ကို မှာထားပါပြီ။
৭আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’
8 ၈ ထိုကြောင့်၊ အကျွန်ုပ်တို့သည် မယားသားသမီး နှင့်တကွ တသက်လုံးစပျစ်ရည်ကိုမသောက်။
৮আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ।
9 ၉ နေစရာဘို့အိမ်ကိုလည်း မဆောက်။ စပျစ် ဥယျာဉ်မရှိ။ လယ်ယာမရှိ၊ မျိုးစေ့မရှိ။
৯আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই।
10 ၁၀ တဲနှင့်သာ နေ၍ အကျွန်ုပ်တို့အမျိုး၏ အဘ ရေခပ်သား ယောနဒပ် မှာထားသမျှသော စကားကို နားထောင်လျက်၊ အဘယောနဒပ်မှာ ထားသမျှအတိုင်း ပြုကြပါပြီ။
১০কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্বপুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
11 ၁၁ ဗာဗုလုန်ရှင်ဘုရင် နေဗုခဒ်နေဇာသည် ဤ ပြည်သို့ လာသောအခါ၊ အကျွန်ုပ်တို့က၊ လာကြ။ ယေရု ရှလင်မြို့သို့ သွားကြကုန်အံ့။ ခါလဒဲစစ်သူရဲတို့နှင့် ရှုရိစစ်သူရဲတို့ကို ကြောက်စရာရှိသည်ဟု အချင်းချင်း ပြောဆို၍၊ ယခုယေရှုရှလင်မြို့၌ နေကြပါသည်ဟု ဆိုကြ၏။
১১কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদনেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।”
12 ၁၂ ထိုအခါ ထာဝရဘုရား၏ နှုတ်ကပတ်တော် သည် ယေရမိသို့ ရောက်လာ၍၊
১২পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
13 ၁၃ ဣသရေလအမျိုး၏ဘုရားသခင်၊ ကောင်းကင် ဗိုလ်ခြေ အရှင်ထာဝရဘုရား မိန့်တော်မူသည်ကား၊ သင်သည်ယုဒပြည်သူ၊ ယေရှုရှလင်မြို့သားတို့ ရှိရာသို့ သွား၍၊ သင်တို့သည် ငါ့စကားကို နားထောင် အံ့သောငှါ ဆုံးမခြင်းကို မခံကြသလောဟု ထာဝရဘုရား မေးတော် မူ၏။
১৩“বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’
14 ၁၄ စပျစ်ရည်ကို မသောက်ရဟု၊ ရေခပ်သားယောန ဒပ်သည် မိမိ သားတို့၌ ထားသော ပညတ်စကားအတိုင်း၊ သူတို့သည် ကျင့်၍ ယနေ့တိုင်အောင် စပျစ်ရည်ကို မသောက်ဘဲနေလျက်၊ အဘ၏ပညတ်စကားကို နား ထောင်ကြ၏။ ငါသည် စောစောထ၍ သင်တို့ကို အထပ် ထပ် ပြောသော်လည်း၊ သင်တို့သည် ငါ့စကားကို နား မထောင်ကြ။
১৪ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তান সকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা।
15 ၁၅ ငါ၏ကျွန်ပရောဖက်အပေါင်းတို့ကိုလည်း၊ ငါသည်စောစောထ၍ သင်တို့ရှိရာသို့ အထပ်ထပ် စေလွှတ်လျက်၊ သင်တို့အသီးအသီးလိုက်သော အဓမ္မ လမ်းကို ရှောင်ကြလော့။ သင်တို့အကျင့်ကို ပြုပြင်ကြ လော့။ အခြားတပါးသော ဘုရားနောက်သို့မလိုက်၊ ဝတ်မပြုကြနှင့်။ ဤစကားကို နားထောင်လျှင်၊ သင်တို့ နှင့်သင်တို့၏ဘိုးဘေးတို့အား ငါပေးသောပြည်၌ နေရကြ လိမ့်မည်ဟု မှာလိုက်သော်လည်း၊ သင်တို့သည် နားကိုပိတ် လျက်၊ ငါ့စကားကို နားမထောင်ဘဲ နေကြပြီ။
১৫মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
16 ၁၆ ရေခပ်သားဖြစ်သော ယောနဒပ်၏ သားမြေးတို့ သည် မိမိတို့ အဘမှာထားသော စကားအတိုင်းကျင့်ကြ၍၊ ဤလူမျိုးသည် ငါ့စကားကို နားမထောင်သောကြောင့်၊
১৬ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তান সকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’
17 ၁၇ ဣသရေလအမျိုး၏ဘုရားသခင်၊ ကောင်းကင် ဗိုလ်ခြေအရှင် ဘုရားသခင် ထာဝရဘုရား မိန့်တော်မူ သည်ကား၊ ငါသည်ခြိမ်းသမျှသော ဘေးဥပဒ်တို့ကို ယုဒပြည်သူ၊ ယေရှုရှလင်မြို့သား အပေါင်းတို့အပေါ်သို့ ရောက်စေမည်။ အကြောင်းမူကား၊ ငါပြောသော်လည်း၊ သူတို့သည် နား မထောင်ကြ။ ခေါ်သောလည်းမထူးကြဟု မိန့်တော်မူ၏။
১৭এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
18 ၁၈ ရေခပ်အမျိုးသားတို့အားလည်း၊ ယေရမိဆင့်ဆို သော၊ ဣသရေလအမျိုး၏ ဘုရားသခင်၊ ကောင်းကင် ဗိုလ်ခြေအရှင် ထာဝရ ဘုရား၏ အမိန့်တော်ဟူမူကား၊ သင်တို့သည် သင်တို့အဘယောနဒပ်၏ ပညတ်စကားကို နားထောင်၍၊ သူစီရင်ထုံးဖွဲ့သမျှအတိုင်း ကျင့်စောင့် သောကြောင့်၊
১৮যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা;
19 ၁၉ ရေခပ်ယောနဒပ်အမျိုး၌ ငါ့အမှုထမ်းတို့သည် အစဉ်ရှိကြလိမ့်မည်ဟု ဣသရေလအမျိုး၏ဘုရားသခင်၊ ကောင်းကင်ဗိုလ်ခြေအရှင် ထာဝရဘုရားမိန့်တော်မူ၏။
১৯এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”