< Olubereberye 36 >

1 Bino bye bifa ku b’olulyo lwa Esawu, ye Edomu.
এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
2 Esawu yawasa abakazi ng’abaggya mu Bakanani: Yawasa Ada muwala wa Eroni Omukiiti, ne Okolibama muwala wa Ana mutabani wa Zibyoni Omukiivi,
এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
3 ne Basimansi muwala wa Isimayiri muganda wa Nebayoosi.
আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল।
4 Ada n’azaalira Esawu Erifaazi, ne Basimansi n’azaala Leweri;
এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;
5 ne Okolibama n’azaala Yewusi, ne Yalamu ne Koola; abo be batabani ba Esawu abaamuzaalirwa mu nsi ya Kanani.
অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।
6 Awo Esawu n’atwala bakazi be, ne batabani be, ne bawala be n’abantu be bonna, n’ente ze, awamu n’ebintu bye byonna bye yafuna mu nsi ya Kanani; n’agenda mu nsi ey’ewala ku ya muganda we Yakobo.
পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
7 Kubanga obugagga bwabwe bwali bungi nnyo nga tebukyabasobozesa kubeera wamu n’ensi mwe baali ng’ebafundiridde olw’obungi bw’ebisolo byabwe.
এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল।
8 Olwo ye Esawu, era ye Edomu, n’abeera mu nsi ey’ensozi za Seyiri.
সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
9 Bino bye bifa ku b’olulyo lwa Esawu, kitaawe w’Abaedomu abaamuzaalirwa ng’ali mu nsi y’ensozi za Seyiri.
চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।
10 Batabani be baali: Erifaazi eyamuzaalirwa Ada, ne Leweri eyamuzaalirwa Basimansi.
১০এচৌৰ পুত্রসকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ বাচমতৰ পুত্ৰ।
11 Batabani ba Erifaazi baali Temani, ne Omali, ne Zefo, ne Gatamu ne Kenazi.
১১ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
12 Timuna yali mukazi wa Erifaazi, mutabani wa Esawu era yamuzaalira Ameleki. Abo be batabani ba Ada mukazi wa Esawu.
১২এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
13 Bano be batabani ba Leweri: Nakasi, ne Zeera, ne Saama ne Mizza. Abo be bazzukulu ba Esawu ne mukazi we Basemasi.
১৩ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
14 N’abaana ba Okolibama muwala wa Ana, muzzukulu wa Zibyoni, baali Yewusi, ne Yalamu ne Koola, be yazaalira bba Esawu.
১৪চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰসকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।
15 Bano be bakulu b’enda ya Esawu: Enda ya Erifaazi omubereberye wa Esawu: Temani, ne Omali, ne Zefo, ne Kenazi,
১৫এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
16 ne Koola, ne Gatamu ne Amaleki abaali mu nsi ya Edomu be batabani ba Ada.
১৬কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এইসকল আদাৰ পো-নাতি আছিল।
17 Enda ya Leweri mutabani wa Esawu: Nakasi, ne Zeera, ne Samma ne Mizza nabo baali mu nsi ya Edomu, era baava mu Basimansi, mukazi wa Esawu.
১৭এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল।
18 Abaazaalibwa Okolibama mukazi wa Esawu, muwala wa Ana: Yewusi, ne Yalamu ne Koola.
১৮এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এইসকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল।
19 Abo bonna be baava mu Esawu, ye Edomu, era be bakulu b’enda zaabwe.
১৯এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
20 Batabani ba Seyiri Omukooli abaabeeranga mu Edomu be ba Lotani, ne Sobali, ne Zibyoni, ne Ana,
২০সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,
21 ne Disoni, ne Ezeri ne Disani. Abo be baava mu Bakooli, be baana ba Seyiri abaali mu nsi ya Edomu.
২১দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।
22 Batabani ba Lotani baali Kooli, ne Kemamu, era Lotani yalina mwannyina nga ye Timuna.
২২লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
23 Batabani ba Sobali be ba Aluvani, ne Manakasi, ne Eberi, ne Sefo ne Onamu.
২৩চোবলৰ পুত্রসকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম।
24 Aba Zibyoni, be ba Aya ne Ana; ono ye Ana eyavumbula ensulo z’amazzi agookya, ezaali mu ddungu; bwe yali ng’alunda endogoyi za kitaawe Zibyoni.
২৪চিবিয়োনৰ পুত্রসকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি পালে।
25 Abaana ba Ana be ba Disoni ne Okolibama omuwala.
২৫এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।
26 Bo batabani ba Disoni be ba Kemudaani, ne Esubani, ne Isulani ne Kerani.
২৬দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান।
27 Aba Ezeri be ba Birani, ne Zaavani ne Akani.
২৭এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।
28 Ate aba Disani be ba Uzi ne Alani.
২৮দীচনৰ পুত্ৰ উচ আৰু অৰান।
29 Bano be bakulu b’enda za Bakooli: Lotani, ne Sobali, ne Zibyoni, ne Ana,
২৯হোৰীয়াৰ অধিপতিসকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা,
30 ne Disoni, ne Ezeri ne Disani. Bano be bakulu b’enda za Bakooli ng’ebika byabwe bwe byali, mu nsi ya Seyiri.
৩০দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
31 Bakabaka abafuga ensi ya Edomu, nga tewannaba na kabaka afuga Isirayiri be bano:
৩১ইস্ৰায়েলীসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল:
32 Bera mutabani wa Byori yafuga Edomu ng’asinziira mu kibuga kye Dinukaba.
৩২বিয়োৰৰ পুত্ৰ বিলাই ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা।
33 Bera bwe yafa Yobabu mutabani wa Zeera ow’e Bozula n’afuga mu kifo kye.
৩৩বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।
34 Yobabu bwe yafa Kusamu Omutemani n’afuga mu kifo kye.
৩৪যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়াসকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
35 Ne Kusamu bwe yafa, Kadadi mutabani wa Bedadi, eyawangula Midiyaani, mu nsi ya Mowaabu n’afuga mu kifo kye; ng’afugira mu kibuga ky’e Avisi.
৩৫হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয়সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
36 Ate Kadadi bwe yafa, Samula ow’e Masuleka n’afuga mu kifo kye.
৩৬যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
37 Samula bwe yafa Sawuli ow’e Lekobosi, ku mugga Fulaati n’afuga mu kifo kye.
৩৭চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
38 Sawuli bwe yafa, Baalukanani mutabani wa Akubooli n’afuga mu kifo kye.
৩৮চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
39 Ate Balukanani mutabani wa Akubooli bwe yafa, Kadali n’afuga mu kifo kye, ng’ali mu kibuga kye Pawu; mukazi we yayitibwanga Meketaberu muwala wa Mezakabu ne Matirida.
৩৯অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।
40 Bano be bakulu b’enda zaabo abaava mu Esawu, nga bwe baali mu bifo byabwe: Timuna, ne Aluva, ne Yesesi,
৪০এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেইসকলৰ নাম: তিম্না, অলবা, যিথেৎ,
41 ne Okolibama, ne Era, ne Pinoni,
৪১অহলীবামা, এলা, পীনোন,
42 ne Kenazi, ne Temani, ne Mibuza,
৪২কনজ, তৈমন, মিবচৰ,
43 ne Magidiyeri, ne Iramu. Abo be bakulu b’enda ya Edomu, ye Esawu kitaawe wa Edomu, okusinziira mu bifo mwe baali mu nsi y’obutaka bwabwe.
৪৩মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।

< Olubereberye 36 >