< Ekyamateeka Olwokubiri 26 >
1 Awo olulituuka bw’omalanga okuyingira mu nsi, Mukama Katonda wo gy’akuwa okubeera obusika bwo obw’enkalakkalira, ng’omaze okugyefunira era ng’otebenkedde bulungi,
১আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব,
2 oddiranga ebimu ku bibala ebibereberye by’oliggya mu makungula agalisooka okuva mu ttaka ery’oku nsi Mukama Katonda wo gy’akuwa, n’obiteeka mu kibbo. Kale nno obireetanga mu kifo Mukama Katonda wo kye yeerondera okubeerangamu Erinnya lye.
২তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
3 Ogambanga kabona alibeera mu kisanja mu kiseera ekyo nti, “Njatula leero eri Mukama Katonda wo nti ntuuse mu nsi Mukama gye yalayirira bajjajjaffe okugituwa.”
৩তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
4 Kabona aliggya ekibbo mu mikono gyo n’akitereeza mu maaso g’ekyoto kya Mukama Katonda wo.
৪তাতে পুৰোহিত জনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।
5 Kale nno oliyatula mu maaso ga Mukama Katonda wo nti, “Jjajjaffe yali mutambuze Omusuuli, n’aserengeta mu Misiri n’abantu be yali nabo abatono, ne babeera eyo, ne bafuukamu eggwanga ekkulu ery’amaanyi era nga lirimu abantu bangi nnyo.
৫তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
6 Naye Abamisiri ne batuyisa bubi, ne batubonyaabonya, nga batukozesa emirimu emikakanyavu.
৬মিচৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰালে;
7 Bwe tutyo ne tukaabirira Mukama, Katonda wa bajjajjaffe; Katonda n’awulira eddoboozi lyaffe, n’alaba okubonaabona kwaffe, n’okutegana kwaffe, n’okunyigirizibwa kwaffe kwonna.
৭তেতিয়া আমি আমাৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি কৰিলোঁ। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে।
8 Bw’atyo Mukama n’atuggya mu Misiri n’omukono gwe ogw’amaanyi gwe yagolola, n’obuyinza bwe obw’entiisa, n’obubonero, n’ebyamagero eby’ekitalo.
৮যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
9 Yatuleeta mu kifo kino n’atuwa ensi eno, ensi omukulukutira amata n’omubisi gw’enjuki.
৯তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে।
10 Bwe ntyo ndeese gy’oli ebibala ebibereberye ebiva mu ttaka ery’omu nsi gy’ompadde, Ayi Mukama.” Olibiteeka mu maaso ga Mukama Katonda wo n’ovuunama mu maaso ge.
১০সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
11 Kale nno, ggwe awamu n’Abaleevi, ne bannamawanga abanaabeeranga mu mmwe, onoojaguzanga ng’osanyukira ebirungi byonna, Mukama Katonda wo by’anaabanga akuwadde ggwe n’amaka go gonna.
১১আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।
12 Mu mwaka ogwokusatu bw’onoomalanga okuggyako ku makungula go ekitundu eky’ekkumi n’okissa wabbali, kubanga ogwo gwe mwaka ogw’ekitundu eky’ekkumi, onoddiranga ekitundu ekyo n’okiwa Abaleevi, ne bannamawanga, ne bamulekwa, ne bannamwandu, ne baliiranga mu bibuga byo ne bakkuta.
১২প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
13 Awo onooyogeranga mu maaso ga Mukama Katonda wo nti, “Ekitundu ekimu eky’ekkumi ekyatukuzibwa nkiggyayo mu maka gange ne nkigabira Abaleevi, ne bannamawanga, ne bamulekwa, ne bannamwandu, nga byonna bye wandagira bwe biri. Sikyamyeko kuva ku biragiro byo newaakubadde okwerabira n’ekimu ku byo.
১৩তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই।
14 Ekitundu ekyo sikiriddeeko nga ndi mu biseera eby’okukungubaga, wadde okukikwatako nga siri mulongoofu, era sikitoddeeko ne mpaayo eri abafu. Ŋŋondedde Mukama Katonda wange, ne nkola nga bwe yandagira.
১৪মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত মই পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ।
15 Otutunuulire ng’osinziira mu kifo kyo ekitukuvu gy’obeera mu ggulu, otuyiweko omukisa gwo ffe abantu bo Abayisirayiri n’ensi gy’otuwadde nga bwe walayirira bajjajjaffe, nga y’ensi omukulukuta amata n’omubisi gw’enjuki.”
১৫হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা’।”
16 Mukama Katonda wo akulagira leero okugonderanga amateeka ago gonna n’ebiragiro ebyo; noolwekyo obigonderanga byonna n’omutima gwo gwonna n’emmeeme yo yonna.
১৬আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
17 Ku lunaku lwa leero oyatudde nga Mukama bw’ali Katonda wo, era nga naawe bw’onootambuliranga mu makubo ge, era ng’onookuumanga ebiragiro bye n’amateeka ge gonna, era ng’onoomugonderanga.
১৭আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
18 Ku lunaku lwa leero Mukama alangiridde nga bw’oli owuwe, eggwanga lye ku bubwe ery’omuwendo omungi nga bwe yasuubiza, era nga ojjanga kukwatanga ebiragiro bye byonna.
১৮যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
19 Alangiridde nga bw’anaakujjuzanga ettendo n’okwatiikirira n’ekitiibwa okusukkirira amawanga gonna ge yatonda, era ng’olibeera eggwanga ettukuvu eri Mukama Katonda wo, nga bwe yasuubiza.
১৯যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।