< Genesisy 16 >
1 Ie amy zao, mbe tsy nahatoly anake ho aze t’i Sarae, vali’ i Avrame, f’ie aman’ ondevo nte-Mitsraime atao Khagare,
১অব্ৰামৰ ভাৰ্যা চাৰী তেতিয়ালৈকে নিঃসন্তান আছিল; হাগাৰ নামেৰে চাৰীৰ এগৰাকী মিচৰীয়া দাসী আছিল।
2 aa le hoe t’i Sarae amy Avrame, Heheke henaneo te kinala’ Iehovà Iraho tsy hiterake. Ehe, mimoaha amy fetrek’ orokoy, kera hahasavereña’e. Niantofa’ i Avrame ty enta’ i Sarae.
২এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
3 Aa naho fa nimoneñe e Kanàne folo taoñe t’i Avrame, le nala’ i Sarae vali’e t’i Khagare mpitoro’e vaho natolo’e amy vali’ey hialoza’e.
৩কনান দেশত অব্ৰামে দহ বছৰ কটোৱাৰ পাছত ভাৰ্যা চাৰীয়ে তেওঁৰ মিচৰীয়া দাসী হাগাৰক আনি নিজৰ স্বামী অব্ৰামৰ সংগী কৰি দিলে।
4 Le nimoaha’e t’i Khagare, vaho niareñe. Aa ie nahafohiñe te nivesatse le nisirikae’ o maso’eo i tompo’ey.
৪অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীয়ণীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে।
5 Le hoe t’i Sarae amy Avrame, Boak’ ama’o ty fisotriako. Napoko am-pità’o i mpitorokoy, aa kanao apota’e te mivesatse, le sirikaeñe a-maso’eo iraho. Ee te hizaka añivon-tika t’Iehovà.
৫সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।”
6 An-taña’o i mpitoro’oy, hoe t’i Avrame. Ano ama’e ze no’ ty tro’o. Aa le nampisoañe’ i Sarae t’i Khagare vaho nibotatsake amy fiatrefa’ey re.
৬অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা।” তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল।
7 Tendrek’amy Khagare t’i anjeli’ Iehovà marine ty rano migoangoañe an-dratraratra añe, ty figoangoan-drano an-dalañe mb’e Sore mb’eo.
৭পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
8 Le hoe re, O Khagare, mpitoro’ i Sarae, boak’ aia v’iheo vaho homb’aia? Hoe re, Milay an‑dahara’ i tompoko Saraey iraho.
৮যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
9 Aa hoe ty anjeli’ Iehovà ama’e, Mimpolia mb’amy tompo’oy vaho miambanea am-pità’eo.
৯তেতিয়া যিহোৱাৰ দূতে ক’লে, “তুমি তোমাৰ গৰাকীয়ণীৰ ওচৰলৈ উলটি যোৱা আৰু তেওঁৰ অধীনত থাকি বাধ্য হোৱা।”
10 Hoe ka ty anjeli’ Iehovà ama’e, Toe hampitomboako o tarira’oo kanao tsy ho hay iaheñe ami’ty fangitsikitsiha’e.
১০যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।”
11 Le hoe ty anjeli’ Iehovà ama’e, Fa miareñe irehe vaho hisamak’ anadahy; hatao’o Iesmaèle ty añara’e, amy te nihaoñe’ Iehovà ty fisotria’o.
১১পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে।
12 Ho borìke hako indatiy hañonjoñe sirañe amy ze hene ondaty, le ondaty iabio ty hañonjon-tsirañe ama’e; vaho himoneñe añatrefa’ o longo’e iabio re.
১২মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।”
13 Aa le kinanji’e ty hoe Elroy t’Iehovà nitsara ama’ey: fa hoe re, Ihe ro Andrianañahare mahavazoho ahy, le hoe re: Aa vaho toe nitreako hao i Mahavazoho ahy?
১৩এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
14 Le natao ty hoe Bire-lakhai-roy i vovoñe añivo’ i Kadese naho i Beredey.
১৪সেই নাদৰ নাম বেৰ-লহয়-ৰোৱী হ’ল; সেই নাদ কাদেচ আৰু বাৰদৰ মাজত অৱস্থিত
15 Nisamak’ ana-dahy ho a i Avrame t’i Khagare vaho nimea’ i Avrame añarañe ty hoe Iesmaèle i ana-dahi’e nasama’ i Kagarey.
১৫পাছত হাগাৰে অব্ৰামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু অব্ৰামে হাগাৰৰ পৰা জন্মা সেই পুত্ৰৰ নাম ইশ্মায়েল হ’ল।
16 Valompolo taoñe eneñ’ amby t’i Avrame te nisamake Iesmaèle t’i Khagare.
১৬অব্রামৰ ছয়াশী বছৰ বয়সত হাগাৰে অব্ৰামলৈ ইশ্মায়েলক প্ৰসৱ কৰিলে।