< प्रेरितों के काम 14 >
1 इकुनियुम म असो भयो कि हि यहूदियों को आराधनालय म संग संग गयो, अऊर यो तरह बाते करी कि यहूदियों अऊर गैरयहूदियों दोयी म सी बहुत सो न विश्वास करयो।
১পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে।
2 पर विश्वास नहीं करन वालो यहूदियों न गैरयहूदियों को मन भाऊ को विरोध म उकसायी अऊर कड़वाहट पैदा कर दी।
২কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।
3 हि बहुत दिन तक उत रह्यो, अऊर प्रभु को भरोसा पर हिम्मत सी बाते करत होतो; अऊर ऊ उन्को हाथों सी चिन्ह अऊर चमत्कार को काम करवाय क अपनो अनुग्रह को वचन पर गवाही देत होतो।
৩সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।
4 पर नगर को लोगों म फूट पड़ गयी होती, येको सी कितनो त यहूदियों को तरफ अऊर कितनो प्रेरितों को तरफ भय गयो।
৪তাতে নগৰৰ লোক সকলৰ মাজত দুটা দল হ’ল; এটা দলে ইহুদী সকলৰ আৰু আনটো দলে পাঁচনি সকলৰ পক্ষ ললে।
5 पर जब गैरयहूदियों अऊर यहूदी उन्को अपमान अऊर उन पर पथराव करन लायी अपनो मुखिया समेत उन पर दौड़्यो,
৫পাছত অনা-ইহুদী আৰু ইহুদী সকলে নিজৰ অধিকাৰী সকলৰ সৈতে লগ হৈ পৌল আৰু বার্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ ষড়যন্ত্র কৰিলে।
6 त हि या बात ख जान गयो, अऊर लुकाउनिया को लुस्रा अऊर दिरबे नगरो म, अऊर आस पास को प्रदेशों म भाग गयो
৬কিন্তু পৌল আৰু বার্ণব্বাই এই বিষয়ে জানিবলৈ পোৱাত লুকায়নিয়া দেশৰ লুস্ত্ৰা ও দর্বী নগৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চললৈ পলাই গ’ল।
7 अऊर उत सुसमाचार सुनावन लग्यो।
৭তেওঁলোকে সেই ঠাইবোৰতো শুভবার্তা প্রচাৰ কৰিলে।
8 लुस्रा म एक आदमी बैठ्यो होतो, जो पाय सी कमजोर होतो। ऊ जनम सीच लंगड़ा होतो अऊर कभी नहीं चल्यो होतो।
৮লুস্ত্ৰা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকঢ়া ওপজাৰে পৰা খোৰা লোক এজন বহি আছিল আৰু
9 ऊ पौलुस ख बाते करत सुन रह्यो होतो। पौलुस न ओको तरफ टकटकी लगाय क देख्यो कि ओख अच्छो होय जान को विश्वास हय,
৯তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোক জনৰ সুস্থ হবৰ বাবে বিশ্বাস আছে।
10 अऊर ऊचो आवाज सी कह्यो, “अपनो पाय को बल सीधो खड़ो हो।” तब ऊ उछल क चलन फिरन लग्यो।
১০পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।” তাতে মানুহ জন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে।
11 लोगों न पौलुस को यो काम देख क लुकाउनिया की भाषा म ऊचो आवाज सी कह्यो, “भगवान आदमियों को रूप म होय क हमरो जवर उतर आयो हंय।”
১১পৌলে কৰা এই কার্য যেতিয়া লোক সকলে দেখা পালে, তেওঁলোকে লুকায়নিয়া ভাষাত উচ্চস্বৰে কবলৈ ধৰিলে, “মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীর্ণ হৈছে।”
12 उन्न बरनबास ख ज्यूस देवता, अऊर पौलुस ख हिरमेस देवता कह्यो कहालीकि ऊ बाते करन म मुख्य होतो।
১২তেওঁলোকে বার্ণব্বাক “জীউছ” আৰু পৌল যিহেতু প্রধান বক্তা আছিল, সেয়েহে তেওঁক “হেৰমেনাচ” বুলি কবলৈ ধৰিলে।
13 ज्यूस को ऊ मन्दिर को पुजारी जो उन्को नगर को आगु होतो, बईल अऊर फूलो की माला द्वारों पर लाय क लोगों को संग बलिदान करनो चाहत होतो।
১৩নগৰৰ ঠিক বাহিৰতে জীউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে।
14 पर बरनबास अऊर पौलुस प्रेरितों न जब यो सुन्यो, त अपनो कपड़ा फाड़्यो अऊर भीड़ को बीच भगतो हुयो, अऊर बुलाय क कहन लग्यो,
১৪কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে,
15 “हे लोगों, तुम का करय हय? हम भी त तुम्हरो जसो दु: ख–सुख भोग्यो आदमी आय, अऊर तुम्ख सुसमाचार सुनाजे हंय कि तुम इन बेकार चिजों सी अलग होय क जीन्दो परमेश्वर को तरफ फिरो, जेन स्वर्ग अऊर धरती अऊर समुन्दर अऊर जो कुछ उन्म हय बनायो।
১৫“ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
16 ओन बितयो समय म सब जातियों ख अपनो–अपनो रस्ता म चलन दियो।
১৬অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছানুসাৰে চলিবলৈ দিছিল।
17 तब भी ओन अपनो आप ख गवाह रहित नहीं छोड़्यो; पर भी ऊ भलायी करत रह्यो, अऊर आसमान सी बरसात अऊर फलवन्त मौसम दे क तुम्हरो मन ख जेवन अऊर खुशी सी भरत रह्यो।”
১৭কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।”
18 यो कह्य क भी उन्न लोगों ख बड़ी कठिनायी सी रोक्यो कि उन्को लायी बलिदान नहीं करे।
১৮এইবোৰ কথা কৈ পৌল আৰু বার্ণব্বাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসর্গ কৰাৰ পৰা লোক সকলক কোনো মতেহে বাধা দি ৰাখিলে।
19 पर कुछ यहूदियों न अन्ताकिया अऊर इकुनियुम सी आय क लोगों ख अपनो तरफ कर लियो, अऊर पौलुस पर पथराव करयो, अऊर मरयो समझ क ओख नगर को बाहेर खीचत ले गयो,
১৯ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
20 पर जब चेला ओको चारयी तरफ आय खड़ो भयो, त ऊ उठ क नगर म गयो अऊर दूसरों दिन बरनबास को संग दिरबे ख चली गयो।
২০কিন্তু শিষ্য সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বী নগৰলৈ গ’ল।
21 हि ऊ नगर को लोगों ख सुसमाचार सुनाय क, अऊर बहुत सो चेला बनाय क, लुस्रा अऊर इकुनियुम अऊर अन्ताकिया ख लौट आयो,
২১সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
22 अऊर चेलां को मन ख स्थिर करतो रह्यो अऊर या शिक्षा देत होतो कि विश्वास म बन्यो रहो; अऊर यो कहत होतो, “हम्ख बड़ी कठिनायी उठाय क परमेश्वर को राज्य म सिरनो पड़ेंन।”
২২তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
23 अऊर उन्न हर एक मण्डली म उन्को लायी बुजूर्ग ठहरायो, अऊर उपवास को संग प्रार्थना कर क् उन्ख प्रभु को हाथ सौंप्यो जेको पर उन्न विश्वास करयो होतो।
২৩পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
24 तब पिसिदिया सी होतो हुयो हि पंफूलिया पहुंच्यो;
২৪ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
25 तब पिरगा म वचन सुनाय क इटली म आयो,
২৫তেওঁলোকে পৰ্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
26 अऊर उत सी हि जहाज पर अन्ताकिया गयो, जित हि ऊ काम लायी जो उन्न पूरो करयो होतो परमेश्वर को अनुग्रह म सौंप्यो गयो होतो।
২৬তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
27 उत पहुंच क उन्न मण्डली जमा करी अऊर बतायो कि परमेश्वर न उन्को संग रह्य क कसो बड़ो–बड़ो काम करयो, अऊर गैरयहूदियों लायी विश्वास को द्वार खोल दियो।
২৭আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
28 अऊर हि चेलां को संग बहुत दिन तक रह्यो।
২৮তাৰ পাছত পৌল আৰু বার্ণব্বা শিষ্য সকলৰ সৈতে সেই ঠাইত ভালেমান দিনলৈ থাকিল।