< ၁ ဓမ္မရာဇဝင် 16 >
1 ၁ တဖန် ထာဝရဘုရားက၊ ရှောလုကို ဣသရေလရှင်ဘုရင်အရာမှ ငါပယ်သောကြောင့်၊ သင်သည် အဘယ်မျှ ကာလပတ်လုံး စိတ်မသာ ညည်းတွားလျက် နေလိမ့်မည်နည်း။ သင်၏ဘူးကို ဆီနှင့် ပြည့်စေလော့။ ဗက်လင်မြို့သား ယောရှဲရှိရာသို့ ငါစေလွှတ်မည်။ သူ၏သားတို့တွင် ငါ့အဘို့ ရှင်ဘုရင် တပါးကို ငါပြင်ဆင်ပြီဟု ရှမွေလအား မိန့်တော်မူ၏။
১যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”
2 ၂ ရှမွေလက၊ အကျွန်ုပ်သည် အဘယ်သို့ သွားနိုင်ပါမည်နည်း။ ရှောလုကြားလျှင် သတ်ပါလိမ့်မည်ဟု လျှောက်သော်၊ ထာဝရဘုရားက၊ နွားမတန်းကိုယူ၍ ငါသည် ထာဝရဘုရားအား ယဇ်ပူဇော်ခြင်းငှါ လာပြီဟု ပြောလော့။
২চমূৱেলে ক’লে, “মই কেনেকৈ যাম? চৌলে যদি এই কথা শুনে, তেন্তে তেওঁ মোক বধ কৰিব।” যিহোৱাই ক’লে, “তুমি এজনী চেঁউৰী গৰু লগত লৈ যোৱা, আৰু ক’বা, মই যিহোৱাৰ উদ্দেশে বলিদান কৰিবলৈ আহিছোঁ।”
3 ၃ ယေရှဲကိုလည်း ယဇ်ပွဲသို့ ခေါ်ဘိတ်လော့။ ထိုအခါ သင်သည် အဘယ်သို့ ပြုရမည်ကို ငါပြမည်။ ငါသည် နာမဖြင့် ထုတ်ပြသောသူကို ငါ့အဘို့ ဘိသိက်ပေးရမည်ဟု မိန့်တော်မူသည်အတိုင်း၊-
৩সেই যজ্ঞলৈ যিচয়ক নিমন্ত্ৰণ কৰিবা, আৰু তুমি কি কৰিব লাগে, মই তোমাক দেখুৱাম; মই তোমাৰ আগত যিজনৰ বিষয়ে ক’ম, তুমি মোৰ কাৰণে সেই জনকেই অভিষেক কৰিবা।”
4 ၄ ရှမွေလပြု၍ ဗက်လင်မြို့သို့ သွားလေ၏။ ဗက်လင်မြို့ သားအသက်ကြီးသူတို့သည် ရှမွေလနှင့် တွေ့သောအခါ တုန်လှုပ်၍၊ ကိုယ်တော်သည် ချမ်းသာပေးလျက် လာတော်မူသလောဟု မေးလျှောက် ကြသော်၊
৪চমূৱেলে যিহোৱাই কোৱা অনুসাৰে কৰিলে আৰু বৈৎলেহেমলৈ গ’ল। নগৰৰ বৃদ্ধসকলে তেওঁক লগ ধৰিবলৈ আহি কঁপি কঁপি তেওঁক ক’লে, “আপুনি শান্তিৰ অৰ্থে আহিছে নে?”
5 ၅ ချမ်းသာပေးလျက် ထာဝရဘုရားအား ယဇ်ပူဇော်ခြင်းငှါ ငါလာပြီ။ မိမိတို့ကို သန့်ရှင်းစေပြီးမှ ငါနှင့်အတူ ယဇ်ပွဲသို့လာကြဟု ဆိုသဖြင့်၊ ယေရှဲနှင့် သူ၏သားတို့ကို သန့်ရှင်းစေ၍ ယဇ်ပွဲသို့ ခေါ်လေ၏။
৫তেওঁ ক’লে, “শান্তি হওক; মই যিহোৱাৰ উদ্দেশে বলিদান দিবলৈ আহিছোঁ। বলিদানৰ অৰ্থে তোমালোকে নিজকে পবিত্ৰ কৰি মোৰ লগত আহাঁ।” আৰু তেওঁ যিচয়ক আৰু তেওঁৰ পুত্ৰসকলক পবিত্ৰকৃত কৰিলে আৰু বলিদানৰ কাৰণে নিমন্ত্ৰণ কৰিলে।
6 ၆ သူတို့သည် ရောက်လာသောအခါ ဧလျာဘကို ကြည့်ရှု၍၊ စင်စစ်ထာဝရဘုရားအခွင့်နှင့် ဘိသက်ခံရသော သူသည် ငါ့ရှေ့မှာရှိ၏ဟု ဆိုလေသော်၊
৬তাৰ পাছত তেওঁলোক যেতিয়া আহিল, তেতিয়া চমূৱেলে ইলীয়াবলৈ চাই মনতে ক’লে, “যিহোৱাৰ আগত উপস্থিত হোৱা এই মানুহেই অৱশ্যে তেওঁৰ অভিষিক্ত জন।”
7 ၇ ထာဝရဘုရားက၊ သူ၏မျက်နှာ၊ သူ၏အရပ်ကို မကြည့်မရှုနှင့်။ သူ့ကို ငါပယ်ပြီ။ ထာဝရဘုရားသည် လူမြင်သကဲ့သို့ မြင်တော်မူသည် မဟုတ်။ လူသည် အဆင်းသဏ္ဌာန်ကို ကြည့်ရှုတတ်၏။ ထာဝရဘုရား မူကား နှလုံးကို ကြည့်ရှုတတ်သည်ဟု ရှမွေအား မိန့်တော်မူ၏။
৭কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
8 ၈ တဖန် ယေရှဲသည် အဘိနဒပ်ကို ခေါ်၍ ရှမွေလရှေ့မှာ သွားစေသဖြင့်၊ ရှမွေလက၊ ဤသူကိုလည်း ထာဝရဘုရား ရွေးတော်မမူဟုဆို၏။
৮পাছত যিচয়ে অবীনাদবক মাতি আনিলে আৰু চমূৱেলৰ সন্মুখেদি যাবলৈ দিলে। তাতে চমূৱেলে ক’লে, “যিহোৱাই এওঁকো মনোনীত কৰা নাই।”
9 ၉ တဖန်ယေရှဲသည် ရှိမာကို သွားစေသဖြင့်၊ ဤသူကိုလည်း ထာဝရဘုရားရွေးတော်မမူဟု ဆို၏။
৯তাৰ পাছত যিচয়ে চম্মাক আগেদি যাবলৈ দিলে; আৰু চমূৱেলে ক’লে, যিহোৱাই এওঁকো মনোনীত কৰা নাই।
10 ၁၀ တဖန်ယေရှဲသည် သားခုနစ်ယောက်တို့ကို ရှမွေလရှေ့မှာ သွားစေသဖြင့်၊ ရှမွေလက၊ ဤသူတို့ကို လည်း ထာဝရဘုရား ရွေးတော်မမူ။
১০এইদৰে যিচয়ে তেওঁৰ সাত জন পুত্ৰক চমূৱেলৰ আগেদি যাবলৈ দিলে; কিন্তু চমূৱেলে যিচয়ক ক’লে, “যিহোৱাই এওঁলোকৰ এজনকো মনোনীত কৰা নাই।”
11 ၁၁ သင်၌ သားမရှိပြီလောဟု ယေရှဲအား မေးလျှင်၊ ယေရှဲက အငယ်ဆုံးသော သားရှိပါသေး၏။ သိုးတို့ကို ထိန်းကျောင်းလျက် နေပါသည်ဟု ပြောဆိုသော်၊ ရှမွေလက သူ့ကို ခေါ်စေခြင်းငှါ လူကို စေလွှတ် ပါ။ သူမရောက်မှီ ပွဲသို့ ဝင်၍ မထိုင်ရဟု ဆိုသည်အတိုင်း၊
১১তাৰ পাছত চমূৱেলে যিচয়ক ক’লে, “তোমাৰ সকলো পুত্ৰ ইয়াতে আছে নে?” তেওঁ উত্তৰ দি ক’লে, “সকলোতকৈ সৰুজন ইয়াত নাই কিন্তু তেওঁ মেৰ-ছাগৰ ৰখীয়া হৈ মেৰ-ছাগ চৰাই আছে।” চমূৱেলে যিচয়ক ক’লে, “মানুহ পঠিয়াই তেওঁক মাতি আনা; কাৰণ তেওঁ নহালৈকে আমি নবহোঁ।”
12 ၁၂ စေလွှတ်၍ သူ့ကို ခေါ်ခဲ့၏။ သူသည် နီသောဆံပင်ရှိ၏။ လှသောအဆင်းနှင့် ချစ်ဘွယ်သော မျက်နှာ လည်းရှိ၏။ ထာဝရဘုရားက ဤသူပေတည်း။ ထ၍ ဘိသိက်ပေးလော့ဟု မိန့်တော်မူ၏။
১২যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।”
13 ၁၃ ရှမွေလသည်လည်း၊ ဆီဘူးကိုယူ၍ သူ၏ အစ်ကိုစုထဲမှာ သူ့ကို ဘိသိက်ပေးလေ၏။ ထိုနေ့မှစ၍ ထာဝရဘုရား၏ ဝိညာဉ်တော်သည် ဒါဝိဒ်အပေါ်မှာ သက်ရောက်လေ၏။ ရှမွေသည် ထ၍ ရာမ မြို့သို့ ပြန်သွား၏။
১৩তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।
14 ၁၄ ထာဝရဘုရား၏ ဝိညာဉ်တော်သည် ရှောလုမှ ထွက်သွား၍၊ ထာဝရဘုရားထံတော်က ဆိုးသော ဝိညာဉ်သည် နှောင့်ရှက်တတ်၏။
১৪তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।
15 ၁၅ ရှောလု၏ ကျွန်တို့ကလည်း၊ ယခုမှာ ဘုရားသခင်ထံတော်က ဆိုးသော ဝိညာဉ်သည် ကိုယ်တော်ကို နှောင့်ရှက်တတ်ပါ၏။
১৫চৌলৰ দাসবোৰে তেওঁক ক’লে, “চাওক, ঈশ্বৰৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আপোনাক ব্যাকুল কৰিছে।
16 ၁၆ ခစားသော ကိုယ်တော်၏ ကျွန်တို့သည်၊ သာယာစွာ စောင်းတီးတတ်သောသူကို ရှာဖွေရမည် အကြောင်း အရှင်အမိန့်ရှိတော်မူပါ။ ဘုရားသခင့်ထံတော်က ဆိုးသောဝိညာဉ် လာသောအခါ၊ သူသည် စောင်းတီးသဖြင့် ကိုယ်တော်သည် ချမ်းသာရတော်မူမည်ဟု လျှောက်လျှင်၊
১৬এই হেতুকে আমাৰ প্ৰভুৱে আপোনাৰ আগত থকা দাসবোৰক এজন নিপূণ বীণা বজাওঁতা বিচাৰিবলৈ আজ্ঞা কৰক; পাছত যি সময়ত ঈশ্বৰৰ পৰা অহা সেই আত্মাই আপোনাক ধৰিব সেই সময়ত সেই মানুহে হাতেৰে বীণা বজালে আপুনি উপশম পাব।”
17 ၁၇ ရှောလုက၊ သာယာစွာ တီးတတ်သောသူကို ငါ့အဘို့ ရှာဖွေ၍ ငါ့ထံသို့ ခေါ်ခဲ့ကြဟု ကျွန်တို့အား မိန့်တော်မူသော်၊
১৭তেতিয়া চৌলে তেওঁৰ দাসবোৰক আজ্ঞা কৰিলে, “ভালকৈ বীণা বজাব পৰা এজন লোক বিচাৰি যোৱা আৰু মোৰ ওচৰলৈ আনা।”
18 ၁၈ ကျွန်တယောက်က၊ ကျွန်တော်တွေ့ဘူးသော ဗက်လင်မြို့သား ယေရှဲသားသည် စောင်းတီးသောအတတ်၊ ရဲရင့်ခြင်းအစွမ်းသတ္တိနှင့် ပြည့်စုံ၍၊ စစ်မှု၌၎င်း၊ ပညာစကား၌၎င်း လေ့ကျက်ပါ၏။ အဆင်းလည်း လှပါ၏။ ထာဝရဘုရားသည်သူနှင့်အတူ ရှိတော်မူ၏ဟု လျှောက်သောကြောင့်၊
১৮দাসবোৰৰ এজনে ক’লে, “চাওক, বৈৎলেহেমীয়া যিচয়ৰ এজন পুতেকক দেখিলোঁ; তেওঁ বীণা বজোৱাত পাৰ্গত, পৰাক্ৰমী বীৰ, যুদ্ধাৰু, কথা কোৱাত বিবেচক, ৰূপৱান আৰু যিহোৱা তেওঁৰ লগত আছে।”
19 ၁၉ ရှောလုက၊ ယေရှဲရှိရာသို့ လူကိုစေလွှတ်၍၊ သိုးထိန်းဖြစ်သော သင်၏သားဒါဝိဒ်ကို ငါ့ထံသို့ စေလွှတ် ရမည်ဟု အမိန့်တော်ရှိ၏။
১৯সেয়ে চৌলে যিচয়ৰ ওচৰলৈ বার্তাবাহকক পঠিয়াই কোৱালে, “দায়ুদ নামেৰে তোমাৰ যি পুত্ৰই মেৰ-ছাগ চৰাই আছে, তেওঁক মোৰ ওচৰলৈ পঠাই দিয়া।”
20 ၂၀ ယေရှဲသည် မုန့်တင်သော မြည်း၊ စပျစ်ရည်ဘူး၊ ဆိတ်သငယ်ကို ယူ၍ မိမိသားဒါဝိဒ်တွင် ရှောလုထံ သို့ ပေးလိုက်လေ၏။
২০যিচয়ে এটা গাধৰ পিঠিত পিঠা, এক বটল দ্ৰাক্ষাৰস, আৰু এটা ছাগলী পোৱালি বোজাই দি তেওঁৰ পুত্ৰ দায়ূদৰ হাতত দিলে আৰু তেওঁক চৌলৰ ওচৰলৈ পঠাই দিলে।
21 ၂၁ ဒါဝိဒ်သည် ရှောလုထံသို့ ရောက်၍ ခစားသဖြင့်၊ ရှောလုသည် အလွန်ချစ်၍ လက်နက်တော်ဆောင် အရာ၌ ခန့်ထား၏။
২১দায়ুদ চৌলৰ ওচৰলৈ আহি তেওঁৰ কামত যোগ দিলে, তেওঁ দায়ূদক অতিশয় ভাল পাবলৈ ধৰিলে; আৰু দায়ুদ তেওঁৰ অস্ত্ৰবাহক হ’ল।
22 ၂၂ ရှောလုသည်လည်း ယေရှဲရှိရာသို့ လူကိုစေလွှတ်၍၊ ဒါဝိဒ်ကို ငါ့စိတ်နှင့်တွေ့သောကြောင့် ငါ့ထံ၌ ခစားပါစေဟု အခွင့်တောင်းလေ၏။
২২তাৰ পাছত চৌলে যিচয়ক কৈ পঠালে, “মই বিনয় কৰোঁ, দায়ূদক মোৰ লগত থাকিবলৈ দিয়া; কাৰণ তেওঁ মোৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হ’ল।”
23 ၂၃ ဘုရားသခင့်ထံတော်က ဆိုးသောဝိညာဉ်သည် ရှောလုအပေါ်မှာ ရောက်သောအခါ၊ ဒါဝိဒ်သည် စောင်းကိုယူ၍ တီးသဖြင့် ဆိုးသောဝိညာဉ်ထွက်သွား၍၊ ရှောလုသည် သက်သာလျက် ပကတိ ကျန်းမာ လျက်ရှိတတ်၏။
২৩সেয়ে ঈশ্বৰৰ পৰা অহা অনিষ্ট কাৰক আত্মাই যেতিয়া চৌলক ধৰে, তেতিয়া দায়ূদে বীণা লৈ হাতেৰে বজায়; তাতে চৌল সুস্থ হয়, আৰু উপশম পায়, আৰু সেই অনিষ্ট কাৰক আত্মা তেওঁৰ পৰা আঁতৰি যায়।