< यिर्मया 10 >
1 १ इस्राएलाच्या वंशजांनो, परमेश्वर जे वचन तुम्हास घोषीत करीत आहे ते ऐका.
১হে ইস্ৰায়েল বংশ, যিহোৱাই তোমালোকক যি কথা ঘোষণা কৰিছে, তাক শুনা।
2 २ परमेश्वर असे म्हणतो, “देशांचे मार्ग शिकू नका. आणि आकाशातील चिंन्हाना घाबरुन जाऊ नका, कारण त्यामुळे राष्ट्रे भयभीत असतात.
২যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা, আৰু আকাশ-মণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।
3 ३ त्या लोकांच्या चालीरीती अर्थशून्य आहेत. कारण कोणी जंगलातून झाड तोडतो, असे ते कुऱ्हाडीने केलेले कारागीराच्या हाताचे काम आहे.
৩কিয়নো জাতিবোৰৰ ৰীতি-নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়; সেয়ে কুঠাৰেৰে কৰা মানুহৰ হাতৰ কাৰ্য হৈ উঠে।
4 ४ नंतर ते त्यांना चांदीसोन्याने त्यांना सजवतात. ते खाली पडू नयेत म्हणून हातोड्याने व खिळ्याने ते घट्ट बसवितात.
৪তেতিয়া তেওঁলোকে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে। আৰু সেয়ে নপৰিবৰ বাবে হাতুৰীৰে গজাল মাৰি তাক মজবুত কৰে।
5 ५ अशा मूर्ती काकडीच्या मळ्यातील बुजगावण्यासारख्या आहेत. त्या बोलू शकत नाहीत वा चालू शकत नाहीत. लोकांसच त्या वाहून न्याव्या लागतात. तेव्हा त्यांना घाबरु नका. त्या मूर्ती तुमचे वाईटही करु शकत नाहीत व चांगलेही करु शकत नाहीत.”
৫সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুন্দত কটা কাঠৰ নিচিনা, আৰু কথা কব নোৱাৰে। সেইবোৰক বৈ নিব লগীয়া হয়, কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে। তোমালোকে সেইবোৰলৈ ভয় নকৰিবা; কাৰণ সেইবোৰে কোনো পাপ কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই।
6 ६ परमेश्वर तुझ्यासारखा दुसरा कोणीही नाही. तू महान आहेस आणि तुझ्या नावातच सामर्थ्य आहे.
৬হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
7 ७ तुला कोण भिणार नाही, हे राष्ट्राच्या राजा? कारण तू त्या योग्यतेचा आहेस, कारण राष्ट्रांच्या सर्व ज्ञान्यांमध्ये आणि त्यांच्या सर्व राज्यांमध्ये तुझ्यासारखा कोणी नाही.
৭হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
8 ८ ते सर्व पशूसारखे आणि मूर्ख आहेत, दीड दमडीच्या लाकडाच्या मूर्तींचे अनुयायी आहेत.
৮কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
9 ९ ते लोक तार्शीशाहून ठोकून आणलेली चांदी आणि उफाजहून आणलेले सोने, कारागिराच्या व सोनाराच्या हातचे अशे ते काम आहे. ते निळ्या आणि जांभळ्या रंगाचे कपडे चढवितात शहाणे लोक असे देव तयार करतात.
৯তৰ্চীচৰ পৰা শিল্পকাৰৰ আৰু সোণাৰীৰ হাতে কৰা পতা-ৰূপ আৰু উফজৰ পৰা সোণ তেওঁলোকে আনে, সেইবোৰৰ পৰিধান-বস্ত্ৰ নীল আৰু বেঙেনা বৰনীয়া সুতাৰে কৰা; সেই আটাইবোৰ নিপুণ মানুহৰ কাৰ্য।
10 १० पण परमेश्वरच फक्त खरा देव आहे. तोच जिवंत आणि सार्वकालीक राजा आहे. पृथ्वी त्याच्या क्रोधाने कंपन पावते आणि त्याचा कोप राष्ट्रे सहन करु शकत नाहीत.
১০কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
11 ११ परमेश्वर म्हणतो, “त्या लोकांस पुढील संराष्ट्र द्या. ‘त्या खोट्या देवांनी पृथ्वीची आणि स्वर्गाची निर्मिती केली नाही. ते स्वर्गांतून आणि पृथ्वीवरुन नाहीसे होतील.
১১তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
12 १२ ज्याने आपल्या सामर्थ्याने पृथ्वी निर्माण केली आणि आपल्या ज्ञानाचा उपयोग करून त्याने जग निर्माण केले आपल्या समंजसपणाच्या आधारे आकाश पांघरले.
১২তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
13 १३ त्याच्या वाणीने आकाशात पाण्याच्या गडगडाट होतो, आणि तो पृथ्वीच्या शेवटापासून धुके वर चढवतो. तो पावसासाठी विजा निर्माण करतो, आणि आपल्या भांडारातून वारा बाहेर काढतो.
১৩তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।
14 १४ ज्ञानाशिवाय, प्रत्येक मनुष्य अज्ञानी झाला आहे. आपण निर्माण केलेल्या मूर्तीमुळेच सोनार लाजवले जातात. कारण त्या मूर्ती म्हणजे फक्त असत्य आहे. त्यामध्ये काही सजीवपणा नाही.
১৪প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়। কাৰণ তাৰ সাঁচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই।
15 १५ त्या निरुपयोगी आहेत, खोट्यांचे काम आहेत, त्यांच्या शिक्षेसमयी त्यांचा नाश होईल.
১৫সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হব।
16 १६ पण देव, याकोबाचा वाटा, त्यांसारखा नाही, कारण तो सर्व गोष्टी घडवणारा आहे. इस्राएल त्याच्या वतनाचा वंश आहे. सेनाधीश परमेश्वर हे त्याचे नाव आहे.
১৬যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা। আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
17 १७ अहो वेढ्यामध्ये जगत असलेल्या लोकांनो. आपल्या वस्तू गोळा करा आणि राष्ट्र सोडा.
১৭হে অৱৰুদ্ধ নগৰ-নিবাসিনী, তোমাৰ বস্তু-বাহানি গোটাই লৈ এই ঠাইৰ পৰা আঁতৰি যোৱা।
18 १८ परमेश्वर असे म्हणतो, पाहा, यावेळी, मी देशात राहणाऱ्यांना बाहेर फेकून देईन. आणि त्यांना धडा शिकवावा म्हणून त्यांना दु: ख देईल.”
১৮কিয়নো যিহোৱাই এই কথা কৈছে: চোৱা, মই এইবাৰ দেশ নিবাসীসকলক ফিঙ্গাৰ শিলৰ নিচিনাকৈ দলিয়াই পেলাম, আৰু তেওঁলোকৰ মনত লগাকৈ তেওঁলোকক দুখ দিম।’
19 १९ माझी मोडलेली हाडे आणि संक्रमीत झालेल्या जखमांमुळे मला हाय हाय! तेव्हा मी म्हणालो, “खचित हे माझे दु: ख आहे, आणि मला ते पूर्णपणे भोगलेच पाहिजे.”
১৯হায় হায়, মই কেনে ভগ্ন হলোঁ! মোৰ ঘা অতি কষ্টদায়ক। তথাপি মই ক’লোঁ, ‘এয়ে মোৰ ৰোগ, মই তাক সহিবই লাগিব।
20 २० माझ्या तंबूचा नाश झाला आणि माझ्या तंबूचे सर्व दोर तुटले आहेत. माझी मुले मला सोडून निघून गेली आहेत. माझा तंबू उभारायला एकही मनुष्य उरला नाही. माझा निवारा बांधायला एकही मनुष्य शिल्लक नाही.
২০মোৰ তম্বু নষ্ট হ’ল, মোৰ সকলো ৰছী ছিগি গ’ল। তেওঁলোকে মোৰ পোঁহতক মোৰ পৰা আঁতৰাই নিলে, তেওঁলোক আৰু জীয়াই নাথাকিব। মোৰ তম্বু আকৌ তৰিবলৈ, আৰু মোৰ তম্বুৰ কাপোৰ তুলিবলৈ আৰু কোনো নাই।
21 २१ कारण मेंढपाळ मूर्ख झाले आहेत. ते परमेश्वराचा शोध घेत नाहीत. म्हणून त्यांना यश नाही, त्यांचे सर्व कळप विखरले आहेत.
২১কিয়নো ৰখীয়াসকল পশু-তুল্য হ’ল। আৰু তেওঁলোকে যিহোৱাক নিবিচাৰিলে। এই কাৰণে তেওঁলোকে মঙ্গল পোৱা নাই; তেওঁলোকৰ আটাই জাক গোট গোট হৈ গ’ল।
22 २२ बातमीचा अहवाल आला आहे, पाहा! यहूदातील शहरांचा नाश करायला आणि कोल्ह्यांची वस्ती करायला. उत्तरेतून मोठा भूमीकंप येत आहे.
২২চোৱা! খবৰৰ গোচৰবোৰ আহি পৰিছে: উত্তৰ দিশৰ পৰা এক ভয়ানক ভূমিকম্প আহি আছে! যিহূদাৰ নগৰবোৰক ধ্বংসস্থান আৰু শিয়ালৰ বাসস্থান কৰিবলৈ।
23 २३ परमेश्वरा, मला माहीत आहे, मनुष्याची वाट ही त्याच्याकडून नाही येत. चालत्या मनुष्यास आपली पावले नीट करता येत नाही.
২৩হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে। নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনাৰ শক্তি নাই।
24 २४ परमेश्वरा, मला शिस्त लाव! पण रागाच्या भरात नाही तर न्याय्य रीतीने शिस्त लाव! नाहीतर तू कदाचित् आमचा नाश करशील.
২৪হে যিহোৱা, মোক কেৱল ন্যায়েৰে শুধৰোৱা, কিন্তু ক্ৰোধেৰে নহয়; নহলে, মোক গ্ৰাস কৰিব।
25 २५ जे राष्ट्र तुला ओळखत नाही आणि जे कुटुंब तुझ्या नामाचा धावा करत नाही, त्यावर तू आपला क्रोध ओत. कारण त्यांनी याकोबाचा विनाश केला आहे आणि त्यास खाऊन टाकले आहे, त्यांनी त्यास क्षीण केले आहे. त्याची वस्ती ओसाड केली आहे.
২৫যি জাতিবোৰে তোমাক নাজানে, আৰু যি গোষ্ঠিবোৰে তোমাৰ নামত প্ৰাৰ্থনা নকৰে, তেওঁলোকৰ ওপৰত তোমাৰ ক্ৰোধ ঢালা। কিয়নো তেওঁলোকে যাকোবক গ্ৰাস কৰিলে, আৰু তাৰ বাসস্থান ধ্বংস কৰিলে।”