< Ezeekyeri 16 >

1 Ekigambo kya Mukama Katonda ne kinzijira, n’aŋŋamba nti,
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Omwana w’omuntu manyisa Yerusaalemi ebikolwa bye eby’ekivve,
“হে মনুষ্য সন্তান, তুমি যিৰূচালেমক তাইৰ নিজৰ ঘিণলগীয়া কাৰ্যবোৰ জনোৱা,
3 oyogere nti, ‘Bw’ati bw’ayogera Mukama Katonda eri Yerusaalemi: Wasibuka era n’ozaalibwa mu nsi ey’Abakanani; Kitaawo yali Mwamoli, ne nnyoko nga Mukiiti.
আৰু কোৱা, ‘প্ৰভু যিহোৱাই যিৰূচালেমক এই কথা কৈছে: “তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াসকলৰ দেশ; তোমাৰ পিতৃ ইমোৰীয়া আৰু তোমাৰ মাতৃ হিত্তীয়া আছিল।
4 Ku lunaku kwe wazaalirwa, tewasalibwa kkundi, so tewanaazibwa na mazzi kutukula, newaakubadde okusiigibwa omunnyo, newaakubadde okubikkibwa mu ngoye.
তোমাৰ জন্মবৃত্তান্ত এই, তোমাৰ জন্ম দিনা তোমাৰ নাড়ী কটা নাছিল বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুউৱা নাছিল, তোমাক সমূলি লোণ ঘঁহা কি কাপোৰেৰে মেৰোৱা নাছিল।
5 Tewali yakusaasira so tewali yakukwatirwa kisa kukukolera ebintu ebyo byonna, naye wasuulibwa ebweru ku ttale, kubanga wanyoomebwa okuva ku lunaku kwe wazaalirwa.
তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপাদৃষ্টি নকৰিছিল; কিন্তু তোমাৰ জন্মদিনা, তোমাৰ গা ঘিণলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল।
6 “‘Bwe nnali nga mpitaayita ne nkulaba ng’osambagala mu musaayi gwo, ne nkugamba nti, “Ba mulamu!”
সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰোৱা দেখি তোমাক ক’লোঁ যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা, হয়, মই তোমাক ক’লোঁ, যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা।
7 Ne nkukuza ne nkulabirira ng’ekimuli mu nnimiro. N’okula n’owanvuwa n’olabika bulungi nnyo mu maaso ng’amayinja ag’omuwendo omungi; n’osuna amabeere, n’enviiri zo ne zikula, ggwe eyali obwereere nga tobikkiddwako.
পথাৰত গজা তৃণৰ দৰে মই তোমাক অধিককৈ বঢ়ালোঁ আৰু তুমি বাঢ়ি ডাঙৰ-দীঘল থ’লো আৰু অতি সুন্দৰী থ’লো; তোমাৰ স্তন পূৰ্ণ হ’ল আৰু কেশ দীৰ্ঘ হ’ল, তথাপি তুমি বিবস্ত্ৰা আৰু উলঙ্গিনী আছিলা।
8 “‘Oluvannyuma lwa bbanga, bwe nnali nga mpitaayita, ne nkulengera ne ndaba ng’okuze era ng’otuuse okufumbirwa, ne nkwaliirako ekirenge kyange ne mbikka ku bwereere bwo; ne nkulayirira ne nkola naawe endagaano, bw’ayogera Mukama Katonda, n’ofuuka wange.
তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা! তোমাৰ সময় প্ৰেমৰ সময়; এই কাৰণে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ” আৰু প্ৰভু যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, “তাতে তুমি মোৰ থ’লো।
9 “‘Ne nkunaaza n’amazzi, ne nkunaazaako omusaayi, ne nkusiigako amafuta.
গতিকে মই তোমাক পানীৰে ধুলোঁ, এনে কি, তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ।
10 Ne nkwambaza olugoye oluliko omudalizo, ne nkuwa n’engatto ez’amaliba; ne nkwambaza olugoye olwa linena ne nkubikkako engoye ez’omuwendo omungi.
১০মই তোমাক কাৰচিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ।
11 Ne kunaanika amayinja ag’omuwendo omungi; ne nkuteeka ebikomo ku mukono, n’omukuufu mu bulago,
১১মই তোমাক অলঙ্কাৰেৰেও সজালোঁ, তোমাৰ হাতত খাৰু আৰু ডিঙিত হাৰ দিলোঁ।
12 ne nkuteeka empeta mu nnyindo, n’eby’omu matu ku matu, ne nkutikkira n’engule ku mutwe.
১২মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।
13 Wayonjebwa ne zaabu n’effeeza, n’engoye zo zaali za linena, n’ebyambalo byo byali byamuwendo mungi era nga biriko omudalizo. Walyanga emmere ey’obutta obulungi, n’omubisi gw’enjuki n’omuzigo ogw’omuzeyituuni. Walungiwa nnyo n’otuuka ku mwaliiro ery’obwa kabaka omukazi.
১৩এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ’ল; তোমাৰ বস্ত্ৰ মিহি শণ সূতাৰ পাতৰ আৰু কাৰচিপি বন কৰা; তুমি মিহি আটা, মৌ-জোল আৰু তেল খাইছিলা; তুমি অতি সুন্দৰী হৈ উন্নতি-লাভ কৰি ৰাণী পদ পালা।
14 Ettutumu lyo lyabuna mu mawanga olw’obulungi bwo, kubanga nakuwa ekitiibwa kyange, bw’ayogera Mukama Katonda.
১৪আৰু তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ যশস্যা জাতিবোৰৰ মাজত ব্যাপিল; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ শ্ৰীৰ বাবে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ হ’ল।”
15 “‘Naye weesiga obulungi bwo, n’okozesa ettutumu lyo okukola obwenzi, n’ofuka obukaba bwo ku buli eyayitangawo obulungi bwo ne bufuuka bubwe.
১৫কিন্তু তুমি নিজ সৌন্দৰ্য্যত নির্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম কৰিলা; তাৰহে ভোগ হ’ল।
16 Waddira ebimu ku byambalo byo ne weekolera ebifo ebigulumivu nga byamabala mangi, gye wakoleranga obwenzi bwo. Ebintu bwe bityo tebikolebwa, era tebikolebwanga.
১৬আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।
17 Ate era waddira emikuufu emirungi gye nnali nkuwadde, egyakolebwa mu zaabu n’effeeza bye nakuwa, ne weekolera bakatonda abalala abali mu bifaananyi eby’ekisajja, bw’otyo n’okola eby’obwenzi nabyo,
১৭মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম কৰিলা।
18 n’oddira ebyambalo byo ebiriko emidalizo n’obibikkako, n’oteeka omuzigo gwange n’obubaane bwange mu maaso gaabyo.
১৮আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা।
19 N’emmere gye nnali nkuwadde, obuwunga obw’obutta, n’omuzigo ogw’omuzeyituuni n’omubisi gw’enjuki bye nnali nkuwadde okulya, wabiwaayo okuba ebiweebwayo eby’evvumbe eddungi eri bbyo. Era bw’otyo bwe wakola, bw’ayogera Mukama Katonda.
১৯প্ৰভু যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা আৰু সেইদৰেই হ’ল।
20 “‘Waddira batabani bo ne bawala bo be wanzaalira, n’obawaayo ng’ebiweebwayo eby’emmere eri bakatonda abalala. Obwenzi bwe wakola bwali tebumala?
২০“ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীসকললৈ, গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্মবোৰ সামান্য বিষয় আছিল নে?
21 Watta abaana bange n’obawaayo ng’ebiweebwayo eri bakatonda abalala.
২১যে তুমি মোৰ সন্তান সকলক বধ কৰিলা আৰু সেইবোৰৰ উদ্দেশ্যে তেওঁলোকক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা?
22 Mu bikolwa byo byonna eby’ekivve n’obwenzi bwo, tewajjukira biseera eby’obuvubuka bwo, bwe wali obwereere nga toliiko bw’oli, era ng’osambagala mu musaayi gwo.
২২তোমাৰ আটাই ঘিণলগীয়া কাৰ্যত আৰু বেশ্যাকৰ্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।
23 “‘Zikusanze! Zikusanze, bw’ayogera Mukama Katonda. Mu bikolwa byo ebibi byonna,
২৩আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত প্ৰভু যিহোৱাই কৈছে, তোমাৰ সন্তাপ হ’ব, তোমাৰ সন্তাপ হ’ব,
24 weezimbira ekifo ekigulumivu ne weekolera n’essabo mu buli kibangirizi ekigazi eky’ekibuga.
২৪তুমি নিজৰ বাবে এক বেশ্যালয় সাজিলা আৰু প্ৰত্যেক চকত নিজৰ বাবে এডোখৰ ওখ ঠাই কৰিলা।
25 Buli luguudo we lusibuka, wazimbawo essabo lyo, n’okolerawo obwenzi, ng’owaayo omubiri gwo mu bukaba obungi eri buli eyayitangawo.
২৫তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।
26 Weetaba mu bwenzi ne baliraanwa bo abakaba Abamisiri, n’oyongera ku bukaba bwo n’onsunguwaza.
২৬তোমাৰ ওচৰ-চুবুৰীয়া স্থুলকায় মিচৰীয়াসকলৰ লগতো তুমি বেশ্যাকৰ্ম কৰিলা; আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।
27 Kyenava nkugololerako omukono gwange ne nkendeeza ku nsalo yo, ne nkuwaayo eri omululu gw’abalabe bo abawala b’Abafirisuuti, abeekanga olw’obukaba bwo.
২৭এই হেতুকে চোৱা, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ আৰু তোমাৰ বেশ্যা চাবৰ কাৰণে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ।
28 Weetaba mu bikolwa eby’obwenzi n’Abasuuli, kubanga tewamalibwa, ate n’oluvannyuma lw’ekyo n’otamatira.
২৮তুমি তৃপ্ত নোহোৱাত অচূৰীয়াসকলে সৈতেও বেশ্যাকৰ্ম কৰিও তৃপ্ত নথ’লো।
29 N’oluvannyuma n’oyongerayo ebikolwa byo eby’obukaba mu Bakaludaaya, ensi ey’ebyamaguzi, naye era n’otamalibwa.
২৯তুমি বাণিজ্যদেশ কলদীয়াসকললৈ তোমাৰ বেশ্যালি বঢ়ালা; তথাপি তুমি তাৰেও তৃপ্ত নথ’লো।
30 “‘Omutima gwo nga munafu, n’okwewaayo ne weewaayo okukola ebintu ebyo byonna, ne weeyisa ng’omwenzi ow’amawaggali ateefiirayo.
৩০প্ৰভু যিহোৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ! কাৰণ তুমি স্বেচ্ছাচাৰিণী বেশ্যা স্ত্রীৰ দৰে এই আটাইবোৰ কাৰ্য কৰিছা;
31 Bwe wazimba ebifo byo ebigulumivu buli luguudo we lusibuka, n’oteeka amasabo go mu buli kibangirizi ekigazi, tewafaanana ng’omwenzi kubanga wanyoomanga empeera.
৩১তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মাণ কৰিছা আৰু তুমি বেশ্যা কৰ্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।
32 “‘Ggwe omukazi omwenzi eyeegomba abatambuze okusinga balo!
৩২তুমি ব্যভিচাৰিণী, তোমাৰ স্বামীৰ সলনি পৰক গ্ৰহণ কৰোঁতা ঘৈণী।
33 Buli mwenzi afuna empeera, naye ggwe owa baganzi bo bonna ebirabo, ng’obagulirira okujja gy’oli okuva buli wamu olw’obwenzi bwo.
৩৩আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া আৰু তোমাৰ লগত বেশ্যাকৰ্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ কাৰণে তেওঁলোকক ভেটী দিয়া।
34 Era mu bikolwa byo eby’obwenzi tofaanana ng’abalala; tewali akusindika kukola bwenzi. Oli wanjawulo okuva ku balala kubanga osasula empeera, naye ate nga tewali akusasula.
৩৪বেশ্যাকৰ্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়, তোমাৰ বেশ্যাকৰ্মৰ এই কথাত আন স্ত্রীতকৈ তুমি বিপৰীত; তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, সেইবাবে তুমি বিপৰীত।
35 “‘Kale nno, wulira ekigambo kya Mukama ggwe omwenzi.
৩৫এই হেতুকে হে বেশ্যা, যিহোৱাৰ বাক্য শুনা!
36 Bw’ati bw’ayogera Mukama Katonda nti, Olw’obugagga bwo bwe walaga, n’oyanika obwereere bwo wakati mu baganzi bo ng’okola ebikolwa eby’obwenzi, n’olwa bakatonda bo abalala ab’ekivve, n’okuwaayo omusaayi gw’abaana bo,
৩৬প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য কৰাৰ বাবে আৰু তোমাৰ প্ৰেমকাৰীসকলৰ লগত কৰা তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তান সকলৰ ৰক্তপাতৰ কাৰণে,
37 kyendiva nkuŋŋaanya baganzi bo bonna, be wasinza, bonna be wayagala ne be wakyawa, gy’oli ne bakwetooloola, ne nkufungulirira mu maaso gaabwe, balabe obwereere bwo.
৩৭চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।
38 Ndikusalira omusango ne nkuwa ekibonerezo ng’eky’abakazi abenzi n’abo abayiwa omusaayi, ne nkuleetako omusaayi ogw’ekiruyi n’obuggya.
৩৮আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
39 N’oluvannyuma ndikuwaayo mu mukono gw’abaganzi bo; balimenyaamenya ebifo byo ebigulumivu, ne bazikiriza amasabo go. Era balikwambula ebyambalo byo, ne batwala eby’omuwendo byo, ne bakuleka ng’oli bukunya.
৩৯মই তেওঁলোকৰ হাতত তোমাক সমৰ্পণ কৰিম; তাতে তেওঁলোকে তোমাৰ বেশ্যালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব, তোমাক বিবস্ত্ৰা কৰিব আৰু তোমাৰ সুন্দৰ অলঙ্কাৰবোৰ লৈ যাব; তেওঁলোকে তোমাক বিবস্ত্ৰা আৰু উলঙ্গিনী কৰি এৰিব।
40 Balisendasenda enkuyanja y’abantu, ne bakukuba amayinja, ne bakutemaatema obufiififi n’ebitala byabwe.
৪০তেতিয়া তেওঁলোকে তোমাৰ অহিতে এক সমাজ পাতি তোমাক শিল দলিয়াই মাৰিব, তৰোৱালেৰে ডোখৰ ডোখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব।
41 Balyokya amayumba go ne bakubonereza mu maaso g’abakyala abangi, era ndikulesaayo ebikolwa byo eby’obwenzi so tolisasula baganzi bo mpeera.
৪১এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।
42 N’oluvannyuma obusungu bwange bulikendeera, n’obuggya bwange bulikuvaako, era ndiba mukkakkamu, nga sirina busungu.
৪২তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।
43 “‘Kubanga tojjukira biseera eby’obuvubuka bwo, n’onnyiiza n’ebintu ebyo byonna; kyendiva nkuleetako omusango olw’ebikolwa byo, bw’ayogera Mukama Katonda. Ku bukaba obwo bwonna si kwe wayongera ebikolwa ebyo byonna eby’ekivve?
৪৩তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা! প্ৰভু যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম” - আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।
44 “‘Buli agera engero anaakugereranga olugero luno nga boogera nti, “Nnyina ne muwala we batyo.”
৪৪চোৱা! যোজনা দিয়া প্ৰতিজনে, ‘মাক যেনে জীয়েক তেনে’, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব।
45 Oli muwala wa nnyoko ddala, eyanyooma bba n’abaana be, era oli mwannyina ddala owa baganda bo abanyooma ba bbaabwe n’abaana baabwe. Nnyoko yali Mukiiti, kitaawo nga Mwamoli.
৪৫নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ মাতৃৰ জীয়েক তুমি; নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ ভায়েৰা-ভনীয়েৰাৰ তুমি ভনীয়েক; তোমালোকৰ মাতৃ হিত্তীয়া আৰু তোমালোকৰ পিতৃ ইমোৰীয়া আছিল।
46 Mukulu wo yali Samaliya eyabeeranga ne bawala be ku luuyi lwo olw’Obukiikakkono, ne muto wo ne bawala be nga babeera ku luuyi lwo olw’Obukiikaddyo, era nga ye Sodomu.
৪৬তোমাৰ বায়েৰা নিজ জীয়েকসকলেৰে সৈতে তোমাৰ বাওঁহাতে বাস কৰা চমৰিয়া আৰু তোমাৰ সোঁহাতে বাস কৰা তোমাৰ ভনীয়েৰা জীয়েকসকলৰ সৈতে থকা চদোম।
47 Tewakoma ku kugoberera ngeri zaabwe kyokka, n’okukoppa ebikolwa byabwe eby’ekivve, naye waayitawo ebbanga ttono engeri zo zonna ne zisukka ku zaabwe obubi.
৪৭তথাপি তুমি তেওঁলোকৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা তেওঁলোকৰ ঘিণলগীয়া কাৰ্য অনুসাৰে যে কাৰ্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা থ’লো।
48 Nga bwe ndi omulamu, bw’ayogera Mukama Katonda, muganda wo Sodomu ne bawala be tebaatuuka ku ssa, ggwe ne bawala bo kwe mwatuuka.
৪৮প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তুমি আৰু তোমাৰ জীসকলে কৰা দৰে তোমাৰ ভনী চদোমে আৰু তাইৰ জীসকলে কৰা নাই।
49 “‘Guno gwe musango muganda wo Sodomu gwe yazza: ye ne bawala be baali baamalala, nga baamululu abatafaayo, wadde okuyamba abaavu abaali mu bwetaavu.
৪৯চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিল: যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল।
50 Baali baamalala, era baakola ebikolwa eby’ekivve mu maaso gange, kyennava mbaggyawo nga bwe nasiima.
৫০তেওঁলোক গৰ্ব্বী আছিল আৰু মোৰ আগত ঘিণলগীয়া কাৰ্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ।
51 So ne Samaliya teyatuuka awo; wakola ebikolwa eby’ekivve okusinga ne bwe baakola, era n’oleetera baganda bo okulabika ng’abatuukirivu mu ebyo byonna by’okola.
৫১চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি তেওঁলোকতকৈ তোমাৰ ঘিণলগীয়া কাৰ্য অধিক বৃদ্ধি কৰিলা আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পাতিলা।
52 Kaakano naawe k’ojjule ensonyi, kubanga owolereza baganda bo, ate n’ebibi bye wakola biswaza okusinga ebyabwe, kyebaliva balabika nga batuukirivu okukusinga. Kyonoova oswala, ne weetikka obuswavu bwo, kubanga oleetedde baganda bo okulabika ng’abatuukirivu.
৫২বিশেষকৈ তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ বাবে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি তেওঁলোকতকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই তেওঁলোক তোমাতকৈ অধিক ধাৰ্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পতাত নিজেও বিবৰ্ণ হোৱা আৰু নিজ অপমান ভোগ কৰা।
53 “‘Wabula ndizzaawo obugagga bwa Sodomu ne bawala be, n’obwa Samaliya ne bawala be, ate ne nzizaawo n’obubwo,
৫৩আৰু তেওঁলোকলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ কাৰণে,
54 olyoke weetikke obuswavu bwo, oswale mu maaso gaabwe olw’ebyo byonna bye wakola ng’obawooyawooya.
৫৪মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম।
55 Baganda bo, Sodomu wamu ne bawala be, ne Samaliya wamu ne bawala be baliddayo nga bwe baali edda, ate naawe oliddayo n’obeera nga bwe wali edda.
৫৫আৰু জীসকলে সৈতে চদোম আৰু জীসকলে সৈতে চমৰিয়া, তোমাৰ এই দুজনী বায়েৰা-ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব; তুমি আৰু তোমাৰ জীসকলে, তোমালোকৰ আগৰ অৱস্থালৈ উলটিব।
56 Lwaki muganda wo Sodomu teyayogerwako ku lunaku olw’amalala go,
৫৬তোমাৰ গৰ্ব্বৰ দিনা তোমাৰ মুখত তোমাৰ ভনীয়েৰা চদোমৰ নাম নোলাল।
57 okwonoona kwo nga tekunnabikkulwa? Kaakano ofuuse kyakusekererwa eri abawala ab’e Busuuli ne baliraanwa be bonna, n’eri abawala aba Bufirisuuti, abo bonna abakwetoolodde abakunyooma.
৫৭অৰামৰ জীয়াৰীসকলে তোমাক অপমান কৰাত আৰু তোমাৰ চাৰিওফালৰ আটাইবোৰে অৰ্থাৎ তোমাৰ চাৰিওফালে তোমাক তুচ্ছ জ্ঞান কৰোঁতা পলেষ্টীয়াসকলৰ জীয়াৰীসকলে তোমাক অপমান কৰাত যেনেকৈ তোমাৰ দুষ্টতা বৰ্ত্তমানে প্ৰকাশ পাইছে, তেনেকৈ সেই দিনা তোমাৰ দুষ্টতা প্ৰকাশ পোৱা নাছিল।
58 Olibonerezebwa olw’obukaba bwo n’ebikolwa byo eby’ekivve, bw’ayogera Mukama Katonda.
৫৮যিহোৱাই কৈছে, “তুমি নিজ ব্যভিচাৰৰ আৰু ঘিণলগীয়া কাৰ্যৰ ফল ভোগ কৰিছা।”
59 “‘Bw’ati bw’ayogera Mukama Katonda nti, Ndikukola nga bwe kikusaanira, kubanga wanyooma ekirayiro kyange, bwe wamenya endagaano.
৫৯কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা দৰেই মই তোমালৈ কাৰ্য কৰিছোঁ।
60 Naye ndijjukira endagaano gye nakola naawe mu biseera eby’obuvubuka bwo, era ndissaawo endagaano ey’emirembe n’emirembe.
৬০তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম।
61 Olwo olijjukira engeri zo, n’oswala bw’olitwala baganda bo abakusinga obukulu ne bato bo, ne mbankuwa babeere bawala bo, naye si lwa ndagaano yange naawe.
৬১আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই তেওঁলোকক জীস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।
62 Ndinyweza endagaano yange naawe, era olimanya nga nze Mukama Katonda,
৬২আৰু প্ৰভু যিহোৱাই কৈছে! তুমি কৰা সকলো কাৰ্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম’।”
63 n’oluvannyuma olw’okutangiririrwa, olijjukira ne wejjusa n’otaddayo kwasamya nate kamwa ko, bw’ayogera Mukama Katonda.’”
৬৩তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”

< Ezeekyeri 16 >