< 2 Whakapapa 2 >
1 Na ka mea a Horomona kia hanga he whare mo te ingoa o Ihowa, he whare hoki mo tona kingitanga.
১পাছত চলোমনে যিহোৱাৰ নামেৰে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজগৃহ নিৰ্ম্মাণ কৰিবলৈ থিৰ কৰিলে।
2 Na ka taua e Horomona e whitu tekau mano tangata hei kaipikau, e waru tekau mano hoki hei tua i runga i te maunga, me nga kaitirotiro i a ratou e toru mano e ono rau.
২তেওঁ বোজা ববৰ বাবে সত্তৰ হাজাৰ লোক আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোকক নিয়োগ কৰিলে আৰু তেওঁলোকৰ কাম তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।
3 Na ka tuku tangata a Horomona ki a Hurama kingi o Taira hei ki atu, Kia rite ki tau i mea ai ki toku papa, ki a Rawiri; i tukua mai hoki e koe he hita kia kawea mai mana, hei hanga i tetahi whare mona hei nohoanga, kia pera hoki tau ki ahau.
৩তেতিয়া চলোমনে তূৰৰ ৰজা হীৰমৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “যে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰোঁতে যিদৰে মোৰ পিতৃ দায়ূদলৈ এৰচ কাঠ পঠিয়াই আপুনি সহায় কৰিছিল, সেইদৰে মোলৈকো কৰক।
4 Nana, ka hanga e ahau he whare mo te ingoa o Ihowa, o toku Atua, ka whakatapua mona, hei tahunga mo te whakakakara reka ki tona aroaro, mo te taro aroaro tuturu, mo nga tahunga tinana o te ata, o te ahiahi, o nga hapati, o nga kowhititanga marama, o nga hakari o Ihowa, o to matou Atua. He tikanga tenei ake ake ma Iharaira.
৪চাওঁক, মই মোৰ ঈশ্বৰ যিহোৱাৰ নামেৰে এটা গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ; তেওঁৰ আগত সু-গন্ধি ধূপ জ্বলাবলৈ, নৃত্য দৰ্শন-পিঠা দিবলৈ আৰু প্ৰতি ৰাতিপুৱা ও সন্ধিয়া কালত, বিশ্ৰামবাৰত, ন-জোনত আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ সকলো উৎসৱত হোম-বলি উৎসর্গ কৰিবলৈ তাক পবিত্ৰ কৰিম৷ সেয়ে ইস্ৰায়েলে সদায় কৰিব লগা কাৰ্য।
5 Na he nui te whare ka hanga nei e ahau; he nui hoki to matou Atua i nga atua katoa.
৫আৰু মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে অতি বৃহৎ হ’ব, কিয়নো আমাৰ ঈশ্বৰ আন সকলো দেৱতাবোৰতকৈ মহান।
6 Otira ko wai e ahei te hanga whare mona? kahore nei hoki e nui te rangi me te rangi o nga rangi hei nohoanga mona. Ko wai koai ahau hei hanga whare mona, heoi nei hei tahu whakakakara ki tona aroaro?
৬কিন্তু যি স্থলত বিশ্ৱব্ৰহ্মাণ্ডত আৰু স্বৰ্গৰো স্বৰ্গই তেওঁক ধাৰণ কৰিব নোৱাৰে, এনে স্থলত, কোনে তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিব পাৰিব? কেৱল তেওঁৰ আগত ধূপ জ্বলোৱা উদ্দেশ্যৰ বাহিৰে, মই কোন, যে তেওঁৰ বাবে গৃহ নিৰ্ম্মাণ কৰিব পাৰোঁ?
7 Tena, unga mai ki ahau tetahi tangata e mohio ana ki te mahi i te koura, i te hiriwa, i te parahi, i te rino, i te mea papura, whero, puru, e mohio ana ki te mahi i nga ahau whakairo katoa, hei hoa mo te hunga mohio i ahau nei, i a Hura, i Hiruha rama, mo te hunga i whakatuturia e toku papa, e Rawiri.
৭এই হেতুকে এনে এজন নিপূণ লোক পঠিয়াই দিয়ক, যিজনে সোণ, ৰূপ, পিতল, লোহা আৰু বেঙেনা বৰণীয়া, সেন্দুৰ বৰণীয়া ও নীল বৰণীয়া সূতাৰে বন কৰাত আৰু নানাবিধ বাখৰ কটাত পাকৈত৷ যিহূদাত আৰু যিৰূচালেমত মোৰ পিতৃ দায়ূদে যোগান ধৰাৰ দৰে, তেওঁ মোৰ সৈতে থকা এই নিপূণ লোকসকলৰ লগত কাম কৰিব।
8 Tukua mai ano hoki ki ahau he rakau hita, he kauri, he aramuka i Repanona: e matau ana hoki ahau he hunga mohio au tangata ki te tapahi rakau i Repanona. Na ko aku tangata hei hoa mo au tangata,
৮আৰু এৰচ, দেবদাৰু আৰু অলগূম কাঠ এইবিলাকো লিবানোনৰ পৰা মোৰ ইয়ালৈ পঠিয়াই দিয়ক; কিয়নো মই জানো, যে আপোনাৰ দাসবোৰ লিবানোনত কাঠ কটাত নিপূণ৷ চাওঁক, মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত থাকিব,
9 Hei whakapai rakau maku, kia maha; no te mea he nui te whare ka hanga nei e ahau, he mea ka miharotia.
৯যাতে তেওঁলোকে মোৰ অৰ্থে প্ৰচুৰ পৰিমাণে কাঠ যুগুত কৰিব পাৰিব; কিয়নো মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে মহৎ আৰু আশ্চর্যজনক হ’ব।
10 Nana, ko taku e hoatu ai ki au tangata, ki nga kaitarai, ki nga kaitapahi i nga rakau, he witi, he mea patu, e rua tekau mano mehua, he parei e rua tekau mano mehua, he waina e rua tekau mano pati, he hinu e rua tekau mano pati.
১০আৰু চাওঁক, মই আপোনাৰ দাসবোৰলৈ যি সকল কাঠকটীয়া পঠালোঁ, তেওঁলোকৰ বাবে বিশ হাজাৰ পৰিমাণৰ মৰা ঘেঁহু ধান, বিশ হাজাৰ পৰিমাণৰ মৰা যৱ, বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ দ্ৰাক্ষাৰস আৰু বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ তেল পঠাই দিম।”
11 Na ka whakautua e Hurama kingi o Taira, he mea tuhituhi, tukua ai e ia ki a Horomona, He aroha no Ihowa ki tana iwi i homai ai koe e ia hei kingi mo ratou.
১১তেতিয়া তূৰৰ ৰজা হীৰমে চলোমনলৈ এই উত্তৰ লিখি পঠিয়ালে, “যিহোৱাই তেওঁৰ নিজ প্ৰজাসকলক প্ৰেম কৰে, সেই বাবে তেওঁ তেওঁলোকৰ ওপৰত আপোনাক ৰজা পাতিলে।”
12 I mea ano a Hurama, Kia whakapaingia a Ihowa, te Atua o Iharaira, nana nei i hanga te rangi me te whenua, nana hoki i homai ki a Kingi Rawiri he tama ngarahu tika, e hua ana ona whakaaro, tona mohio, hei hanga i te whare mo Ihowa, i te whare ano mo tona kingitanga.
১২হীৰমে পুনৰ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক, যিজনে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে আৰু যিজনে যিহোৱাৰ উদ্দেশ্যে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজ গৃহ সাজিব, এনে দূৰদৰ্শী আৰু বুদ্ধিমান জ্ঞানী পুত্ৰ তেওঁ দায়ুদ ৰজাক দিলে।
13 Na kua unga atu nei e ahau tetahi tangata whakaaro, e hua ana tona mohio, na toku papa, na Hurama,
১৩আৰু মই এতিয়া হীৰমৰ নিপুণ আৰু ভাল বেয়া বিচাৰ কৰিব পৰা এজন প্ৰতিভাসম্পন্ন লোক পঠিয়াইছোঁ,
14 He tama na tetahi wahine o nga tamahine a Rana, ko tona papa he tangata no Taira, he mohio ki te mahi koura, hiriwa, parahi, rino, kohatu, rakau, papaura, puru, rinena pai, whero; ki te whakairo hoki i nga whakairo katoa, ki te whakatauria i nga whakaaro katoa e hoatu ki a ia; hei hoa mo au mea mohio, mo nga mea mohio ano hoki a toku ariki, a Rawiri, a tou papa.
১৪তেওঁ দান বংশৰ এগৰাকী মহিলাৰ পুত্ৰ৷ তেওঁৰ পিতৃ তূৰীয়াৰ মানুহ আছিল৷ তেওঁ সোণ, ৰূপ, পিতল, লোহা, শিল, কাঠ আৰু বেঙেনা বৰণীয়া ও নীল বৰণীয়া সূতা, মিহি শণ সূতা আৰু সেন্দুৰ বৰণীয়া সূতাৰ কাম কৰাত নিপূণ৷ আৰু তেওঁ সকলো বিধৰ বাখৰ কটাত আৰু সকলো ৰূপাংকন কৰা কাৰ্যত তেওঁ নিপূণ। তেওঁক আপোনাৰ নিপুণ কর্মীসকলৰ লগত আৰু মোৰ প্ৰভু, আপোনাৰ পিতৃ দায়ূদৰ জ্ঞানী লোকসকলৰ লগত ঠাই দিয়া হওঁক।
15 Na, ko te witi, ko te parei, ko te hinu, ko te waina, i korerotia mai na e toku ariki, mana e homai ki ana pononga;
১৫এই হেতুকে মোৰ প্ৰভুৱে কোৱাৰ দৰে, ঘেঁহু, যৱ, তেল আৰু দ্ৰাক্ষাৰস, তেওঁ আপোনাৰ এই দাসবোৰৰ ওচৰলৈ পঠিয়াই দিয়ক৷
16 A ma matou e tapahi he rakau i Repanona, kia rite ki au e mea ai mau: ka whakatere atu ai ki a koe i te moana ki Hopa, a mau e taritari ki Hiruharama.
১৬যিমান কাঠ আপোনাৰ প্ৰয়োজন হ’ব, সিমান কাঠ আমি লিবানোনত কাটি ল’ম৷ আৰু আমি ভূৰ বান্ধি সমুদ্ৰ-পথেদি গৈ যাফোত এইবোৰ আপোনাৰ ওচৰত থৈ আহিম, তাৰ পৰা আপুনি সেইবোৰ যিৰূচালেমলৈ লৈ যাব।”
17 Na ka taua e Horomona nga tangata iwi ke i te whenua o Iharaira i muri i te tauanga i taua ai e tona papa e Rawiri; a ka kitea kotahi rau e rima tekau ma toru mano e ono rau.
১৭আৰু চলোমনে তেওঁৰ পিতৃ দায়ূদে গণনা কৰাৰ দৰে ইস্ৰায়েল দেশত প্ৰবাস কৰা বিদেশী লোকসকলক গণনা কৰালে৷ তাতে গণনা কৰোঁতে এক লাখ ত্ৰেপন্ন হাজাৰ ছশ লোক পোৱা গ’ল।
18 A ka meinga etahi o ratou, e whitu tekau mano, hei kaipikau, e waru tekau mano ano hei tarai i runga i te maunga, e toru mano e ono rau hei kaitirotiro, hei whakamahi i te iwi.
১৮তেওঁ সেইসকলৰ মাজত বোজা ববলৈ সত্তৰ হাজাৰ আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোক নিয়োগ কৰিলে আৰু এই লোকসকলক কামত থাকোতে তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।