< ၂ ဓမ္မရာဇဝင် 8 >
1 ၁ ထိုနောက်ဒါဝိဒ်သည် ဖိလိတ္တိလူတို့ကို လုပ်ကြံ၍ အောင်မြင်သဖြင့်၊ မေသေဂမ္မာမြို့ကို သိမ်းယူလေ၏။
১ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
2 ၂ မောဘပြည်ကိုလည်းလုပ်ကြံ၍ ပြည်သားတို့ကို မြေပေါ်မှာ လှဲချသဖြင့်၊ ကြိုးနှင့်တိုင်းလျက် သုံးစုတွင် နှစ်စုကိုသတ်၏။ တစုကိုချမ်းသာပေး၏။ ထိုသို့မောဘ အမျိုးသားတို့သည် ဒါဝိဒ်၌ ကျွန်ခံ၍ အခွန်ဆက်ရကြ၏။
২তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
3 ၃ ဇောဘမင်းကြီးရဟောဘ၏ သားဟာဒဒေဇာသည် ဥဖရတ်မြစ်နားမြေကိုသိမ်းယူခြင်းငှါ သွားသော အခါ၊ ဒါဝိဒ်သည် တိုက်ဖျက်၍၊
৩আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
4 ၄ ရထားတထောင်၊ မြင်းစီးသူရဲခုနစ်ထောင်၊ ခြေသည် သူရဲနှစ်သောင်းကို ဘမ်းဆီး၍ ရထားတရာတို့ကိုသိမ်းထားပြီးမှ၊ အခြားသောမြင်းရထားရှိုသမျှတို့ကို ဖျက်ဆီးလေ၏။
৪তেওঁৰ এক হাজাৰ ৰথ, সাত শ অশ্বাৰোহী আৰু বিশ হাজাৰ পদাতিক সৈন্যক বন্দী কৰি ল’লে৷ আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5 ၅ ဒမာသက်မြို့နေ ရှုရိလူတို့သည် ဇောဘမင်းကြီး ဟာဒဒေဇာကို စစ်ကူသောအခါ၊ ဒါဝိဒ်သည် ရှုရိလူ နှစ်သောင်းနှစ်ထောင်တို့ကို သတ်ပြီးမှ၊
৫পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদদেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে।
6 ၆ ရှုရိပြည် ဒမာသက်မြို့၌ မြို့စောင့်တပ်ကို ထားသဖြင့်၊ ရှုရိလူတို့သည်ဒါဝိဒ်၌ ကျွန်ခံ၍ အခွန်ဆက်ရကြ၏။ ဒါဝိဒ်သွားလေရာရာ၌ ထာဝရဘုရား စောင့်မ တော်မူ၏။
৬তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
7 ၇ ဟာဒဒေဇာ၏ ကျွန်တို့စွဲကိုင်သော ရွှေဒိုင်းလွှားများကို ဒါဝိဒ်သည်သိမ်း၍ ယေရုရှလင်မြို့သို့ ဆောင် သွား၏။
৭আৰু দায়ূদে হদদেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল।
8 ၈ ဟာဒဒေဇာအစိုးရသော ဘေတမြို့နှင့် ဗေရောသဲမြို့မှ ဒါဝိဒ်မင်းကြီးသည် များစွာသောကြေးဝါကို သိမ်းသွား၏။
৮আৰু দায়ুদ ৰজাই হদদেজৰৰ বেটহ আৰু বেৰোথয় নগৰৰ পৰা অধিক পিতল আনিলে।
9 ၉ ဟာဒဒေဇာ၏ တပ်အလုံးအရင်းကို ဒါဝိဒ် လုပ်ကြံကြောင်းကို၊ ဟာမတ်မင်းကြီးတောဣသည် ကြားလျှင်၊
৯পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,
10 ၁၀ မိမိရန်သူဟာဒဒေဇာကို ဒါဝိဒ်သည် စစ်တိုက်၍ လုပ်ကြံသောကြောင့်၊ မိဿဟာယဖွဲ့၍ ကောင်းကြီး ပေးစေခြင်းငှါ၊ မိမိသားယောရံကို ဒါဝိဒ်မင်းကြီးထံသို့ စေလွှတ်၍၊ ယောရံသည် ငွေဖလား၊ ရွှေဖလား၊ ကြေးဝါ ဖလားတို့ကို ဆောင်လျက်လာ၏။
১০তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
11 ၁၁ ထိုဖလားတို့ကို ဒါဝိဒ်မင်းကြီးသည် ထာဝရဘုရားအား ပူဇော်၏။ ထိုအတူအောင်မြင်သောရှုရိပြည်၊ မောဘပြည်၊ အမ္မုန်ပြည်၊ ဖိလိတ္တိပြည်၊ အာမလက်ပြည်၌ သိမ်းယူသော ရွှေငွေကို၎င်း၊
১১দায়ুদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল, -
12 ၁၂ ဇောဘမင်းကြီး ရဟောဘသား ဟာဒဒေဇာ၏ ဘဏ္ဍာကို လုယူ၍ ရသောရွှေငွေကို၎င်း၊ ထာဝရဘုရား အား ပူဇော်၏။
১২সেইবোৰ অৰাম, মোৱাব, অম্মোনৰ সন্তান সকল, পলেষ্টীয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে।
13 ၁၃ ဆားချိုင့်တွင် ဧဒုံလူတသောင်းရှစ်ထောင်တို့ကို လုပ်ကြံရာမှ၊ ဒါဝိဒ်သည် ပြန်လာသောအခါ ဂုဏ်အသရေ ကြီး၏။
১৩আৰু দায়ূদে লৱণ উপত্যকাত অৰামীয়াসকলৰ মাজৰ ওঠৰ হাজাৰ লোকক বধ কৰি উভটি অহা সময়ত অতিশয় নাম জ্বলা হ’ল।
14 ၁၄ ဧဒုံပြည်အရပ်ရပ်၌ မြို့စောင့်တပ်တို့ကိုထား၍၊ ဧဒုံပြည်သားအပေါင်းတို့သည် ဒါဝိဒ်၌ ကျွန်ခံကြ၏။ ဒါဝိဒ်သွားလေရာရာ၌ ထာဝရဘုရား စောင့်မတော်မူ၏။
১৪পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।
15 ၁၅ ထိုသို့ ဒါဝိဒ်သည် ဣသရေလနိုင်ငံလုံးကို စိုးစံ၍၊ နိုင်ငံတော်သားတို့တွင် တရားမှုကို စီရင်ဆုံးဖြတ် တော်မူ၏။
১৫এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।
16 ၁၆ ဇေရုယာ၏သားယွာဘသည် ဗိုလ်ချုပ်မင်း ဖြစ်၏။ အဟိလုပ်၏ သားယောရှဖတ်သည် အတွင်းဝန် ဖြစ်၏။
১৬চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্ আছিল ইতিহাস লিখক৷
17 ၁၇ အဟိတုပ်သား ဇာဒုတ်နှင့် အဗျာသာ၏သား အဟိမလက်သည် ယဇ်ပုရောဟိတ်ဖြစ်၏။ စရာယသည် စာရေးတော်ကြီးဖြစ်၏။
১৭অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷
18 ၁၈ ယောယဒ၏သား ဗေနာယသည် ခေရသိလူနှင့် ပေလသိ လူတို့ကိုအုပ်ရ၏။ ဒါဝိဒ်၏သားတော်တို့ သည်လည်း မင်းသားအရာနှင့် နေကြ၏။
১৮যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।