< Joba 19 >
1 Aa le hoe ty natoi’ Iobe:
১তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,
2 Pak’ombia nahareo ro mbe hampiojeoje ty troko naho hampipinepinek’ahy an-tsaontsy?
২তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?
3 Im-polo ty nañonjira’ areo ahiko vaho tsy mahasalats’ anahareo ty mañaraty ahy.
৩তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।
4 Aa naho nitò t’ie nandilatse, le midoñ’ amako avao i tahiñey.
৪বাস্তৱিকতে মই যদি ভূল কৰিলোঁ, তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।
5 Naho mivongevòngek’ amako nahareo manisý ahy amo injekoo,
৫যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা, আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,
6 Le mahafohina te nifotetse amako, t’i Andrianañahare vaho narikato’e amako ty harato’e.
৬তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
7 Mitoreo iraho fa nikatramoeñe fe tsy amam-pañaoñe; mikanjy, fe tsy añomean-to.
৭চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
8 Finahepahe’e ty lalako tsy handenàko, naho napo’e añ’oloñoloko ao ty ieñe.
৮মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে।
9 Nampikorendahe’e amako ty engeko, vaho nafaha’e an-dohako ao i sabakam-bolonahetsey.
৯তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
10 Narotsa’e mb’etia mb’atia, le fa añe iraho: ombota’e hoe hatae ty fitamàko.
১০তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,
11 Nasoleba’e amako ka ty haviñera’e vaho atao’e ho rafelahi’e.
১১তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।
12 Mitotoke amako o lahindefo’eo, mitoañe mb’amako le mitobe añariary i kibohokoy.
১২তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।
13 Napo’e lavitse ahy o rahalahikoo, vaho fonga alik’amako o nimpiamakoo.
১৩তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে, আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।
14 Namorintseñe ahy o longokoo, nañaliño ahy o rañekoo.
১৪মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।
15 O mitobok’ añ’anjombakoo, naho o anak’ampatakoo, songa manao ahy ho ambahiny, toe renetane am-pahaisaha’e.
১৫মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে; মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।
16 Tokaveko ty mpitoroko, fe tsy manoiñe, ndra te itoreovam-bavako.
১৬মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।
17 Mampangorý i valiko ty kofòko, vaho heje’ ty amorin-dreneko.
১৭মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস, আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।
18 Manirìk’ahy o anak’ajalahio, ie miongake iraho, onjira’ iareo.
১৮শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে; মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।
19 Malaiñ’ahy iaby o atehenakoo; tsambolitio’ o nikokoakoo.
১৯মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে, মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।
20 Mipitek’ ami’ty holiko naho ami’ty nofoko o taolakoo, vaho an-tain-tsìko avao ty nimolaoreko.
২০মই হাড়ে-ছালে লাগিলোঁ; মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।
21 Tretrezo iraho, iferenaiño, ry rañeko; fa nipaok’ ahy ty fitàn’Añahare.
২১হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
22 Ino ty ampisoaña’ areo ahy hoe t’ie Andrianañahare? Tsy mahaeneñ’ anahareo hao o holikoo?
২২ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা? আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?
23 Ee te nisokireñe o volako zao! Lonike t’ie nipatereñe am-boke ao!
২৩অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,
24 Ee any t’ie sokirañe an-tsantilò viñe naho firake am-bato tsy ho modo!
২৪অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!
25 Fa naho izaho, apotako te veloñe i Mpijebañ’ahikoy, ie hijohañe ambone’ o lembokeo an-tsengaha’e añe.
২৫কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
26 Le ie fa momoke ty holiko— ty mianto toy, ho treako boak’ ami’ty nofoko t’i Andrianañahare;
২৬আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
27 Eka, hahatrea Aze iraho; o masokoo ro hahaisak’ aze fa tsy ty ila’e. Momoke o añ’ovakoo!
২৭মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।
28 Hera hanao ty hoe nahareo: Akore ty hampisoañan-tikañ’ aze? Ino ty lengo’e ho tendreke hanesehañ’ aze?
২৮যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’
29 Mihembaña amy fibaray; amy te minday falilovam-pibara o haviñerañeo, hahafohina’ areo te eo ty zaka.
২৯তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”