< Olubereberye 17 >
1 Ibulaamu bwe yaweza emyaka kyenda mu mwenda, Mukama n’amulabikira, n’amugamba nti, “Ndi Katonda Ayinzabyonna, tambulira mu maaso gange obe nga toliiko kya kunenyezebwa.
১অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
2 Ndikola endagaano yange naawe era ndikwaliza ddala nnyo.”
২মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
3 Awo Ibulaamu n’avuunama; Katonda n’amugamba nti,
৩তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
4 “Laba, ndikola naawe endagaano, era onoobeeranga kitaawe w’amawanga mangi.
৪তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা।
5 Erinnya lyo tokyayitibwa Ibulaamu, wabula onooyitibwanga Ibulayimu, kubanga nkufudde kitaawe w’amawanga mangi.
৫তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।
6 Ndikwaza nnyo nnyini; era ndikufuula amawanga, ne bakabaka baliva mu ggwe.
৬মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
7 Era ndituukiriza endagaano yange naawe, n’ezzadde lyo mbeere Katonda wo era Katonda w’ezzadde lyo eririddawo. Endagaano eno teriggwaawo emirembe n’emirembe.
৭এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
8 Era ndikuwa ggwe n’ezzadde lyo eririddawo ensi mw’obadde omusenze, ensi yonna eya Kanani, okuba eyiyo emirembe gyonna; era ndiba Katonda waabwe.”
৮যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
9 Awo Katonda n’agamba Ibulayimu nti, “Ggwe ky’olina okukola kwe kukwata endagaano yange, ggwe n’ezzadde lyo eririddawo emirembe gyabwe gyonna.
৯পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
10 Eno y’endagaano yange naawe n’ezzadde lyo eririddawo, gy’onookuumanga: Buli musajja mu mmwe anaakomolebwanga.
১০তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
11 Munaakomolebwanga ekikuta eky’omubiri gwammwe, ekyo kibeere akabonero ak’endagaano yange naawe.
১১তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
12 Buli mwana owoobulenzi anaawezanga ennaku omunaana ez’obukulu mu mmwe mu mirembe gyammwe gyonna anaakomolebwanga,
১২বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
13 oyo azaaliddwa mu nnyumba yo oba gw’oguze n’ensimbi zo okuva ku munnaggwanga anaakomolebwanga. Endagaano yange eteriggwaawo eneebanga mu mubiri gwo.
১৩তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
14 Omwana owoobulenzi yenna atali mukomole, atakomolebbwa kikuta kya mubiri gwe, taabalibwenga mu bantu be, aba amenye endagaano yange.”
১৪যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
15 Katonda n’agamba Ibulayimu nti, “Era Salaayi mukazi wo, tokyamuyita Salaayi, erinnya lye linaabanga Saala.
১৫ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।
16 Ndimuwa omukisa, era ndikuwa omwana owoobulenzi mu ye. Ndimuwa omukisa, alibeera jjajja w’amawanga, bakabaka baamawanga baliva mu ye.”
১৬মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
17 Awo Ibulayimu n’avuunama n’aseka, n’agamba munda ye nti, “Omwana alizaalirwa oyo eyaakamala emyaka ekikumi? Saala ow’emyaka ekyenda alizaala omwana?”
১৭এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
18 Ibulayimu n’agamba Katonda nti, “Isimayiri abeerenga mulamu mu maaso go!”
১৮অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।”
19 Katonda n’amugamba nti, “Nedda, naye Saala mukazi wo alikuzaalira omwana owoobulenzi, olimutuuma erinnya Isaaka. Ndinyweza endagaano yange naye okuba endagaano etaliggwaawo ku zadde lye eririddawo.
১৯ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
20 Ku Isimayiri nkuwulidde: Laba, ndimuwa omukisa, alyeyongera, ndimwaliza ddala nnyo, aliba jjajja w’abalangira kkumi na babiri, era ndimufuula eggwanga ery’amaanyi.
২০ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
21 Kyokka ndinyweza endagaano yange ne Isaaka, Saala gw’alikuzaalira mu kiseera nga kino omwaka ogujja.”
২১কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
22 Katonda bwe yamala okwogera naye, Ibulayimu n’ava we yali.
২২অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
23 Awo Ibulayimu n’atwala Isimayiri mutabani we n’abaddu bonna abaazaalirwa mu nnyumba ye n’abo abaagulibwa n’ensimbi ze, buli musajja yenna mu nnyumba ya Ibulayimu n’akomolwa buli omu ekikuta ky’omubiri gwe ku lunaku olwo lwennyini, nga Katonda bwe yamugamba.
২৩তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
24 Ibulayimu yali aweza emyaka kyenda mu mwenda bwe yakomolebwa ekikuta ky’omubiri gwe.
২৪অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
25 Ne Isimayiri mutabani we yali wa myaka kkumi n’esatu bwe yakomolebwa ekikuta ky’omubiri gwe.
২৫তেওঁৰ পুত্ৰ ইশ্মায়েলৰ বয়স আছিল তেৰ বছৰ।
26 Ku lunaku olwo lwennyini Ibulayimu ne mutabani we Isimayiri lwe baakomolebwa.
২৬সেই একে দিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইশ্মায়েল দুয়োৰে চুন্নৎ কৰা হ’ল।
27 N’abasajja bonna mu nnyumba y’abo abazaalirwamu n’abo abaagulibwa n’ensimbi ze okuva eri munnaggwanga, baakomolebwa wamu naye.
২৭তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।