< Waiata 136 >
1 Whakawhetai ki a Ihowa, he pai hoki ia: he mau tonu hoki tana mahi tohu.
১যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ প্রেম চিৰ-কাললৈকে থাকে।
2 Whakawhetai ki te Atua o nga atua: he mau tonu hoki tana mahi tohu.
২দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
3 Whakawhetai ki te Ariki o nga ariki: he mau tonu hoki tana mahi tohu.
৩প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
4 E mahi nei tona kotahi i nga merekara nunui: he mau tonu hoki tana mahi tohu.
৪যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
5 I tohunga rawa nei ki te hanga i nga rangi: he mau tonu hoki tana mahi tohu.
৫যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
6 I whakatakoto nei i te whenua ki runga ki nga wai: he mau tonu hoki tana mahi tohu.
৬যি জনাই জল সমূহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
7 Ki te kaihanga i nga whakamarama nunui: he mau tonu hoki tana mahi tohu;
৭যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
8 I te ra hei tohutohu i te awatea: he mau tonu hoki tana mahi tohu;
৮দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
9 I te marama me nga whetu hei tohutohu i te po: he mau tonu hoki tana mahi tohu.
৯যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
10 Ki te kaipatu i Ihipa, ara i a ratou matamua: he mau tonu hoki tana mahi tohu;
১০যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
11 A arahina mai ana a Iharaira i waenganui i a ratou: he mau tonu hoki tana mahi tohu;
১১যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
12 Na te ringa kaha me te takakau maro: he mau tonu hoki tana mahi tohu.
১২যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
13 I tapahi nei i te Moana Whero a motu rawa: he mau tonu hoki tana mahi tohu;
১৩যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
14 A meinga ana a Iharaira kia haere ra waenganui: he mau tonu hoki tana mahi tohu;
১৪যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
15 A hurihia ana a Parao me ana mano ki te Moana Whero: he mau tonu hoki tana mahi tohu.
১৫যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
16 I arahi nei i tana iwi ra te koraha: he mau tonu hoki tana mahi tohu.
১৬যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
17 I patu nei i nga kingi nunui: he mau tonu hoki tana mahi tohu;
১৭যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
18 I whakamate nei i nga kingi rongo nui: he mau tonu hoki tana mahi tohu;
১৮যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
19 I a Hihona kingi o nga Amori: he mau tonu hoki tana mahi tohu;
১৯যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
20 I a Oka kingi o Pahana: he mau tonu hoki tana mahi tohu;
২০যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
21 A homai ana to ratou whenua hei kainga pumau: he mau tonu hoki tana mahi tohu;
২১যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
22 Hei kainga pumau mo Iharaira, mo tana pononga: he mau tonu hoki tana mahi tohu.
২২যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
23 I mahara nei ki a tatou i to tatou itinga; he mau tonu hoki tana mahi tohu:
২৩যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
24 A whakaorangia ana tatou i o tatou hoariri: he mau tonu hoki tana mahi tohu.
২৪যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
25 Ko ia te kaihomai i te kai ma nga kikokiko katoa: he mau tonu hoki tana inahi tohu.
২৫যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
26 Whakawhetai ki te Atua o te rangi: he mau tonu hoki tana mahi tohu.
২৬স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।