< Okubikkulirwa 17 >
1 Awo omu ku bamalayika omusanvu abaalina ebibya omusanvu n’ajja n’ayogera nange, n’aŋŋamba nti, “Jjangu nkulage ebigenda okutuuka ku mukazi malaaya omukulu atudde ku mazzi amangi.
১পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
2 Bakabaka ab’oku nsi bayenda naye n’abantu ab’oku nsi banywa omwenge ogw’obwenzi bwe ne batamiira.”
২তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
3 Bw’atyo malayika n’antwala mu mwoyo, mu ddungu, ne ndaba omukazi ng’atudde ku kisolo ekimyufu ekyalina emitwe omusanvu n’amayembe ekkumi, okwali kuwandiikiddwa amannya agavvoola Katonda.
৩তেতিয়া দূত জনে মোক আত্মাত মৰুভূমিলৈ লৈ গ’ল; তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ, দহোটা শিং থকা এটা উজ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ।
4 Omukazi yali ayambadde engoye bbiri olugoye olumyufu n’olwa kakobe era ng’alina n’ebintu ebirala eby’omuwendo, nga zaabu n’amayinja ag’omuwendo, era ng’akutte mu mukono gwe ekikompe ekya zaabu nga kijjudde eby’omuzizo byonna eby’obwenzi bwe.
৪সেই মহিলা গৰাকী বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি-মুকুতাৰ অলঙ্কাৰ পৰিধান কৰা; তাইৰ হাতত ঘিণলগীয়া বস্তু আৰু তাইৰ ব্যভিচাৰৰূপ মলিৰে পৰিপূৰ্ণ এক পান-পাত্ৰ আছিল;
5 Ebiwandiiko eby’ekyama byali biwandiikiddwa ku kyenyi kye nga bigamba nti: Babulooni Ekibuga Ekikulu Nnyina wa Bamalaaya bonna, era Nnyina w’Eby’emizizo mu nsi.
৫আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”
6 Ne ndaba omukazi ng’atamidde omusaayi gw’abatukuvu, awamu n’ogw’abajulirwa abattibwa olwa Yesu. Bwe namulaba ne neewuunya.
৬সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
7 Malayika n’ambuuza nti, “Lwaki weewuunya? Nzija kukunnyonnyola ebyama eby’omukazi oyo era n’ekisolo kw’atudde ekirina emitwe omusanvu n’amayembe ekkumi.
৭তাতে সেই দূতে মোক ক’লে, “তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰি থকা সেই সাতোটা মুৰ আৰু দহোটা শিং থকা পশুৰ নিগূঢ়-তত্ত্ব মই তোমাক বুজাই কম৷
8 Ekisolo kye walabye kyaliwo, naye kaakano tekikyaliwo era mu bbanga ttono kiriggyibwa mu bunnya obutakoma kiryoke kizikirizibwe. Abantu abali ku nsi amannya gaabwe nga tegawandiikiddwa mu kitabo eky’Obulamu okuva ensi lwe yatondebwa, balyewuunya okulaba ekisolo ekyaliwo, ne kitabeerawo, ate ne kiddamu okubeerawo. (Abyssos )
৮তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব। (Abyssos )
9 “Kale kyetaaga amagezi n’okutegeera. Emitwe omusanvu ze nsozi omusanvu omukazi kw’atudde, era be bakabaka omusanvu.
৯ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলা গৰাকী বহি আছে, সেই সাতোটা মুৰ হৈছে সাতোটা পৰ্বত; আৰু সেইবোৰেই সাত জন ৰজাও৷
10 Abataano baagwa, omu y’aliwo kaakano, naye omulala tannajja wabula bw’anajja kimugwanira okubeerawo ekiseera kitono.
১০তেওঁলোকৰ পাঁচ জন পতিত হ’ল, এজন বৰ্তমান আছে, আৰু আন জন এতিয়াও অহা নাই; কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব।
11 Ekisolo ekyaliwo, kaakano nga tekikyaliwo, ky’eky’omunaana, kyokka kiri nga biri omusanvu; era nakyo kirizikirizibwa.
১১আৰু যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি নিজেই অষ্টম ৰজা আৰু সেই শ্ৰেণীৰে সাত জনৰ এজন; সি বিনাশৰ ঠাইলৈ যাব।
12 “Amayembe ekkumi ge walaba be bakabaka ekkumi abatannaweebwa buyinza kufuga; balirondebwa okufugira wamu n’ekisolo okumala essaawa emu.
১২আৰু তুমি দেখা সেই দহোটা শিঙেই, দহ জন ৰজা; তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই; কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই কেইজনেও ৰাজ অধিকাৰ পাব।
13 Bonna bassa kimu era baliwa ekisolo ekikambwe, amaanyi n’obuyinza bwabwe.
১৩তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব।
14 Bano balyegatta wamu okulwanyisa Omwana gw’Endiga, kyokka Omwana gw’Endiga alibawangula kubanga ye Mukama wa bakama era Kabaka wa bakabaka, abali awamu naye be yayita era abalonde be abeesigwa.”
১৪তেওঁলোকে মেৰ-পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেৰ-পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী।”
15 Awo malayika n’aŋŋamba nti, “Amazzi ge walaba omukazi omwenzi kw’atudde, be bantu n’ebibinja by’abantu aba buli kika n’aba buli lulimi.
১৫সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, অৰ্থাৎ য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল।
16 Ekisolo n’amayembe ekkumi bye walaba birikyawa omukazi oyo ne bimulumba ne bimulwanyisa, era birimuleka bwereere nga talina ky’ayambadde ne birya omubiri gwe, ne bimwokya n’omuliro.
১৬তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।
17 Kubanga Katonda ye yakibiwa bituukirize ebyo bye yasiima okukola, n’okukola n’omwoyo gumu n’okuwa obwakabaka bwabwe ekisolo ekyo okutuusa ekigambo kya Katonda lwe kirituukirira.
১৭কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
18 Ate omukazi gwe walabye, ky’ekibuga ekikulu ekifuga bakabaka bonna ab’oku nsi.”
১৮তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।