< Isaia 31 >
1 Feh-ohatse amo mizotso mb’e Mitsraime mb’eo hipay olotse, miato aman-tsoavala, naho mirampy an-tsarete kanao maro, vaho amo mpiningitse ama’eo katao maozatse; f’ie tsy mitolike amy Masi’ Israele, tsy paia’ iareo t’Iehovà!
১যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
2 Fa mahihitse ka re hindesa’e hankàñe, vaho tsy hampoli’e o tsara’eo; f’ie hiongake hiatreatre ty anjomba’ o lo-tserekeo naho ty fañimba’ o mikitro-karatiañeo.
২তথাপি তেওঁ জ্ঞানবান, তেওঁ দুর্যোগ ঘটাব, আৰু নিজৰ বাক্য প্রত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে আৰু পাপ কার্য কৰিবলৈ সহায় কৰা সকলকৰ বিৰুদ্ধে তেওঁ উঠিব।
3 Ondaty ‘nio o nte-Mitsraimeo fa tsy Andrianañahare, naho nòfotse o soavala’eo fa tsy angatse; aa le hatora-kitsi’ Iehovà ty fità’e, le hitsikapy ty mpañimba naho hikorovoke i imbaeñey, vaho songa hitrao-pihotrake.
৩মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
4 Fa hoe t’Iehovà amako: Hambañe ami’ty liona naho ty liona tora’e, ie mitromoroñe ambone’ i nitsàtsa’ey, ndra te maro ty mpiarak’añondry nikoiheñe ty ama’e, tsy mañembañe aze ty feo’ iareo, tsy mañembetse aze ty fikorà’ iareo; izay ty hizotsoa’ Iehovà’ i Màroy hialia’e am-bohi-Tsione, naho an-kaboa’e eo;
৪কিয়নো যিহোৱাই মোক এই দৰে কৈছে, যেনেকৈ সিংহ, অথবা যুবা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে, যেতিয়া তাৰ বিৰুদ্ধে মেৰখীয়া সকলক মাত দিয়ে, কিন্তু তেওঁলোকৰ মাতত সি ভয় নকৰে, নাইবা তাৰ শব্দৰ পৰিৱর্তন নহয়, তেনেকৈ বাহিনীসকলৰ যিহোৱাই যুদ্ধ কৰিবলৈ চিয়োন পৰ্ব্বত আৰু তাৰ পাহাৰৰ ওপৰলৈ নামি আহিব।
5 Manahake ty fihelahela’ o voroñeo, ty hañarova’ Iehovà’ i Màroy t’Ierosalaime; katao mañaro, mamotsotse, kanao ihelaña’e ambone, mandrombake.
৫জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
6 Mitoliha amy loho niolà’ areoy, ry ana’ Israeleo.
৬হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
7 Ie amy andro zay, songa hañary ze sare-sokim-bolafoti’e naho o saren-draha volamena’eo, o tsinene am-pitañe aman-kakeoo.
৭কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
8 Toe hampikorovohe’ ty fibara tsy a’ ondaty ty Asore; ty fibara tsy a’ ondaty ty hamotsek’ aze; aa le tsy hibotatsaha’e i fibaray, vaho ho mpitorom-pamorekèke o ajalahi’eo.
৮সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
9 Hihelañe añe am-pirevendreveñañe i hafatrara’ey, naho hitsolofìñe amy saiñey o mpifehe’eo, hoe t’Iehovà, an-Tsione ao ty afo’e vaho e Ierosalaime ao ty toña’e.
৯যি জনাৰ অগ্নি চিয়োনত, আৰু যি জনাৰ অগ্নিকুণ্ড যিৰূচালেমত আছে, সেই যিহোৱাই কৈছে, তেওঁলোকে ভয়াবহ অৱস্হাৰ কাৰণে আত্মবিশ্বাস হেৰুৱাব, আৰু তেওঁলোকৰ সেনাপতিসকলে যিহোৱাৰ যুদ্ধৰ নিচানলৈ ভয় কৰিব।”