< Ezeekyeri 20 >
1 Awo mu mwaka ogw’omusanvu, mu mwezi ogwokutaano ku lunaku olw’ekkumi, abamu ku bakadde ba Isirayiri ne bajja okwebuuza ku Mukama Katonda, ne batuula wansi mu maaso gange.
১আমাৰ নিৰ্বাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
2 Ekigambo kya Mukama ne kinzijira, mbategeeze nti,
২তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
3 “Omwana w’omuntu, yogera eri abakadde ba Isirayiri obagambe nti, ‘Bw’ati bw’ayogera Mukama Katonda nti: Muzze kunneebuuzaako? Mazima nga bwe ndi omulamu temujja kunneebuuzaako, bw’ayogera Mukama Katonda.’
৩“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মোক সুধিবলৈ আহিছা নে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ’!” এইদৰে প্ৰভু যিহোৱাই কৈছে।
4 “Olibasalira omusango? Olibasalira omusango ggwe omwana w’omuntu? Kale bategeeze ebikolwa eby’ekivve bajjajjaabwe bye baakola,
৪“হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা!
5 era bategeeze nti, ‘Bw’ati bw’ayogera Mukama Katonda nti: ku lunaku lwe, neroboza Isirayiri, nalayirira bazzukulu b’ennyumba ya Yakobo, ne mbeeyabiza mu Misiri nga njogera nti, “Nze Mukama Katonda wammwe.”
৫তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তান সকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলোঁ ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ -
6 Ku lunaku olwo nabalayirira nti ndibaggya mu nsi y’e Misiri ne mbatwala mu nsi gye nabanoonyeza, ensi ekulukuta amata n’omubisi gw’enjuki, ensi esinga mu nsi zonna obulungi.
৬সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
7 Ne mbagamba nti, “Buli muntu aggyewo ebintu eby’omuzizo mu maaso ge, muleme okweyonoonyesa ne bakatonda abalala ab’e Misiri, kubanga nze Mukama Katonda wammwe.”
৭মই তেওঁলোকক কৈছিলোঁ, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
8 “‘Naye ne banjeemera, ne bagaana okumpuliriza; tebaggyawo bintu eby’omuzizo mu maaso gaabwe, newaakubadde okuleka bakatonda abalala ab’e Misiri. Kyenava njogera nti ndibabonerereza mu Misiri.
৮কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
9 Naye olw’obutavumisa linnya lyange mu maaso g’amawanga mwe baabeeranga, ne mu maaso gaabo be neeyabiza eri Abayisirayiri nga mbaggya mu Misiri, nakola bwe nti olw’erinnya lyange.
৯কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য কৰিলোঁ।
10 Kyenava mbaggya mu Misiri ne mbatwala mu ddungu.
১০মই তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।
11 Nabawa ebiragiro byange ne mbamanyisa n’amateeka gange, omuntu yenna bw’abigoberera abeere mulamu.
১১তেতিয়া যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ।
12 Ne mbawa ne Ssabbiiti zange ng’akabonero wakati wange nabo, bategeere nga nze Mukama abatukuza.
১২ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
13 “‘Naye era abantu ba Isirayiri ne banjeemera mu ddungu, ne batagoberera biragiro byange, ne banyooma amateeka gange, ebyandiyinzizza okulokola omuntu abigondera, ne Ssabbiiti zange ne batazitukuza. Kyenava njogera nti ndibasunguwalira ne mbazikiririza mu ddungu.
১৩কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
14 Naye olw’erinnya lyange nakola ekyo obutavumisibwa obuteeswaza mu maaso g’amawanga mwe nabaggya.
১৪কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ।
15 Era ne mbalayirira mu ddungu nga bwe siribaleeta mu nsi gye nnali mbawadde, ekulukuta amata n’omubisi gw’enjuki, ensi esinga endala zonna obulungi,
১৫ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।
16 kubanga baajeemera amateeka gange ne batagoberera biragiro byange, ne batatukuza Ssabbiiti zange, kubanga emitima gyabwe gyasinzanga bakatonda abalala.
১৬কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
17 Naye wakati mu ebyo byonna ne mbasaasira ne sibazikiriza, newaakubadde okubasaanyaawo mu ddungu.
১৭তথাপি মই তেওঁলোকলৈ কৃপাদৃষ্টি কৰি তেওঁলোকক বিনষ্ট নকৰিলোঁ আৰু অৰণ্যত তেওঁলোকক নিঃশেষে সংহাৰ নকৰিলোঁ।
18 Ne ŋŋamba abaana baabwe mu ddungu nti, “Temugoberera biragiro bya bakitammwe, newaakubadde okukwata amateeka gaabwe, so temweyonoonyesanga ne bakatonda baabwe abalala.
১৮আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকে নিজক অশুচি নকৰিবা।
19 Nze Mukama Katonda wammwe, mugoberere ebiragiro byange era mwegendereze okukwata amateeka gange,
১৯ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা! মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য কৰা!
20 n’okutukuza Ssabbiiti zange, era ebyo binaabanga kabonero wakati wange nammwe, olwo mulimanya nga nze Mukama Katonda wammwe.”
২০আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।
21 “‘Naye abaana banjeemera; tebaagoberera biragiro byange newaakubadde okukwata amateeka gange, ebyandiyinzizza okulokola omuntu abigondera, ne Ssabbiiti zange ne batazitukuza. Kyenava njogera nti ndibasunguwalira mu ddungu.
২১তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
22 Naye neekuuma olw’erinnya lyange obutaliswaza mu maaso g’amawanga mwe nnali mbaggye.
২২তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ।
23 Era ne mbalayirira mu ddungu nti ndibasaasaanya mu mawanga, ne mbabunya mu nsi,
২৩ইয়াৰ উপৰিও, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ।
24 kubanga tebaagoberera mateeka gange era ne bajeemera n’ebiragiro byange, era ne batatukuza Ssabbiiti zange, naye amaaso gaabwe ne gayaayaanira bakatonda abalala aba bajjajjaabwe.
২৪কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্রতিমাবোৰত আসক্ত থাকিল।
25 Kyennava mbawaayo eri ebiragiro ebitali birungi n’amateeka ebitayinza kubabeezesaawo mu bulamu;
২৫ইয়াৰ উপৰিও, যি বিধি ভাল নহয় আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁলোকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁলোকক দিলোঁ।
26 ne mbaswaza nga nkozesa ebirabo byabwe, bwe baleeta omuggulanda waabwe ng’ekiweebwayo, balyoke bajjule entiisa, era bamanye nga nze Mukama.’
২৬মই যে যিহোৱা, ইয়াক যেন তেওঁলোকে জানিব, এই কাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোঁৱাৰ দ্বাৰাই, তেওঁলোকক, তেওঁলোকৰ উপহাৰেৰে অশুচি কৰিলোঁ।
27 “Kale omwana w’omuntu, yogera eri abantu ba Isirayiri obagambe nti, ‘Bw’ati bw’ayogera Mukama Katonda nti: mu kino nakyo bajjajjammwe mwe banvumira ne banzivoola.
২৭এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে;
28 Bwe nabaleeta mu nsi gye nabalayirira ne balaba buli lusozi oluwanvu na buli muti ogwamera yo, ne baweerangayo ssaddaaka zaabwe, ne baweerangayo ebiweebwayo ebyannyiiza, ne banyookerezanga obubaane bwabwe, era ne baweerangayo n’ebiweebwayo ebyokunywa.
২৮কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
29 Kyenava mbabuuza nti, Ekifo ekyo ekigulumivu gye mugenda kya mugaso ki?’”
২৯তেতিয়া মই তেওঁলোকক কলোঁ, ‘যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” নামেৰে প্ৰসিদ্ধ”।’
30 “Noolwekyo gamba ennyumba ya Isirayiri nti, ‘Bw’ati bw’ayogera Mukama Katonda nti, Mulyeyonoona nga bajjajjammwe bwe baakola ne mugoberera ebintu eby’ekivve?
৩০এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁলোকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?
31 Bwe muwaayo ebirabo, ne muwaayo n’abaana bammwe mu muliro ng’ebiweebwayo, mweyongera okweyonoona ne bakatonda bammwe abalala bonna. Nnyinza okubakkiriza okunneebuuzaako mmwe ennyumba ya Isirayiri? Nga bwe ndi omulamu temujja kunneebuuzaako, bw’ayogera Mukama Katonda.
৩১আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’”
32 “‘Mwogera nti, “Twagala okuba ng’amawanga amalala, ng’abantu ab’ensi endala, abaweereza embaawo n’amayinja,” naye ebyo bye mulowooza tebiribaawo n’akatono.
৩২আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’
33 Nga bwe ndi omulamu, bw’ayogera Mukama Katonda, ndibafuga n’omukono ogw’amaanyi, era ndigolola omukono gwange n’obusungu bungi.
৩৩“প্ৰভু যিহোৱাই কৈছে”, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।
34 Ndibaggya mu mawanga n’omukono ogw’amaanyi omugolole, nga nzijudde obusungu, ne mbakuŋŋaanya okuva mu nsi gye mwasaasaanira.
৩৪পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।
35 Ndibaleeta mu ddungu ery’amawanga, era eyo gye ndibasalira omusango nga tutunuuliganye amaaso n’amaaso.
৩৫মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।
36 Nga bwe nasalira bajjajjammwe omusango mu ddungu ery’ensi ya Misiri, bwe ntyo bwe ndibasalira omusango, bw’ayogera Mukama Katonda.
৩৬প্ৰভু যিহোৱাই কৈছে, “মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।
37 Ndibeetegereza nga muyita wansi w’omuggo gwange ne mbassaako envumbo y’endagaano yange.
৩৭আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
38 Ndibamaliramu ddala mu mmwe abajeemu era abansobya. Era newaakubadde nga ndibaggya mu nsi gye balimu, tebaliyingira mu nsi ya Isirayiri, mulyoke mumanye nga nze Mukama.
৩৮আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
39 “‘Ate ggwe ennyumba ya Isirayiri, bw’ati bw’ayogera Mukama Katonda nti, Mugende muweereze bakatonda bammwe abalala, mugende, naye oluvannyuma mulimpuliriza, ne mulekayo n’okuvumisa erinnya lyange ettukuvu n’ebirabo byammwe era ne bakatonda bammwe abalala.
৩৯হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।
40 Ku lusozi lwange olutukuvu, olusozi oluwanvu olwa Isirayiri mu nsi eyo, ennyumba ya Isirayiri yonna balimpeereza, nange ndibasembeza. Era eyo gye ndibasabira ebiweebwayo byammwe, n’ebibala ebibereberye eby’ebirabo byammwe, wamu ne ssaddaaka zammwe ezitukuzibbwa.
৪০কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
41 Bwe ndibaggya mu mawanga ne mbakuŋŋaanya okuva mu nsi gye mwasaasaanira, ndibakkiriza nga bwenzikiriza akaloosa ak’evvumbe eddungi, era ndibalaga obutukuvu bwange mu maaso g’amawanga.
৪১যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
42 Mulimanya nga nze Mukama, bwe ndibaleeta mu nsi ya Isirayiri ensi gye nalayirira bajjajjammwe n’omukono ogugoloddwa.
৪২তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
43 Era eyo gye mulijjuukirira enneeyisa yammwe n’ebikolwa byammwe byonna bye mweyonoonyesa, era mulyetukuza olw’ebibi byonna bye mwakola.
৪৩আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য তাত তোমালোকে মনত কৰিবা আৰু তোমালোকে কৰা সকলো কুকৰ্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।
44 Mulimanya nga nze Mukama, bwe ndibakola ng’erinnya lyange bwe liri so si ng’ebibi byammwe bwe biri, n’ebikolwa byammwe eby’obukumpanya bwe biri, mmwe ennyumba ya Isirayiri, bw’ayogera Mukama Katonda.’”
৪৪আৰু প্ৰভু যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু-আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
45 Ekigambo kya Mukama ne kinzijira nti,
৪৫তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
46 “Omwana w’omuntu, simba amaaso go mu bukiikaddyo, obabuulire era owe obunnabbi gye bali n’eri ekibira eky’ensi ey’Obukiikaddyo.
৪৬“হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
47 Yogera eri ekibira eky’omu bukiikaddyo nti, ‘Wulira ekigambo kya Mukama. Bw’ati bw’ayogera Mukama Katonda nti, Nnaatera okukukumako omuliro, era gulizikiriza emiti gyonna, omubisi n’omukalu. Ennimi ez’omuliro tezirizikizibwa, na buli ludda okuva mu bukiikaddyo okutuuka mu bukiikakkono bulyokebwa.
৪৭আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
48 Buli muntu aliraba nga nze Mukama abyokezza, era tegulizikizibwa.’”
৪৮তেতিয়া মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকলো মানুহে তাক জানিব; তাক নুমৱা নহ’ব।”
49 Awo ne njogera nti, “Ayi Mukama Katonda, banjogerako nti, ‘Oyo tanyumya ngero bugero.’”
৪৯তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”