< Tepania 1 >
1 Ko te kupu a Ihowa i puta mai ki a Tepania tama a Kuhi, tama a Keraria, tama a Amaria, tama a Hetekia, i nga ra o Hohia tama a Amono, kingi o Hura.
১আমোনৰ পুত্র যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ সময়ত কুচীৰ পুত্র চফনিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য উপস্থিত হ’ল। কুচী আছিল গদলিয়াৰ পুত্র, গদলিয়া অমৰিয়াৰ পুত্র, অমৰিয়া হিষ্কিয়াৰ পুত্র।
2 Ka poto rawa i ahau nga mea katoa i runga i te mata o te oneone, e ai ta Ihowa.
২যিহোৱাই এই কথা কৈছে, “মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম।
3 Ka poto i ahau te tangata, te kararehe; ka poto i ahau te manu o te rangi, me te ika o te moana, nga tutukitanga waewae ngatahi ano ko te hunga kino; ka hatepea atu ano e ahau te tangata i runga i te mata o te oneone, e ai ta Ihowa.
৩মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰৰ পতন ঘটাম! পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম।
4 Ka totoro ano toku ringa ki runga ki a Hura, ki nga tangata katoa ano o Hiruharama; ka hatepea atu e ahau i tenei wahi nga toenga o Paara, me te ingoa o nga Kemarimi, ratou ko nga tohunga;
৪মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম;
5 Me te hunga e koropiko ana i runga i nga tuanui ki te ope o te rangi; ratou ko te hunga e koropiko ana, e oati ana i a Ihowa, me te oati ano ratou i a Marakama;
৫যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
6 Me te hunga i tahuri atu nei i te whai i a Ihowa, me te hunga kihai nei i ui ki a Ihowa, kihai ano i rapu i a ia.
৬যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”
7 Whakarongoa i te aroaro o te Ariki, o Ihowa, ka tata hoki te ra o Ihowa, kua takoto hoki ta Ihowa patunga tapu, kua whakatapua hoki e ia ana manuhiri.
৭প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাই সোধ-বিচাৰ কৰা দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে।
8 Na i te ra o ta Ihowa patunga tapu, ka whiua e ahau nga rangatira, ratou ko nga tama a te kingi, ko te hunga katoa ano he kakahu ke o ratou.
৮যিহোৱাই এই কথা কৈছে, “মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্রসকলক, আৰু বিদেশী পোছক পৰিহিত সকলো লোককে দণ্ড দিম।
9 A taua ra ka whiua e ahau te hunga katoa e tupekepeke ana i runga i te paepae, e whakaki ana i nga whare o o ratou ariki ki te nanakia, ki te tinihanga.
৯যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
10 A taua ra, e ai ta Ihowa, ka karanga te reo i te kuwaha ika, he aue hoki i te wahi tuarua, a he nui te pakaru i nga pukepuke.
১০যিহোৱাই কৈছে, “সেই দিনা মৎস্য-দ্বাৰৰ পৰা যন্ত্রণাৰ ক্রন্দন শুনা যাব; দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্ব্বতবোৰৰ পৰা এক বৃহৎ শব্দ শুনা যাব।
11 Aue, e nga tangata o Makateha, kua moti hoki nga tangata katoa o Kanaana, kua hatepea atu nga kaimau hiriwa katoa.
১১হে মকটেচৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা; কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ’ব; ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ’ব।
12 I taua ra ka rapua e ahau ta Hiruharama, mea rawa ki te rama; ka whiua ano nga tangata kua totoka i runga i o ratou nganga, a e mea ana i roto i o ratou ngakau, E kore a Ihowa e mahi i te pai, e kore ano e mahi i te kino.
১২সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
13 Na hei mea parau o ratou rawa; o ratou whare hei ururua: ae ra, ka hanga whare ratou; a e kore e nohoia e ratou, ka whakato i te mara waina, otiia e kore e inu i te waina.
১৩তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।
14 Ka tata te ra nui o Ihowa, ka tata, nui atu te hohoro, ara te reo o te ra o Ihowa: nui noa atu te tangi o te marohirohi i reira.
১৪যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
15 He ra riri taua ra, he ra mamae, he pawera, he ra whakangaro, whakamoti, he ra pouri, he mangu, he ra kapua, he pouri kerekere;
১৫সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
16 Ko te ra ia o te tetere, o te whakaoho mo nga pa taiepa, mo nga taumaihi tiketike.
১৬শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন; সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
17 Ka mamae ano i ahau nga ngakau o nga tangata, ka rite ratou ki te matapo ina haere, mo ratou i hara ki a Ihowa: ka ringihia o ratou toto ano he puehu, o ratou kikokiko ano he paru.
১৭মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
18 E kore ano ta ratou hiriwa, ta ratou koura, e tau hei whakaora i a ratou i te ra o to Ihowa riri; engari ka pau te whenua katoa i te ahi, ara i tona hae; ka ohorere hoki, ka poto i a ia nga tangata katoa o te whenua.
১৮যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।