< ၂ ဓမ္မရာဇဝင် 4 >
1 ၁ ရှောလု၏သားဣရှဗောရှက်သည်ဟေဗြုန်မြို့ တွင် အာဗနာအသတ်ခံရကြောင်းကြားသော အခါကြောက်လန့်လေ၏။ ဣသရေလပြည် သားအပေါင်းတို့သည်လည်းကြောက်လန့် ကြကုန်၏။-
১যেতিয়া চৌলৰ পুত্ৰ ঈচ্বোচতে অবনেৰ’ৰ মৃত্যু হিব্ৰোণত হোৱা কথাষাৰ শুনিলে, তেওঁৰ হাত দূৰ্ব্বল হ’ল আৰু আটাই ইস্ৰায়েল চিন্তিত হ’ল।
2 ၂ ဣရှဗောရှက်တွင်လုယက်တိုက်ခိုက်သည့်အဖွဲ့ များ၏ခေါင်းဆောင်နှစ်ယောက်ရှိ၏။ သူတို့၏ နာမည်မှာဗာနာနှင့်ရေခပ်ဖြစ်၍ဗေရုတ်မြို့ မှဗင်္ယာမိန်အနွယ်ဝင်ရိမ္မုန်၏သားများဖြစ် ကြ၏။ (ဗေရုတ်မြို့သည်ဗင်္ယာမိန်နယ်တွင် အပါအဝင်ဖြစ်၏။-
২চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আন জনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল
3 ၃ ထိုမြို့တွင်လက်ဦးနေထိုင်ခဲ့ကြသောလူ တို့သည်ဂိတ္တိမ်မြို့သို့ထွက်ပြေးကာ ယနေ့တိုင် အောင်နေထိုင်လျက်ရှိသတည်း။)
৩আৰু বেৰোতীয়াসকল গিত্তয়িমলৈ পলাই গৈ সেই ঠাইতে আজিলৈকে প্ৰবাস কৰি আছে।
4 ၄ ရှောလု၏သားယောနသန်တွင်မေဖိဗောရှက် ဟုနာမည်တွင်သောသားတစ်ယောက်ကျန်ရစ်၏။ အသက်ငါးနှစ်ရှိသောသားငယ်ကိုအထိန်း တော်သည်ယေဇရေလမြို့မှ ရှောလုနှင့်ယော နသန်တို့အသတ်ခံရကြောင်းသတင်းကို ကြားလျှင်သူ့အားချီပွေ့၍ထွက်ပြေးလေ သည်။ သို့ရာတွင်အလျင်အမြန်ပြေးရသည့် အတွက်ကလေးသည်အထိန်းတော်၏လက် မှလွတ်ကျသဖြင့်ခြေဆွံ့လေ၏။
৪চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল।
5 ၅ ရေခပ်နှင့်ဗာနာတို့သည်ဣရှဗောရှက်၏အိမ် တော်သို့သွားရာ ဣရှဗောရှက်နေ့လယ်အိပ် စက်အနားယူနေချိန်မွန်းတည့်ခန့်၌ရောက် ရှိလာကြ၏။-
৫পাছত বেৰোতীয়া ৰিম্মোনৰ সেই দুজন পুত্ৰ ৰেখব আৰু বানাই দিনৰ টান ৰ’দৰ কালত যাত্ৰা কৰি ঈচ্বোচতৰ ঘৰ পালেগৈ, তেতিয়া দুপৰ বেলাৰ সময়, যেতিয়া তেওঁ জিৰণি লৈ আছিল।
6 ၆ တံခါးဝတွင်ရှိသောအမျိုးသမီးသည်လည်း ဂျုံဆန်ကိုဆန်ကာချရင်း ငိုက်မြည်းအိပ်ပျော် လျက်နေ၏။ ထို့ကြောင့်ရေခပ်နှင့်ဗာနာတို့ သည်အိမ်ထဲသို့တိတ်တဆိတ်ဝင်ကြ၏။-
৬তাতে ঘেহুঁধান চালি থকা সময়ত, দুৱাৰত ৰখীয়া হৈ থকা এগৰাকি মহিলাই টোপনি যোৱাত, ৰেখব আৰু বানাই নিৰৱে তাইৰ কাষেৰে পাৰ হৈ গ’ল৷
7 ၇ အိမ်တွင်းသို့ရောက်သည်နှင့်တစ်ပြိုင်နက်ကောင်း စွာအိပ်ပျော်နေသော ဣရှဗောရှက်၏အိမ်ခန်း သို့ဝင်၍သူ့အားလုပ်ကြံကြ၏။ ထိုနောက်သူ ၏ဦးခေါင်းကိုဖြတ်၍ယူဆောင်ကာ တစ်ညဥ့် လုံးယော်ဒန်ချိုင့်ဝှမ်းကိုဖြတ်၍လာကြ၏။-
৭তাতে তেওঁৰ শোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই, তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে৷ পাছত তেওঁৰ মূৰ কাটি, সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে।
8 ၈ ဟေဗြုန်မြို့သို့ရောက်သောအခါသူတို့ သည်ဒါဝိဒ်အား``အရှင်၏အသက်ကိုရန် ရှာသောအရှင့်ရန်သူရှောလု၏သားတော် ဣရှဗောရှက်၏ဦးခေါင်းကိုရှုတော်မူပါ။ ယနေ့ထာဝရဘုရားသည်အရှင်မင်းကြီး အား ရှောလုနှင့်သားမြေးတို့အပေါ်တွင် လက်စားချေခွင့်ကိုပေးတော်မူပါပြီ'' ဟုလျှောက်၍ဣရှဗောရှက်၏ဦးခေါင်း ကိုဆက်သကြ၏။
৮তেওঁলোকে ঈচ্বোচতৰ মূৰটো হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ নি ৰজাক ক’লে, “চাওঁক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ঈচ্বোচতৰ মুৰ এইয়া। যিহোৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁৰ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে।”
9 ၉ ဒါဝိဒ်က``ငါ့အားဘေးအန္တရာယ်အပေါင်းမှ ကယ်တော်မူသောအသက်ရှင်တော်မူသော ထာဝရဘုရားကိုတိုင်တည်၍ငါကျိန်ဆို ပါ၏။-
৯কিন্তু দায়ূদে বেৰোতীয়া ৰিম্মোনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত,
10 ၁၀ ရှောလုကွယ်လွန်တော်မူကြောင်းဇိကလတ် မြို့တွင်ငါ့ထံသို့လာရောက်ပြောကြားသူ သည် မိမိယူဆောင်လာသောသတင်းကို သတင်းကောင်းဟုထင်မှတ်ခဲ့သည်။ သို့ရာ တွင်ငါသည်သူ့ကိုဖမ်းဆီး၍ကွပ်မျက် လိုက်၏။ ဤကားမိမိပေးသည့်သတင်း အတွက်ထိုသူရရှိသည့်ဆုလာဘ်ပင် ဖြစ်သည်။-
১০যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল।
11 ၁၁ မိမိ၏အိမ်ခန်းတွင်အိပ်စက်နေသောအပြစ်မဲ့ သူအားသတ်ဖြတ်ကြသည့်လူဆိုးတို့ကို ပို၍ ပြင်းထန်သောအပြစ်ဒဏ်စီရင်သင့်သည်မ ဟုတ်လော။ ထိုအပြစ်မဲ့သူကိုသတ်သည့်အတွက် ယခုငါသည်သင်တို့အပေါ်တွင်လက်စားချေ မည်။ သင်တို့အားမြေမျက်နှာပြင်ပေါ်မှသုတ် သင်ပယ်ရှင်းမည်'' ဟုမိန့်တော်မူ၏။-
১১পাছত, দুষ্টবোৰে এজন নিৰ্দোষীলোকক তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটত শুই থাকোতে তেওঁক যদি বধ কৰে, তেনেহ’লে তোমালোকৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নল’ম নে? আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিম নে?”
12 ၁၂ ဒါဝိဒ်အမိန့်ပေးသဖြင့်စစ်သည်တော်တို့ သည်ရေခပ်နှင့်ဗာနာတို့အားသတ်ပြီးလျှင် သူတို့၏ခြေလက်တို့ကိုဖြတ်၍ဟေဗြုန် ရေကန်အနီးတွင်ဆွဲထားကြ၏။ ဣရှ ဗောရှက်၏ဦးခေါင်းကိုမူဟေဗြုန်မြို့ရှိ အာဗနာ၏ဂူတွင်သင်္ဂြိုဟ်ကြ၏။
১২তেতিয়া দায়ূদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত, তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত-ভৰি কাটি পেলালে আৰু হিব্ৰোণৰ পুখুৰীৰ পাৰত তেওঁলোকৰ শৱ আৰি হ’ল৷ কিন্তু তেওঁলোকে ঈচ্বোচতৰ মূৰটো লৈ হিব্ৰোণত থকা অবনেৰ’ৰ মৈদামতে মৈদাম দিলে।