< ၄ ဓမ္မရာဇဝင် 12 >

1 ယေဟုနန်းစံ ခုနစ်နှစ်တွင် ယောရှသည် အသက်ခုနစ်နှစ်ရှိသော်၊ နန်းထိုင်၍ ယေရုရှလင်မြို့၌ အနှစ်လေးဆယ်စိုးစံ၏။ မယ်တော်ကား၊ ဗေရရှေဘမြို့သူ ဇိဗိအမည်ရှိ၏။
ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
2 ယဇ်ပုရောဟိတ်ယောယဒသွန်သင်သော ကာလပတ်လုံးယောရှသည် ထာဝရဘုရားရှေ့တော်၌ တရားသောအမှုကို ပြု၏။
পুৰোহিত যিহোয়াদাই পৰামর্শ দি থকাৰ কাৰণে যোৱাচে সকলো সময়তে যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
3 သို့ရာတွင် မြင့်သောအရပ်တို့ကို မပယ်ရှားသော ကြောင့်၊ လူတို့သည် ထိုအရပ်တို့၌ ယဇ်ပူဇော်၍နံ့သာ ပေါင်းကို မီးရှို့ကြ၏။
কিন্তু ওখ ঠাইৰ প্রার্থনাৰ মঠবোৰ ধ্বংস কৰা নাছিল; লোকসকলে তেতিয়াও সেই ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
4 ယောရှမင်းကလည်း၊ ဗိမာန်တော်ထဲသို့ သွင်း သော အလှူဥစ္စာကို ရောင်း၍ရသောငွေ၊ စာရင်းဝင် သောသူတိုင်းကိုယ်အတွက်ပေးသောငွေ၊ ကိုယ်ဘိုးပြတ်၍ ရသောငွေ၊ အလိုလို လှူသောငွေရှိသမျှကို၊
যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা উৎসাহিত হৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ মনোবাঞ্ছাৰে অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।
5 ယဇ်ပုရောဟိတ်တို့သည် မိမိတို့အသိအကျွမ်း လှူသည်အတိုင်း ခံယူ၍၊ ဗိမာန်တော်ပြိုပျက်ရာရှိသမျှ တို့ကို ပြုပြင်ကြစေဟု ယဇ်ပုရောဟိတ်တို့အား မိန့်တော် မူ၏။
পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।”
6 သို့သော်လည်း ယောရှမင်းကြီးနန်းစံနှစ်ဆယ် သုံးနှစ်တွင်၊ ယဇ်ပုရောဟိတ်တို့သည် ဗိမာန်တော်ပြိုပျက် ရာတို့ကို မပြုပြင်ကြသေး။
কিন্তু যোৱাচ ৰজাৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত দেখা গ’ল পুৰোহিতসকলে মন্দিৰ মেৰামতিৰ একো কামেই কৰা নাছিল।
7 ထိုအခါ ယောရှမင်းကြီးသည် ယဇ်ပုရောဟိတ် ယောယဒ နှင့်အခြားသော ယဇ်ပုရောဟိတ် တို့ကိုခေါ်၍၊ သင်တို့သည် ဗိမာန်တော်ပြိုပျက်ရာတို့ကို အဘယ်ကြောင့် မပြုပြင်ဘဲ နေကြသနည်း။ နောက်တဖန် အသိအကျွမ်းလှူသော ငွေကိုကိုယ်တိုင် မယူကြနှင့်။ ဗိမာန်တော်ပြိုပျက်ရာတို့ကို ပြုပြင်ဘို့ရာအပ်ကြလော့ဟု ဆိုသည်အတိုင်း၊
সেয়ে, যোৱাচ ৰজাই যিহোয়াদা পুৰোহিতক আৰু আন আন পুৰোহিতসকলক মাতি সুধিলে, “আপোনালোকে কিয় মন্দিৰৰ একোৱেই মেৰামতি কৰা নাই? এই হেতুকে, এতিয়াৰ পৰা আপোনালোকে পুনৰ আপোনালোকৰ কৰদাতাসকলৰ পৰা ধন নল’ব, বৰং মন্দিৰ মেৰামতিৰ অর্থে যিখিনি সংগ্রহ কৰা হ’ল সেইখিনি লৈ যেয়ে মেৰামতি কৰিব পাৰে সেইসকলক দি দিয়ক।”
8 ယဇ်ပုရောဟိတ်တို့သည် နောက်တဖန် လူများ လှူသောငွေကို မခံရ။ ဗိမာန်တော်ပြိုပျက်ရာကိုလည်း မပြုပြင်ရဟုဝန်ခံကြ၏။
তেতিয়া পুৰোহিতসকল সন্মত হ’ল যে, তেওঁলোকে লোকসকলৰ পৰা পুনৰ ধন নল’ব আৰু নিজে মন্দিৰ মেৰামতি কাম নকৰিব।
9 ယဇ်ပုရောဟိတ် ယောယဒသည် သေတ္တာကို ယူ၍အဖုံးကို ဖောက်ပြီးလျှင်၊ ဗိမာန်တော်အထဲသို့ ဝင်သောလမ်းလက်ျာဘက် ယဇ်ပလ္လင် နားမှာထားလေ ၏။ ဗိမာန်တော်သို့ဆောင်ခဲ့သော ငွေရှိသမျှကို တံခါး စောင့် ယဇ်ပုရောဟိတ်တို့သည် သေတ္တာထဲမှာထားကြ၏။
পুৰোহিত যিহোয়াদাই এটা চন্দুক লৈ তাৰ ঢাকনিত এটা বিন্ধা কৰিলে আৰু সেইটো যজ্ঞ-বেদীৰ ওচৰত যিহোৱাৰ গৃহলৈ সোমোৱা ঠাইৰ সোঁফালে থলে। যি পুৰোহিতসকলে মন্দিৰৰ প্রৱেশদ্বাৰত পহৰা দিয়ে, তেওঁলোকে যিহোৱাৰ গৃহলৈ অনা সকলো ধন সেই চন্দুকত ৰাখিছিল।
10 ၁၀ ငွေများသည်ကိုသိမြင်လျှင်၊ ရှင်ဘုရင်၏ စာရေး တော်ကြီးနှင့် ယဇ်ပုရောဟိတ်မင်းသည် လာ၍ဗိမာန် တော်၌စုသောငွေကို ထုတ်ထားလျက် စာရင်းယူ၏။
১০এইভাৱে তেওঁলোকে যেতিয়া দেখিছিল যে সেই চন্দুকত বহুত ধন জমা হৈছিল, তেতিয়া ৰজাৰ সচিব আৰু প্ৰধান পুৰোহিতে আহি যিহোৱাৰ গৃহলৈ অনা সকলো ধন হিচাপ কৰি বস্তাবোৰত বান্ধি থৈছিল।
11 ၁၁ ထိုသို့ ချိန်ထားသော ငွေကို ဗိမာန်တော်အုပ် အမှုတော်စောင့်တို့၌အပ်၍၊ ဗိမာန်တော်၌ အလုပ်လုပ် သော လက်သမား၊
১১পাছত যিমান ধন উঠে তাক ওজন কৰি যিহোৱাৰ মন্দিৰ তদাৰককাৰী সকলৰ হাতত দিছিল। তেওঁলোকে সেই ধন যিহোৱাৰ মন্দিৰ মেৰামতি কৰা লোকসকলক অর্থাৎ বাঢ়ৈ, গৃহ নির্মাণ কৰা বনুৱাসকলক দিছিল।
12 ၁၂ ပန်းရန်သမား၊ ကျောက်ဆစ်သမားတို့အတွက် ဗိမာန်တော် ပြိုပျက်ရာကို ပြုပြင်စရာကျောက်နှင့် သစ်သားကိုဝယ်၍ ကုန်သမျှသော အတွက်ပေးဝေကြ၏။
১২ৰাজমিস্ত্ৰী ও শিল ভঙা লোকসকলক দিছিল; তাৰ উপৰিও, যিহোৱাৰ মন্দিৰ মেৰামতিৰ কাৰণে কাঠ কিনা, শিল ভঙা আৰু প্রয়োজনীয় সকলো সামগ্রীৰ কাৰণে খৰচ কৰিছিল।
13 ၁၃ ဗိမာန်တော်အဘို့ငွေဖလား၊ မီးညှပ်၊ အင်တုံ၊ တံပိုး၊ ရွှေတန်ဆာ၊ ငွေတန်ဆာတို့ကို ထိုငွေနှင့်မလုပ် သေး။
১৩যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
14 ၁၄ အလုပ်လုပ်သောသူတို့အားသာ ပေး၍၊ ဗိမာန်တော်ကို ပြုပြင်ကြ၏။
১৪কিন্তু সেই ধন কেৱল তদাৰককাৰীসকলে যিহোৱাৰ গৃহ মেৰামতি কৰা বনুৱাসকলকহে দিছিল।
15 ၁၅ အလုပ်လုပ်သော သူတို့အား ပေးစေခြင်းငှါ၊ ငွေကို လက်ခံသော သူတို့သည် သစ္စာစောင့်သောသူ ဖြစ်သောကြောင့် စာရင်းမပေးကြ။
১৫তদাৰককাৰীসকলৰ পৰা তেওঁলোকে কোনো হিচাপ লোৱাৰ আৱশ্যকতা নাছিল, কাৰণ এই লোকসকল সৎ আছিল।
16 ၁၆ ဒုစရိုက်ငွေ၊ အပြစ်ငွေကိုမူကား၊ ဗိမာန်တော်သို့ မသွင်းဘဲ ယဇ်ပုရောဟိတ်တို့သည် ယူကြ၏။
১৬কিন্তু যিহোৱাৰ মন্দিৰলৈ দোষাৰ্থক আৰু পাপাৰ্থক বলিৰ ধন অনা হোৱা নাছিল; সেইবোৰ পুৰোহিতসকলে পাইছিল।
17 ၁၇ ထိုအခါ ရှုရိရှင်ဘုရင်ဟာဇေလသည် ဂါသမြို့ ကို စစ်ချီ၍ တိုက်ယူပြီးမှ၊ ယေရုရှလင်မြို့သို့ ချီအံ့သောငှါ အားထုတ်လေ၏။
১৭সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।
18 ၁၈ ယုဒရှင်ဘုရင်ယောရှသည် ဘိုးတော်ဘေးတော် တည်းဟူသော ယုဒရှင်ဘုရင်ယောရှဖတ်၊ ယဟောရံ၊ အာခဇိလှူသမျှသော တန်ဆာနှင့် ကိုယ်တိုင်သန့်ရှင်း သမျှသော တန်ဆာများ၊ ဗိမာန်တော်ဘဏ္ဍာ၊ နန်းတော် ဘဏ္ဍာတွင် တွေ့သမျှသော ရွှေကိုယူ၍ ရှုရိရှင်ဘုရင် ဟာဇေလ ထံသို့ပေးလိုက်သောကြောင့်၊ ဟာဇေလသည် ယေရုရှလင်မြို့ကို ထား၍ သွား၏။
১৮তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।
19 ၁၉ ယောရှပြုမူသောအမှုအရာ ကြွင်းလေသမျှ တို့သည် ယုဒရာဇဝင်၌ ရေးထားလျက်ရှိ၏။
১৯যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?
20 ၂၀ ထိုမင်း၏ကျွန်ရှိမတ်သား ယောဇဗဒ်နှင့် ရှိမရိတ်သား ယဟောဇဗပ်တို့သည် ထ၍ သင်းဖွဲ့ပြီးလျှင်၊ သိလရွာသို့ သွားသောလမ်း၊ မိလ္လောစံနန်းတွင်ယောရှကို သေအောင်လုပ်ကြံ၍၊
২০পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।
21 ၂၁ ဘိုးဘေးတို့နှင့်အတူ ဒါဝိဒ်မြို့၌ သင်္ဂြိုဟ်ကြ၏။ သားတော်အာ မဇိသည် ခမည်းတော်အရာ၌နန်းထိုင်၏။
২১চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।

< ၄ ဓမ္မရာဇဝင် 12 >