< यहेज्केल 45 >

1 जेव्हा तुम्ही वतनासाठी चिठ्ठ्या टाकून देशाची वाटणी कराल तेव्हा परमेश्वरास अर्पायचा प्रदेश, देशाचा पवित्र विभाग, तुम्ही अर्पण कराल, त्याची लांबी पंचवीस हजार हात व रुंदी वीस हजार हात असावी. त्याच्या सभोवतालचा सर्व प्रदेश पवित्र होईल.
ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।
2 यापैकी पांचशे हात लांब व पांचशे हात रुंद एवढी चौरस जागा पवित्रस्थानासाठी ठेवून तिच्याभोवती पन्नास हात खुली जागा राखून ठेवावी, ती सभोवती चौरस असावी.
তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওঁফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেউপিনে পঞ্চাশ হাত থাকিব।
3 त्या मोजलेल्या जमिनीतून तू पंचवीस हजार हात लांब व दहा हजार हात रुंद जागा मोजून काढ.
আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ’ব।
4 जे याजक पवित्रस्थानाचे सेवा करावयास परमेश्वराजवळ येतील त्यांना हा भूमीचा पवित्र प्रदेश होईल. तो त्यांना त्यांच्या घरासाठी जागा आणि पवित्रस्थानासाठी पवित्र जागा होईल.
সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।
5 म्हणून ती पंचवीस हजार हात लांब व दहा हजार हात रुंद, एवढी जागा जे कोणी लेवी मंदिरात सेवा करतात त्यांची व्हावी. वस्तीसाठी हे त्यांचे वतन होय.
বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।
6 अर्पिलेला पवित्र प्रदेशसुद्धा तुम्ही पाच हजार हात रुंद व पंचवीस हजार हात लांब प्रदेश नगराचा विभाग म्हणून नेमून द्याल; तो इस्राएलाच्या सर्व घराण्याला होईल.
আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ কাৰণে হ’ব।
7 “अर्पिलेल्या पवित्र प्रदेशाच्या व नगराच्या विभागाच्या एकाबाजूस व दुसऱ्याबाजूस अर्पिलेल्या पवित्र प्रदेशासमोर आणि नगराच्या विभागासमोर पश्चिम सीमेपासून पश्चिमेकडे, आणि पूर्व सीमेपासून पूर्वेकडे अधिपतीस विभाग होईल.
পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।
8 ही जमीन इस्राएलात अधिपतीचे वतन व्हावी म्हणजे यापुढे माझ्या अधिपतींनी माझ्या लोकांवर जुलूम करू नये; तर त्याऐवजी इस्राएल घराण्याला त्यांच्या त्यांच्या वंशाप्रमाणे जमीन द्यावी.
দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁলোকক দেশ দিব।
9 प्रभू परमेश्वर असे म्हणतो, इस्राएलाच्या अधिपतींनो, हे तुमच्यासाठी पुरे होवो. जबरदस्ती आणि जुलूम दूर करा! न्याय व न्यायीपण आचरा, माझ्या लोकांची हकालपट्टी करण्याचे सोडा.” असे प्रभू परमेश्वर म्हणतो.
প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।
10 १० तुम्ही खरी तागडी, खरी एफा, खरी बथ वापरा.
১০‘তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা আৰু ন্যায় বৎ হ’ব লাগে।
11 ११ एफा व बथ सारख्याच मापाचे असावे. याकरिता बथ होमराचा दहावा भाग; तशीच एफाही होमराचा दहावा भाग; या होमराच्या मापाप्रमाणे असाव्या.
১১বতত এক হোমৰৰ দহ ভাগৰ এভাগ আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ কাৰণে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব।
12 १२ शेकेल वीस गेराचा असावा. माने वीस शेकेलाचा, पंचवीस शेकेलाचा किंवा पंधरा शेकेलाचा असावा.
১২আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।
13 १३ तुमची जे अर्पणे अर्पावयाचे ती अशी असावीः तुम्ही होमभर गव्हातून एफाचा सहावा भाग गहू व होमरभर जवातून एफाचा सहावा भाग जव द्यावा.
১৩তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা।
14 १४ तेलाचा नियम हाच, तुम्ही तेलाच्या बथाचा म्हणजे खोरभर तेलातून बथाचा दहावा भाग अर्पावा; दहा बथांचा खोर म्हणजे एक होमर, कारण दहा बथ एक होमर आहेत;
১৪আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।
15 १५ आणि इस्राएल देशातील पाणथळाच्या कुरणातील दोनशे मेंढरांच्या कळपातून एक कोकरू, अन्नार्पण व होमार्पण व शांत्यर्पणे म्हणून त्यांच्यासाठी प्रायश्चित करायला अर्पावे, असे प्रभू परमेश्वर म्हणतो.
১৫আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’
16 १६ देशातील सर्व लोकांनी इस्राएलातल्या अधिपतीस ही अर्पणे दिली पाहिजेत.
১৬দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
17 १७ उत्सव, व चंद्रदर्शने, शब्बाथ आणि इस्राएलाच्या घराण्याचे सर्व सण यामध्ये अन्नार्पण, होमार्पण व पेयार्पण याची तरतूद करणे हे अधिपतींचे काम आहे. इस्राएल घराण्यासाठी प्रायश्चित करण्यासाठी त्याने अन्नार्पण, होमार्पण व शांत्यर्पणे ही सिद्ध करावी.
১৭আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’
18 १८ प्रभू परमेश्वर असे म्हणतो, “पहिल्या महिन्यात, महिन्याच्या पहिल्या दिवशी, तू निर्दोष तरुण गोऱ्हा घेऊन पवित्रस्थानाची शुद्धी कर.
১৮প্ৰভু যিহোৱাই এই কথা কৈছে: ‘প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম ধামক পাপৰ পৰা মুক্ত কৰিবা।
19 १९ तेव्हा याजकाने पापार्पणाच्या पशूचे रक्त घेऊन ते मंदिराच्या दरवाजाच्या चौकटीला, वेदीच्या बैठकीच्या चाऱ्ही कोपऱ्यांवर व आंतील अंगणाच्या दरवाजाच्या चौकटीला लावावे.”
১৯পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব।
20 २० पहिल्या महिन्याच्या सातव्या दिवशी, प्रत्येक चुकलेल्या किंवा भोळ्या मनुष्याकरता तू तसेच करशील आणि तुम्ही याप्रकारे मंदिरासाठी प्रायश्चित करावे.
২০আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।
21 २१ पहिल्या महिन्यात, महिन्याच्या चौदाव्या दिवशी तुम्हास सात दिवसाचा वल्हांडण सण होईल, त्यामध्ये बेखमीर भाकर खावी.
২১প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ-পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।
22 २२ त्यादिवशी अधिपती आपणासाठी आणि देशातील सर्व लोकांसाठी पापार्पणासाठी एक गोऱ्हा सिद्ध करील.
২২সেই দিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।
23 २३ परमेश्वरास होमार्पण करण्यासाठी सणाचे सात दिवस त्याने सात निर्दोष गोऱ्हे व सात मेंढे सिद्ध करावे आणि पापर्पणासाठी रोज एक बोकड सिद्ध करावा.
২৩আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।
24 २४ मग अधिपती एका गोऱ्ह्यासाठी एफाभर व एका मेंढ्यासाठी एफाभर अन्नार्पण आणि एफासाठी हीनभर तेल सिद्ध करील, पापार्पण म्हणून बैल देईल.
২৪আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।
25 २५ सातव्या महिन्यात, महिन्याच्या पंधराव्या दिवशी, सणात, सात दिवसपर्यंत तो पापबली, होमबली, अन्नबली आणि तेल ही याप्रमाणेच सिद्ध करील.
২৫সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।’

< यहेज्केल 45 >