< Isaia 66 >

1 Hoe t’Iehovà: Fiambesako i likerañey, atimpaheko ty tane toy; aia arè ty traño ho lefe’ areo rafeteñe ho Ahiko? Aia ty toetse mete ho fitofàko?
যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
2 Toe kila satan-tañako; izay ty nampiboahañe o fitoloñan’ Añahareo, hoe t’Iehovà; fe ondaty zao ty henteako: ty rarake añ’arofo mikoretse, naho minevenevetse amo volakoo.
মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
3 Hoe mañe-doza ama’ ondaty ty mitombok’ añombe; hoe mamolake vozon’amboa ty mañenga vik’añondry; hoe mañenga lion-dambo ty mañenga mahakama; hoe te mitata sampondraha ty mañemboke; eka fa jinobo’iareo ty lala’iareo, naho mampinembanembañe ty tro’iareo o raha’e mampangoriñeo. o raha tiva’iareoo.
যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
4 Izaho ka ty hijoboñe ty fandilovañe iareo, vaho hafetsako am’iereo ty ihembaña’ iareo; amy te, nikanjy iraho, fe leo raike tsy nanoiñe; nitaron-dRaho, fe tsy amam-pañaoñe, te mone nanoe’ iareo haloloañe aolo’ o masokoo, vaho jinobo’ iareo ty tsy maha fale ahiko.
সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
5 Mijanjiña ty tsara’ Iehovà ry mpinevenevetse amo tsara’eo: fa nanao ty hoe o rolongo malaiñe anahareoo, o nandroak’ anahareo ami’ty añarakoo, ami’ty hoe: Itolorañ’engeñe abey t’Iehovà, hisamba’ay ty firebeha’ areo. F’ie ho salatse.
যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
6 Inay ty feon-koràke boak’an-drova ao, inao ty feo boak’ amy anjombay, ty fiarañanaña’ Iehovà mañondroke avake amo rafelahi’eo:
নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিয়া যিহোৱাৰ ধ্বনি শুনা গৈছে।
7 Ie mbe tsy nitsongo le fa nisamake, ie mbe tsy niavy i fanaintaiña’ey le nahatoly ana-dahy.
বেদনা হোৱাৰ আগতে তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
8 Ia ty nahajanjiñe i hoe zay? Ia ty nahaisake i rahay? Hiterake añ’andro raike hao ty tane? Aboake aniany hao ty fifeheañe? Fe vata’e nitsongo ty Tsione, le nasama’e o ana’eo.
এনে কথা কোনোৱে শুনিছে নে? বা এনে কৰ্ম কোনোৱে দেখিছে নে? একে দিনাই জানো কোনো দেশ উৎপন্ন হয়? বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ’ব পাৰে? চিয়োনে গৰ্ভবেদনা পোৱামাত্ৰকে নিজৰ সন্তান সকলক প্ৰসৱ কৰিলে।
9 Hampitsongoeko hao, le tsy hampisamaheko? hoe t’Iehovà; Izaho mpampisamakey hao ty handrindriñe i hoviñey? hoe t’i Andrianañahare.
যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
10 Mitraofa rebeke am’ Ierosalaime, le itraofo fifaleañe ry mpikoko aze iabio; irebeho an-kaehake ry mandala azeo.
১০তেওঁক প্ৰেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
11 Soa t’ie hinono vaho hiareare ami’ty fatroa’ o fañohòa’eo; hiriota’ areo an-kafaleañe miheotse, ami’ty havokara’ o enge’eo.
১১কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,
12 Hoe t’Iehovà: Ingo, ho taroñeko fierañerañañe hoe oñe, naho ty enge’ o fifelehañeo hoe torahañe mandopatse. Hinono nahareo, ho vaveñe añ’ila’e, vaho honkoñeñe añ’ongotse eo.
১২কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
13 Manahake ty fañohòan-drene’e ty ana-dahy, ty hañohòako anahareo; e Ierosalaime ao t’ie hanintsiñe.
১৩যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
14 Ie isa’ areo le hifale añ’ arofo, naho hiraorao o taola’ areoo hoe ahetse tora’e; naho ho fohiñe te mpañimba o mpitoro’eo ty fità’ Iehovà, vaho hatreatrè’e o rafelahi’eo.
১৪এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসবোৰৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
15 F’inao! Ho totsake aman’afo t’Iehova, naho hoe tangololahy o sarete’eo, hamalea’e am-piforoforo ty haviñera’e, naho añ’ afo mirebareba ty fitrevoha’ey;
১৫কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
16 Fa añ’afo ty hiatrefa’Iehovà zaka, naho am-pibara’e ze hene nofotse; fa maro ty ho zamane’ Iehovà.
১৬কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
17 Ze mañamasim-batañe naho miefetse himoaha’e an-goloboñe ao, sindre mañorike ty añivo ao, milintseñe henan-dambo, ty mampangorý, naho ty kotika, le fonga hatraoke ho mongoreñe, hoe t’Iehovà.
১৭যিহোৱাই এই কথা কৈছে, “যি সকলে মূৰ্তি পূজাত গাহৰিৰ মাংস, বা ঘিণলগীয়া বস্তু যেনে এন্দুৰ খায়, আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচি কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
18 Toe hene apotako ze sata’ iareo naho o vetsevetse’ iareoo, le ho tondroke te songa hatontoko ze fifelehañe naho fameleke; ie homb’eo hahaisake ty engeko.
১৮কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
19 Le hanoeko fanoroañe am’iereo ao, naho hafantoko amo nahafirimatseo, ty hañavelo mbe Tarsise, mbe Pole, mbe Lode mpitàm-pale, mbe Tobale naho mbe Iavane, mb’amo tokonose tsietoitaneo, o mboe tsy nahajanjiñe o engekoo ndra nahaisake o volonahekoo; vaho ho koiha’iereo amo fifeheañeo ty engeko;
১৯মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
20 vaho hampiavote’ iareo boak’ amo kilakila’ ndatio o longo’ areoo ho fañenga am’Iehovà ambonen-tsoavala, naho an-tsarete, naho an-tsarete mitafo, naho miningitse borìke, vaho ambone’ ty biby masìka mb’ am-bohiko miavake mb’e Ierosalaime mb’eo, hoe t’Iehovà, manahake ty fibanabana’ o ana’ Israeleo o enga’ iareoo am-pinga malio mb’añ’anjomba’ Iehovà.
২০তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খছৰত, আৰু উটত তুলি, মোৰ পবিত্ৰ পৰ্ব্বত যিৰূচালেমলৈ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে আনিব,” ইয়াকে যিহোৱাই কৈছে। ইস্রায়েলী লোকসকলৰ বাবে যিহোৱাৰ গৃহত পৰিষ্কাৰ পাত্রত শস্য উৎসৰ্গ কৰিবলৈ আনিব।
21 Boak’ am’ iereo ao ty hangàlako mpisoroñe naho nte-Levy, hoe t’Iehovà.
২১যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
22 Fa hambañe amy te ho añatrefako nainai’e o likeram-baoo naho i tane vao hanoekoy, hoe t’Iehovà, te hifahatse eo ka ty tiri’ areo naho ty tahina’ areo.
২২“কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
23 Ho tondroke ka te boak’ami’ty jiri-bolañe pak’ am-pipeaha’e, naho hirik’ an-­tSabata pak’ an-tSabata, le homb’añatrefako eo ze hene veloñe, hitalaho, hoe t’Iehovà.
২৩যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
24 Hiavotse ka iereo hisamba o fate’ ondaty niola amakoo; tsy ho modo ty oletse ama’e, tsy hakipeke ty afo ama’e, ie hampangorý ze atao nofotse.
২৪তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”

< Isaia 66 >